• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

ৰাজীৱ শৰ্মা by ৰাজীৱ শৰ্মা
February 4, 2023 2:50 pm
555
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ ভাষাৰ সৰহভাগ শব্দ সংস্কৃত ভাষাৰ পৰা আহিছে ৷ সেই শব্দবোৰৰ শুদ্ধ বানান জানিবলৈ হ’লে আমি সংস্কৃত ভাষাৰ বানানৰ কিছুমান নিয়ম জনা দৰকাৰ ৷ সংস্কৃত ভাষাৰ বানানত মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ ব্যৱহাৰৰো কেতবোৰ নিয়ম আছে ৷ এই নিয়মবোৰ অসমীয়া ভাষাৰ বানানতো প্ৰয়োগ কৰা হয় ৷

        দন্ত্য ন কেতিয়া আৰু কেনেকৈ মূর্ধন্য ণ হয় তাক জানিবৰ বাবে কিছুমান নিয়ম আছে। সেই নিয়মবোৰক ব্যাকৰণত ণত্ববিধি বোলে। এই বিধি বা নিয়মবোৰ হ’ল –

নিয়ম ১: মূর্ধনা ট-বর্গৰ বৰ্ণৰ লগত সদায় মূর্ধন্য ণ যোগ হয়। যেনে কণ্টক, ঘণ্টা, কণ্ঠ, কুণ্ঠিত, লুণ্ঠন, দণ্ড, খণ্ড, পণ্ডিত, গুণ্ডা, সণ্ঢালনি ইত্যাদি।

Apply Now

নিয়ম ২ : ঋ, ৰ বা ষ-ৰ লগতে লগা বা সংযুক্ত হোৱা ণ-বোৰ সদায় মূর্ধন্য ণ হয়। যেনে : স্বর্ণ, তৃণ, মৃণাল, পূর্ণিমা, অসবর্ণ, বর্ণ, বর্ণনা, বর্ণিল, বিষ্ণু, বৈষ্ণৱ ইত্যাদি।

নিয়ম ৩ : ঋ, ৰ আৰু ষ-ৰ পিচত স্বৰবৰ্ণ, প-বর্গৰ বৰ্ণ আৰু হ, য় বা ৱ-বর্ণ অকলে বা দ্বিত হৈ মাজত থাকিলেও ইহঁতৰ পিছত মূর্ধন্য ণ- হে বহিব পাৰে। যেনে : বিৱৰণ, অগ্রণী, কৰুণা, প্রাণী, শ্রেণী, শ্ৰোণী, প্রণয়, প্রণাম, বিভীষণ, ভীষণ, বিশ্লেষণ, বিশেষণ, গৱেষণা, কৃপণালি, সমর্পণ, ৰমণী, নির্মাণ, শৃৰ্পণখা, উত্তৰায়ণ, পৰায়ণ, ৰামায়ণ, নাৰায়ণ, চান্দ্রায়ণ, গ্রহণ, ব্রাহ্মণ, প্রাহ্ণ, পৰাহ্ণ, অপৰাহ্ণ, ৰোহিণী, আক্ষৌহিণী, শ্রৱণ, আশ্রাৱণ, ৰাৱণ ইত্যাদি।

নিয়ম ৪ : কিছুমান শব্দত স্বাভাৱিকতে (অর্থাৎ আগত ঋ, ৰ বা ষ নাথাকিলেও বা মূর্ধন্য ট-বৰ্গৰ লগত যুক্ত নহ’লেও) সদায় মূর্ধন্য ণ হয়। যেনে :  স্থাণু, বণিক, কঙ্কণ, নিপুণ, কল্যাণ, পণ, গুণ, লৱণ, শোণিত, পুণ্য, বাণী, বেণী, বাণ, বীণা, বেণু, কোণ, চিকুণ, পাণি ইত্যাদি।

         পৰিবেশ ভেদে, অর্থাৎ ঠাই লৈ একেটা ধাতুৰে বা একেটা শব্দৰে দন্ত্য স মূর্ধন্য ষ-লৈ ৰূপান্তৰ হোৱাৰ নিয়মক ব্যাকৰণত  ষত্ব-বিধি বুলি কোৱা হয়। ষত্ব-বিধিও দৰাচলতে সংস্কৃত ভাষাৰ ব্যাকৰণৰ নিয়ম বা বিধি ৷

নিয়ম ১ : অ বা আ-ৰ বাহিৰে অন্য স্বৰান্ত উপসৰ্গ নাইবা তেনে শব্দৰ পিছৰ দন্ত্য স-টো মূর্ধন্য ষ হয়। যেনে : প্রতিষ্ঠান, অনুষ্ঠান, অধিষ্ঠান, প্রতিষ্ঠা, গোষ্ঠ, ভূমিষ্ঠ, অঙ্গুষ্ঠ, যুধিষ্ঠিৰ, বিষণ্ণ, সুষম, আনুষঙ্গিক, সুষেণ ইত্যাদি।

