• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উত্তৰাখণ্ডৰ পাছত হিমাচলতো বানৰ প্ৰাদুৰ্ভাৱ, জাহ গ’ল দলং! ৪০০ পৰ্যটকক জিপলাইনেৰে উদ্ধাৰ

by
August 7, 2025 10:57 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে প্ৰচণ্ড বৰষুণৰ ফলত উত্তৰকাশীত পাহাৰীয়া নদী ক্ষীৰগংগাই বানপানীৰ ৰূপ ধাৰণ কৰে। ধৰালী নামৰ এখন গাঁও কাৰ্যতঃ হৰপ্পা বানে উটুৱাই লৈ যায়। ওচৰৰ হৰ্শিল আৰ্মী কেম্পৰ পৰা ১১ জন সেনা জোৱান সন্ধানহীন হৈ পৰে। বুধবাৰে হিমাচল প্ৰদেশৰ কিন্নাউৰতো অনুৰূপ প্ৰাকৃতিক দুৰ্যোগ সংঘটিত হয়। মুষলধাৰ বৰষুণৰ ফলত টেংলিং নালাৰ ওপৰত থকা দুখন অস্থায়ী দলং হৰপ্পা বানে উটুৱাই লৈ যায়। আৱদ্ধ হৈ পৰে বহু পৰ্যটক। এই খবৰ পোৱাৰ লগে লগে সেই স্থানত উপস্থিত হয় দুৰ্যোগ সঁহাৰি বাহিনীৰ সদস্য। জিপলাইনেৰে ৪১৩জন পৰ্যটকক উদ্ধাৰ কৰে। সকলোকে তীৰ্থযাত্ৰী বুলি চিনাক্ত কৰা হৈছে।

কিন্নাউৰত খবৰ পোৱাৰ লগে লগে প্ৰশাসনৰ নিৰ্দেশত ভাৰত-তিব্বত সীমান্ত আৰক্ষী বা আইটিবিপি আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে। পৰ্বতাৰোহণৰ দক্ষতাৰ সহায়ত ৪১৩ গৰাকী তীৰ্থযাত্ৰীক উদ্ধাৰ কৰা হয়। ইফালে বুধবাৰে বিধ্বস্ত উত্তৰকাশীৰ ধৰালী গাঁৱৰ পৰা ১৩০ জন পৰ্যটকক উদ্ধাৰ কৰে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে তেওঁলোকক খাদ্য আৰু চিকিৎসা সাহায্য প্ৰদান কৰা হৈছে।

Apply Now

কালিৰ দুৰ্যোগৰ পিছত একাধিক ভিডিঅ’ ফুটেজত ঘৰ, হোমষ্টে, দোকান বানপানীয়ে উটুৱাই লৈ যোৱা দেখা গৈছে। ধৰালীৰ প্ৰায় আধা গাঁও পানীৰ তলত। উদ্ধাৰকাৰীয়ে আশংকা কৰিছে যে এতিয়াও বহু লোক আবদ্ধ হৈ আছে। বহু গুৰুত্বপূৰ্ণ পথ বন্ধ হৈছে। আনকি হেলিকপ্টাৰেও অৱতৰণ কৰিব পৰা নাই। যদিও এই উদ্ধাৰ অভিযান যুদ্ধকালীন অভিযান হিচাপে আৰম্ভ হৈছে, তথাপিও অবিৰত বৰষুণৰ বাবে ইয়াক বাধাৰ সৃষ্টি কৰা হৈছে। ইফালে হৰিদ্বাৰ, নৈনিতাল আৰু উধম সিং নগৰত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। আন অঞ্চলত কমলা ৰঙৰ সতৰ্কতা জাৰি কৰা হৈছে।

অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে ডেৰাডুনৰ বিদ্যালয়-মহাবিদ্যালয়। ইয়াৰ উপৰিও নৈনিতাল, তেহৰী, চামোলী, ৰুদ্ৰপ্ৰয়াগ, আলমোৰা বা বাগেশ্বৰ জিলাসমূহ কাৰ্যতঃ বন্ধ হৈ আছে। সমগ্ৰ উত্তৰাখণ্ডত কমেও ১৬৩টা পথ বন্ধ। ইয়াৰ ভিতৰত আছে পাঁচটা ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৭টা ৰাজ্যিক ঘাইপথ। ৰাজধানী ডেৰাডুনৰ পৰা ১৪০ কিলোমিটাৰ দূৰত্বত থকা দুটা সীমান্ত পথ বন্ধ কৰি দিয়া হৈছে, যাৰ ফলত দুৰ্গম অঞ্চলত উদ্ধাৰ অভিযানত অধিক বাধাৰ সৃষ্টি হৈছে।

এনে পৰিস্থিতিত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে মৃতদেহ বিচাৰিবলৈ বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰ মোতায়েন কৰিছে। উত্তৰাখণ্ডৰ বিভিন্ন প্ৰান্তৰ পৰা ৩৫ জনীয়া তিনিটা উদ্ধাৰকাৰী দল ক্ষতিগ্ৰস্ত অঞ্চললৈ প্ৰেৰণ কৰা হৈছে। শীঘ্ৰে উদ্ধাৰৰ বাবে আৰু দুটা দল প্ৰেৰণ কৰা হ’ব। বিপদৰ চিহ্নৰ ওচৰত ৰুদ্ৰপ্ৰয়াগৰ অলকনন্দ নদীৰ জলপৃষ্ঠ। যাৰ বাবে কেদাৰনাথ তীৰ্থযাত্ৰা সাময়িকভাৱে স্থগিত ৰখা হৈছে। দেৱভূমিৰ উত্তৰকাশীৰ ধৰালী গাঁৱৰ শীতল ভিডিঅ’ দেখি কঁপি উঠিছে নেটিজেনসকল।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd