আমাৰ ভাষাৰ সৰহভাগ শব্দ সংস্কৃত ভাষাৰ পৰা আহিছে ৷ সেই শব্দবোৰৰ শুদ্ধ বানান জানিবলৈ হ’লে আমি সংস্কৃত ভাষাৰ বানানৰ কিছুমান নিয়ম জনা দৰকাৰ ৷ সংস্কৃত ভাষাৰ বানানত মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ ব্যৱহাৰৰো কেতবোৰ নিয়ম আছে ৷ এই নিয়মবোৰ অসমীয়া ভাষাৰ বানানতো প্ৰয়োগ কৰা হয় ৷
দন্ত্য ন কেতিয়া আৰু কেনেকৈ মূর্ধন্য ণ হয় তাক জানিবৰ বাবে কিছুমান নিয়ম আছে। সেই নিয়মবোৰক ব্যাকৰণত ণত্ববিধি বোলে। এই বিধি বা নিয়মবোৰ হ’ল –
নিয়ম ১: মূর্ধনা ট-বর্গৰ বৰ্ণৰ লগত সদায় মূর্ধন্য ণ যোগ হয়। যেনে কণ্টক, ঘণ্টা, কণ্ঠ, কুণ্ঠিত, লুণ্ঠন, দণ্ড, খণ্ড, পণ্ডিত, গুণ্ডা, সণ্ঢালনি ইত্যাদি।
নিয়ম ২ : ঋ, ৰ বা ষ-ৰ লগতে লগা বা সংযুক্ত হোৱা ণ-বোৰ সদায় মূর্ধন্য ণ হয়। যেনে : স্বর্ণ, তৃণ, মৃণাল, পূর্ণিমা, অসবর্ণ, বর্ণ, বর্ণনা, বর্ণিল, বিষ্ণু, বৈষ্ণৱ ইত্যাদি।
নিয়ম ৩ : ঋ, ৰ আৰু ষ-ৰ পিচত স্বৰবৰ্ণ, প-বর্গৰ বৰ্ণ আৰু হ, য় বা ৱ-বর্ণ অকলে বা দ্বিত হৈ মাজত থাকিলেও ইহঁতৰ পিছত মূর্ধন্য ণ- হে বহিব পাৰে। যেনে : বিৱৰণ, অগ্রণী, কৰুণা, প্রাণী, শ্রেণী, শ্ৰোণী, প্রণয়, প্রণাম, বিভীষণ, ভীষণ, বিশ্লেষণ, বিশেষণ, গৱেষণা, কৃপণালি, সমর্পণ, ৰমণী, নির্মাণ, শৃৰ্পণখা, উত্তৰায়ণ, পৰায়ণ, ৰামায়ণ, নাৰায়ণ, চান্দ্রায়ণ, গ্রহণ, ব্রাহ্মণ, প্রাহ্ণ, পৰাহ্ণ, অপৰাহ্ণ, ৰোহিণী, আক্ষৌহিণী, শ্রৱণ, আশ্রাৱণ, ৰাৱণ ইত্যাদি।
নিয়ম ৪ : কিছুমান শব্দত স্বাভাৱিকতে (অর্থাৎ আগত ঋ, ৰ বা ষ নাথাকিলেও বা মূর্ধন্য ট-বৰ্গৰ লগত যুক্ত নহ’লেও) সদায় মূর্ধন্য ণ হয়। যেনে : স্থাণু, বণিক, কঙ্কণ, নিপুণ, কল্যাণ, পণ, গুণ, লৱণ, শোণিত, পুণ্য, বাণী, বেণী, বাণ, বীণা, বেণু, কোণ, চিকুণ, পাণি ইত্যাদি।
পৰিবেশ ভেদে, অর্থাৎ ঠাই লৈ একেটা ধাতুৰে বা একেটা শব্দৰে দন্ত্য স মূর্ধন্য ষ-লৈ ৰূপান্তৰ হোৱাৰ নিয়মক ব্যাকৰণত ষত্ব-বিধি বুলি কোৱা হয়। ষত্ব-বিধিও দৰাচলতে সংস্কৃত ভাষাৰ ব্যাকৰণৰ নিয়ম বা বিধি ৷