নিয়ম ২ : ঋ-ৰ পিচত দন্ত্য স পোৱা নাযায়, মূর্ধন্য ষ-হে পোৱা যায়। যেনে : ঋষি, ঋষভ, বৃষভ, বৃষ, কৃষি, কৃষক, তৃষ্ণা, তৃষ্ণাতুৰ ইত্যাদি।

নিয়ম ৩ : ক বা ৰ-ৰ পিছত মূর্ধন্য ষ হয়। যেনে : দক্ষ, মোক্ষ, ভিক্ষা, শিক্ষা, শিক্ষক, শিক্ষয়িত্রী, মুমূর্ষু, হর্ষ, বর্ষা, কর্ষণ ইত্যাদি।

নিয়ম ৪ : মূর্ধন্য ট বা ঠ-ৰ লগত কেৱল মূর্ধন্য ষ-হে যোগ হ’ব পাৰে। যেনে : কষ্ট, দুষ্ট, অষ্টম, নষ্ট, মিষ্টান্ন, ধনুষ্টংকাৰ, ষষ্ঠ, ষষ্ঠী, বিষ্ঠা ইত্যাদি।

নিয়ম ৫ : কিছুমান শব্দত স্বাভাৱিকতে মূর্ধন্য ষ পোৱা যায়। যেনে : আষাৰ, ভাষা, ৰোষ, মহিষ, প্রত্যুষ, পাষাণ, দোষ ইত্যাদি | ¤

মূৰ্ধন্য ‘ণ’ বা মূৰ্ধন্য ‘ষ’ হোৱাৰ কাৰণ :

১| অৰণ্য (অ+ৰ্+অ+ণ্+য়্+অ) : একেটা পদতে ৰ-ৰ পিছত (স্বৰবৰ্ণ ‘অ’-ৰ ব্যৱধান) থকা বাবে তাৰ পিছত মূৰ্ধন্য ‘ণ’ বহিছে |

২| অৰ্পণ (অ+ৰ্+প্+অ+ণ) : একেটা পদতে ৰ-ৰ পিছত প-বৰ্গৰ বৰ্ণ (আৰু স্বৰবৰ্ণ ‘অ’)-ৰ ব্যৱধান থকা বাবে তাৰ পিছত মূৰ্ধন্য ‘ণ’

বহিছে |

৩| কণ্ঠ (ক্+অ+ণ্+ঠ্+অ) : মূৰ্ধন্য ট-বৰ্গৰ বৰ্ণৰ লগত যুক্ত হোৱা বাবে মূৰ্ধন্য ‘ণ’ বহিছে |

৪| ওৰণি (ও+ৰ্+অ+ণ্+ই) : ৰ-ৰ পিছত (স্বৰবৰ্ণ ‘অ’-ৰ ব্যৱধান) থকা বাবে তাৰ পিছত মূৰ্ধন্য ‘ণ’ বহিছে |

৫| পোৰণি (প্+ও+ৰ্+অ+ণ্+ই) : একেটা পদতে ৰ-ৰ পিছত (স্বৰবৰ্ণ ‘অ’-ৰ ব্যৱধান) থকা বাবে তাৰ পিছত মূৰ্ধন্য ‘ণ’ বহিছে |

৬| আড়ম্বৰপূৰ্ণ (আ+ড়্+অ+ম্+ব্+অ+ৰ্+প্+ঊ+ৰ্+ণ্+অ) : ৰ-ৰ ঠিক পিছতে থকা (বা ৰেফযুক্ত হোৱা) বাবে মূৰ্ধন্য ‘ণ’ বহিছে |

৭| প্ৰমাণ (প্+ৰ্+অ+ম্+আ+ণ) : একেটা পদতে ‘ৰ’ৰ পাছত স্বৰবৰ্ণ আৰু প-বৰ্গৰ বৰ্ণৰ ব্যৱধান থকা বাবে তাৰ পাছত মূৰ্ধন্য ‘ণ’ হৈছে |

৮| হৰ্ষ (হ্ + অ + ৰ্ + ষ্ + অ) : ৰ্-ৰ ঠিক পিছতে থকা (বা ৰেফযুক্ত হোৱা) বাবে মূৰ্ধন্য ‘ষ’ বহিছে |

৯| ভূমিষ্ঠ (ভূমি + √স্থা + অ) : ই-কাৰান্ত শব্দ ভূমিৰ পিছত যোগ হোৱা বাবে ‘স্থা’ ধাতুৰ দন্ত্য ‘স’ মূৰ্ধন্য ‘ষ’ হৈছে |

