সোণম ৱাংচুক মনত আছেনে?
‘থ্ৰী ইডিয়টছ’ৰ আমিৰ খানক মনত আছেনে? ‘থ্ৰী ইডিয়টছ’ নামৰ জনপ্ৰিয় চিনেমাখনত আমিৰ খানে অভিনয় কৰা চৰিত্ৰটোৰ নাম আছি ফুংছুক ৱাংড়ু।
এই ফুংছুক ৱাংডু কোনো কাল্পনিক ব্যক্তি নহয়। সোণম ৱাংচু নামৰ জীৱন্ত বিজ্ঞানীগৰাকীৰ বাস্তৱ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছিল আমেৰিকাৰ থ্ৰী ইডিয়টছ নামৰ ছবিখন।
বিভিন্ন সময়ত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো দেখা পোৱা যায় বা চৰ্চাত থাকে এই সোণম ৱাংচু। কিন্তু এইবাৰ আকৌ চৰ্চালৈ আহিছে সোণম ৱাংচু। কাৰণ যোৱা তিনিদিন ধৰি এই ব্যতিক্ৰমী বিজ্ঞানীগৰাকীয়ে আমৰণ অনশন আৰম্ভ কৰিছে। তেওঁ এই সিদ্ধান্ত লৈছে লাডাখৰ প্ৰকৃতিক ধ্বংসৰ পৰা বচাবলৈ।
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে ৱাংচুৱে সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ৱাংচুৱে লাডাখৰ প্ৰকৃতিক ধ্বংসৰ পৰা ৰক্ষা কৰাৰ দাবীত যোৱা বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰিছে অনশন। শুকুৰবাৰে নিশা এটা টুইটাৰ পোষ্টত ৱাংচুকে দাবী কৰে যে তেওঁক গৃহবন্দী কৰা হৈছে যদিও অনশন এতিয়াও অব্যাহত আছে।
প্ৰথম অৱস্থাত ৱাংচুকে খাৰডুংলাত অনশন কৰাৰ কথা আছিল। তাত উষ্ণতা মাইনাছ ৪০ ডিগ্ৰী। ৱাংচুৱে কয় যে খাৰডুংলালৈ যোৱা পথটো বৰফেৰে আবৃত হোৱাৰ বাবে লাডাখৰ হিমালয়ান ইনষ্টিটিউট অৱ অলটাৰনেটিভছত অনশন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখ্য যে ২৩ জানুৱাৰীত ৱাংচুৱে এটি ভিডিঅ’যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লাডাখৰ জনসাধাৰণৰ বাবে সহায় বিচাৰি আবেদন জনায়।
তেওঁ কয় যে লাডাখত বৃহৎ সংখ্যক উদ্যোগ নিৰ্মাণৰ কাম চলি আছে। যাৰ ফলত লাডাখৰ বাসিন্দাসকল তীব্ৰ জল সংকটৰ সন্মুখীন হ’ব। খনন আৰু অন্যান্য কাম-কাজৰ বাবে লাডাখ অঞ্চলৰ হিমবাহ গলিব পাৰে বুলিও আশংকা প্ৰকাশ কৰে ৱাংচুকে।
সেয়েহে লাডাখৰ এই বৃ্হৎ উদ্যোগ নিৰ্মাণ ৰোধ কৰি লাডাখৰ প্ৰাকৃতিক পৰিৱেশক ৰক্ষা কৰাৰ দাবীত এতিয়া আমৰণ অনশনত নামিছে সোণম ৱাংছু।