নিয়ম ১ : অ বা আ-ৰ বাহিৰে অন্য স্বৰান্ত উপসৰ্গ নাইবা তেনে শব্দৰ পিছৰ দন্ত্য স-টো মূর্ধন্য ষ হয়। যেনে : প্রতিষ্ঠান, অনুষ্ঠান, অধিষ্ঠান, প্রতিষ্ঠা, গোষ্ঠ, ভূমিষ্ঠ, অঙ্গুষ্ঠ, যুধিষ্ঠিৰ, বিষণ্ণ, সুষম, আনুষঙ্গিক, সুষেণ ইত্যাদি।
নিয়ম ২ : ঋ-ৰ পিচত দন্ত্য স পোৱা নাযায়, মূর্ধন্য ষ-হে পোৱা যায়। যেনে : ঋষি, ঋষভ, বৃষভ, বৃষ, কৃষি, কৃষক, তৃষ্ণা, তৃষ্ণাতুৰ ইত্যাদি।
নিয়ম ৩ : ক বা ৰ-ৰ পিছত মূর্ধন্য ষ হয়। যেনে : দক্ষ, মোক্ষ, ভিক্ষা, শিক্ষা, শিক্ষক, শিক্ষয়িত্রী, মুমূর্ষু, হর্ষ, বর্ষা, কর্ষণ ইত্যাদি।
নিয়ম ৪ : মূর্ধন্য ট বা ঠ-ৰ লগত কেৱল মূর্ধন্য ষ-হে যোগ হ’ব পাৰে। যেনে : কষ্ট, দুষ্ট, অষ্টম, নষ্ট, মিষ্টান্ন, ধনুষ্টংকাৰ, ষষ্ঠ, ষষ্ঠী, বিষ্ঠা ইত্যাদি।
নিয়ম ৫ : কিছুমান শব্দত স্বাভাৱিকতে মূর্ধন্য ষ পোৱা যায়। যেনে : আষাৰ, ভাষা, ৰোষ, মহিষ, প্রত্যুষ, পাষাণ, দোষ ইত্যাদি | ¤
মূৰ্ধন্য ‘ণ’ বা মূৰ্ধন্য ‘ষ’ হোৱাৰ কাৰণ :
১| অৰণ্য (অ+ৰ্+অ+ণ্+য়্+অ) : একেটা পদতে ৰ-ৰ পিছত (স্বৰবৰ্ণ ‘অ’-ৰ ব্যৱধান) থকা বাবে তাৰ পিছত মূৰ্ধন্য ‘ণ’ বহিছে |
২| অৰ্পণ (অ+ৰ্+প্+অ+ণ) : একেটা পদতে ৰ-ৰ পিছত প-বৰ্গৰ বৰ্ণ (আৰু স্বৰবৰ্ণ ‘অ’)-ৰ ব্যৱধান থকা বাবে তাৰ পিছত মূৰ্ধন্য ‘ণ’
বহিছে |
৩| কণ্ঠ (ক্+অ+ণ্+ঠ্+অ) : মূৰ্ধন্য ট-বৰ্গৰ বৰ্ণৰ লগত যুক্ত হোৱা বাবে মূৰ্ধন্য ‘ণ’ বহিছে |
৪| ওৰণি (ও+ৰ্+অ+ণ্+ই) : ৰ-ৰ পিছত (স্বৰবৰ্ণ ‘অ’-ৰ ব্যৱধান) থকা বাবে তাৰ পিছত মূৰ্ধন্য ‘ণ’ বহিছে |
৫| পোৰণি (প্+ও+ৰ্+অ+ণ্+ই) : একেটা পদতে ৰ-ৰ পিছত (স্বৰবৰ্ণ ‘অ’-ৰ ব্যৱধান) থকা বাবে তাৰ পিছত মূৰ্ধন্য ‘ণ’ বহিছে |
৬| আড়ম্বৰপূৰ্ণ (আ+ড়্+অ+ম্+ব্+অ+ৰ্+প্+ঊ+ৰ্+ণ্+অ) : ৰ-ৰ ঠিক পিছতে থকা (বা ৰেফযুক্ত হোৱা) বাবে মূৰ্ধন্য ‘ণ’ বহিছে |
৭| প্ৰমাণ (প্+ৰ্+অ+ম্+আ+ণ) : একেটা পদতে ‘ৰ’ৰ পাছত স্বৰবৰ্ণ আৰু প-বৰ্গৰ বৰ্ণৰ ব্যৱধান থকা বাবে তাৰ পাছত মূৰ্ধন্য ‘ণ’ হৈছে |
৮| হৰ্ষ (হ্ + অ + ৰ্ + ষ্ + অ) : ৰ্-ৰ ঠিক পিছতে থকা (বা ৰেফযুক্ত হোৱা) বাবে মূৰ্ধন্য ‘ষ’ বহিছে |
৯| ভূমিষ্ঠ (ভূমি + √স্থা + অ) : ই-কাৰান্ত শব্দ ভূমিৰ পিছত যোগ হোৱা বাবে ‘স্থা’ ধাতুৰ দন্ত্য ‘স’ মূৰ্ধন্য ‘ষ’ হৈছে |
১০| কৃষি (ক্ + ঋ + ষ্ + ই) : একেটা পদতে ঋ-ৰ ঠিক পিছতে থকা বাবে মূৰ্ধন্য ‘ষ’ বহিছে |
১১| বিষাদ (বি + √সদ্ + অ) : ই-কাৰান্ত উপসৰ্গ (বি)-ৰ পিছত যোগ হোৱা বাবে ‘সদ্’ ধাতুৰ দন্ত্য ‘স’ মূৰ্ধন্য ‘ষ’ হৈছে |
১২| তৃণ (ত+ঋ+ণ) : একেটা পদতে ঋ-ৰ ঠিক পিছতে বহা বাবে মূৰ্ধন্য ‘ণ’ হৈছে |
১৩| গ্ৰহণ (গ্+ৰ্+অ+হ্+অ+ণ) : একেটা পদতে ৰ-ৰ পিছত স্বৰবৰ্ণ আৰু হ বৰ্ণৰ ব্যৱধান থকা বাবে তাৰ পিছত মূৰ্ধন্য ‘ণ’ বহিছে |
১৪| বিষয় (বি+√সি+অ) : ই-কাৰান্ত উপসৰ্গ বি-ৰ পিছত যোগ হোৱা বাবে ‘√সি’ ধাতুৰ দন্ত্য ‘স’ মূৰ্ধন্য ‘ষ’ হৈছে |
১৫| পোষণ (প্+ও+ষ্+অ+ণ) : স্বাভাৱিকতে মূৰ্ধন্য ‘ষ’ হৈছে |
১৬| বাণী (ব্+আ+ণ্+ঈ) : স্বাভাৱিকতে মূর্ধন্য ণ হৈছে ।
১৭| অৰিহণা (অ+ৰ্+ই+হ্+অ+ণ্+আ) : একেটা পদতে ৰ আৰু ‘ণ’-ৰ মাজত স্বৰবৰ্ণ আৰু হ বৰ্ণৰ ব্যৱধান আছে বাবে মূর্ধন্য ণ হৈছে ।
১৮| বণিজ (ব্+অ+ণ্+ই+জ) : স্বাভাৱিকতে মূর্ধন্য ণ হৈছে ।
১৯| লণ্ঠন (ল্+অ+ণ্+ঠ্+অ+ন) : মূর্ধন্য ট-বৰ্গৰ বৰ্ণৰ লগত যুক্ত হৈছে বাবে মূর্ধন্য ণ হৈছে।
২০| ধৰণী (ধ্+অ+ৰ্+অ+ণ+ঈ) :
একেটা পদতে ৰ-ৰ পিছত (স্বৰবৰ্ণ ‘অ’-ৰ ব্যৱধান) থকা বাবে তাৰ পিছত মূৰ্ধন্য ‘ণ’ বহিছে |
২১| অৰুণ (অ+ৰ্+উ+ণ) : একেটা পদতে ৰ্-ৰ পাছত স্বৰবৰ্ণ (উ)-ৰ ব্যৱধান আছে বাবে মূর্ধন্য ণ হৈছে ।
২২| কাণ (ক্+আ+ণ) :স্বাভাৱিকতে মূর্ধন্য ণ হৈছে ।
২৩| বর্ণনা (ব্+অ+ৰ্+ণ্+অ+ন্+আ) : একেটা পদতে ৰ-ৰ পিছতে বহিছে (ৰেফযুক্ত হোৱা) বাবে মূর্ধন্য ণ হৈছে।
২৪| চণ্ডাল (চ্+অ+ণ্+ড্+আ+ল) : মূর্ধন্য ট-বৰ্গৰ বৰ্ণৰ লগত যুক্ত হোৱা বাবে মূর্ধন্য ণ হৈছে
২৫| সম্পূর্ণ (স্+অ+ম্+প্+ঊ+ৰ্+ণ্+অ) : একেটা পদতে ৰ-ৰ ঠিক পিছতে বহিছে (ৰেফযুক্ত হোৱা) বাবে মূর্ধন্য ণ হৈছে
২৬| হর্ষ (হ্ + অ + + ষ্ + অ) : ৰ-ৰ ঠিক পিছতে থকা (ৰেফযুক্ত হোৱা) বাবে মূর্ধন্য ‘ষ’ বহিছে ।