১০| কৃষি (ক্ + ঋ + ষ্ + ই) : একেটা পদতে ঋ-ৰ ঠিক পিছতে থকা বাবে মূৰ্ধন্য ‘ষ’ বহিছে |

১১| বিষাদ (বি + √সদ্ + অ) : ই-কাৰান্ত উপসৰ্গ (বি)-ৰ পিছত যোগ হোৱা বাবে ‘সদ্’ ধাতুৰ দন্ত্য ‘স’ মূৰ্ধন্য ‘ষ’ হৈছে |

১২| তৃণ (ত+ঋ+ণ) : একেটা পদতে ঋ-ৰ ঠিক পিছতে বহা বাবে মূৰ্ধন্য ‘ণ’ হৈছে |

১৩| গ্ৰহণ (গ্+ৰ্+অ+হ্+অ+ণ) : একেটা পদতে ৰ-ৰ পিছত স্বৰবৰ্ণ আৰু হ বৰ্ণৰ ব্যৱধান থকা বাবে তাৰ পিছত মূৰ্ধন্য ‘ণ’ বহিছে |

১৪| বিষয় (বি+√সি+অ) : ই-কাৰান্ত উপসৰ্গ বি-ৰ পিছত যোগ হোৱা বাবে ‘√সি’ ধাতুৰ দন্ত্য ‘স’ মূৰ্ধন্য ‘ষ’ হৈছে |

১৫| পোষণ (প্+ও+ষ্+অ+ণ) : স্বাভাৱিকতে মূৰ্ধন্য ‘ষ’ হৈছে |

১৬| বাণী (ব্+আ+ণ্+ঈ) : স্বাভাৱিকতে মূর্ধন্য ণ হৈছে ।

১৭| অৰিহণা (অ+ৰ্+ই+হ্+অ+ণ্+আ) : একেটা পদতে ৰ আৰু ‘ণ’-ৰ মাজত স্বৰবৰ্ণ আৰু হ বৰ্ণৰ ব্যৱধান আছে বাবে মূর্ধন্য ণ হৈছে ।

১৮| বণিজ (ব্+অ+ণ্+ই+জ) : স্বাভাৱিকতে মূর্ধন্য ণ হৈছে ।

১৯| লণ্ঠন (ল্+অ+ণ্+ঠ্+অ+ন) : মূর্ধন্য ট-বৰ্গৰ বৰ্ণৰ লগত যুক্ত হৈছে বাবে মূর্ধন্য ণ হৈছে।

২০| ধৰণী (ধ্+অ+ৰ্+অ+ণ+ঈ) :

একেটা পদতে ৰ-ৰ পিছত (স্বৰবৰ্ণ ‘অ’-ৰ ব্যৱধান) থকা বাবে তাৰ পিছত মূৰ্ধন্য ‘ণ’ বহিছে |

২১| অৰুণ (অ+ৰ্+উ+ণ) : একেটা পদতে ৰ্-ৰ পাছত স্বৰবৰ্ণ (উ)-ৰ ব্যৱধান আছে বাবে মূর্ধন্য ণ হৈছে ।

২২| কাণ (ক্+আ+ণ) :স্বাভাৱিকতে মূর্ধন্য ণ হৈছে ।

২৩| বর্ণনা (ব্+অ+ৰ্+ণ্+অ+ন্+আ) : একেটা পদতে ৰ-ৰ পিছতে বহিছে (ৰেফযুক্ত হোৱা) বাবে মূর্ধন্য ণ হৈছে।

২৪| চণ্ডাল (চ্+অ+ণ্+ড্+আ+ল) : মূর্ধন্য ট-বৰ্গৰ বৰ্ণৰ লগত যুক্ত হোৱা বাবে মূর্ধন্য ণ হৈছে

২৫| সম্পূর্ণ (স্+অ+ম্+প্+ঊ+ৰ্+ণ্+অ) : একেটা পদতে ৰ-ৰ ঠিক পিছতে বহিছে (ৰেফযুক্ত হোৱা) বাবে মূর্ধন্য ণ হৈছে

২৬| হর্ষ (হ্ + অ + + ষ্ + অ) : ৰ-ৰ ঠিক পিছতে থকা (ৰেফযুক্ত হোৱা) বাবে মূর্ধন্য ‘ষ’ বহিছে । 

ৰাজীৱ শৰ্মা

ৰাজীৱ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

August 22, 2026 11:30 am
তিনি বছৰৰ পাছত পুনৰ আৰম্ভ হ’ল মণিপুৰ-নাগালেণ্ড-অসম বাছ সেৱা

তিনি বছৰৰ পাছত পুনৰ আৰম্ভ হ’ল মণিপুৰ-নাগালেণ্ড-অসম বাছ সেৱা

August 22, 2026 11:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd