• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2023 9:54 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশ প্ৰায় বিধ্বস্ত হৈ পৰিছে। মৃত্যুৰ সংখ্যা ৪,০০০ অতিক্ৰম কৰিছে। তুৰ্কীত ক্ৰমে তিনিটাকৈ হোৱা ভূমিকম্পই ক্ষতিৰ পৰিমাণ বৃদ্ধি কৰিছে। মৃত্যুৰ সংখ্যা কিমানলৈ যাব তাৰ সীমা নিৰ্দ্ধাৰণ কৰিব পৰা হোৱা নাই। ইপিনে, তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰোদয়ানে দেশবাসীক কৈছে যে তেওঁলোকে অধিক মৃত্যুৰ বাতৰিৰ বাবে অপেক্ষা কৰিব লাগিব। তাৰমাজতে শেহতীয়াকৈ এটা টুইট ভাইৰেল হৈ পৰিছে। সেই টুইটটো হৈছে গৱেষক ফ্ৰেংক হুগাৰবিটছৰ।

যোৱা ৩ ফেব্ৰুৱাৰীত গৱেষক ফ্ৰেংক হুগাৰবিটছৰ দ্বাৰা পোষ্ট কৰা এটা টুইটে ভূমিকম্পৰ আগতীয়া সতৰ্কবাণী প্ৰকাশ কৰিছিল। তেওঁ লিখিছিল, “অতি শীঘ্ৰে বা পিছত এটা ভয়ংকৰ ভূমিকম্প হ’ব পাৰে। তাত তেওঁ কম্পনৰ পৰিমাণৰ ইংগিতও দিছিল। আৰু সেই মাত্ৰা আছিল ৰিখটাৰ স্কেলত ৭.৫।

Apply Now

উল্লেখ্য যে সোমবাৰে প্ৰথমবাৰৰ বাবে চিৰিয়া আৰু তুৰস্কৰ এক বৃহৎ অংশত ৭.৯ মাত্ৰাৰ ভূমিকম্প হৈছিল। দ্বিতীয় ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৫ আৰু তৃতীয়টো ভূমিকম্পৰ ৰিখটাৰ স্কেলত কম্পনৰ প্ৰাবল্য আছিল ৬। ফ্ৰেংক হুগাৰবিটছৰ টুইটটো বৰ্তমান ভাইৰেল হৈ আছে।

টুইটযোগে তেওঁ লগতে লিখি দিছিল যে কোন কোন দেশত এই ভয়ংকৰ ভূমিকম্পৰ সম্ভাৱনা আছে। সেই তালিকাত আছিল চিৰিয়া, তুৰস্ক, জৰ্ডান আৰু লেবানন।

Sooner or later there will be a ~M 7.5 #earthquake in this region (South-Central Turkey, Jordan, Syria, Lebanon). #deprem pic.twitter.com/6CcSnjJmCV

— Frank Hoogerbeets (@hogrbe) February 3, 2023

সোমবাৰে পুৱতি নিশা তুৰস্কৰ গাজিয়ানটেপৰ ওচৰত ভূমিকম্পৰ কেন্দ্ৰস্থল ধৰা পৰিছিল। চিৰিয়াৰ সৈতে তুৰ্কীৰ সীমান্তৰ এটা ডাঙৰ অংশ ভূমিকম্পৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছিল। শেহতীয়া প্ৰতিবেদন অনুসৰি তুৰস্ক আৰু চিৰিয়াত ভূমিকম্পৰ ফলত মৃত্যুৰ সংখ্যা ৪,০০০ ৰ সীমা অতিক্ৰম কৰিছে।

ইফালে, ছ’চিয়েল মিডিয়াত একাধিক ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। এটা ভিডিঅ’ত আনকি দেখা গৈছে যে এজন সাংবাদিকে প্ৰথম ভূমিকম্পৰ বাতৰি পোনপটীয়াকৈ সম্প্ৰচাৰ কৰাৰ সময়তে দ্বিতীয়টো ভূমিকম্পৰ কবলত পৰিছিল।

ইয়াৰ উপৰিও, কিছুমান ঠাইত ঘৰ খহি পৰা, কিছুমান ঠাইত জুই লগাৰ ঘটনা সংঘটিত হৈছিল। এই পৰিস্থিতিবোৰ চিৰিয়া আৰু তুৰস্কৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে।

এই ভূমিকম্পৰ ৰূপ কিমান ভয়ংকৰ আছিল সেয়া ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভিডিঅ’চ দেখা গৈছে। ইফালে, বিশ্বৰ বিভিন্ন দেশে এই দুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াইছে। পৃথিৱীৰ মুঠ ৪২ খন দেশ সহায়ৰ বাবে আগবাঢ়ি আহিছে। পুৰণি শত্ৰুতা পাহৰি ইজৰাইলেও সহায় কৰিবলৈ আগবাঢ়ি আহিছে। ভাৰতে  উদ্ধাৰ অভিযানৰ বাবে এনডিআৰএফৰ এটা বিশেষ দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd