• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

কৰ্কট ৰোগৰ লক্ষণ আৰু পৰীক্ষণ

ডাঃ বিক্ৰম কুমাৰ ডেকা by ডাঃ বিক্ৰম কুমাৰ ডেকা
February 13, 2023 3:22 pm
cancer
163
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্কট ৰোগ বা কেন্সাৰ ৰোগৰ বিষয়ে জনাব তথা জানিবলগীয়া যথেষ্ট কথা আছে। ইতিপূৰ্বে প্ৰকাশিত লেখাটিত কৰ্কট ৰোগ কিদৰে হয়, সেই সম্পৰ্কে কিছু কথা বিশদভাৱে লিখা হৈছিল। আজিৰ এই লেখাটিত কৰ্কট ৰোগৰ লক্ষণসমূহৰ বিষয়ে কিছু কথা জনাবলৈ লৈছোঁ৷ কৰ্কট ৰোগ দেহৰ বিভিন্ন অংগ আৰু অংশত হ’ব পাৰে, আৰু লগতে অন্যান্য অংগ আৰু অংশলৈ সম্প্ৰসাৰিত বা বিয়পিবও পাৰে। যিকোনো অংগতেই হোৱা কৰ্কট ৰোগৰ ক্ষেত্ৰত যিমান সোনকালে অৰ্থাৎ, প্ৰাৰম্ভিক পৰ্যায়ত এই ৰোগ ধৰা পৰে, সিমানেই চিকিৎসা আগবঢ়াই নিয়াৰ লগতে সুস্থতাৰ দিশতো সহায়ক হয়।

মানৱ দেহৰ ভিন ভিন অংশ আৰু অংগত হোৱা কেন্সাৰ ৰোগৰ লক্ষণসমূহো, সেই অংগ তথা অংশ অনুসৰি ভিন ভিন হয়। মুখগহ্বৰ, ডিঙি, খাদ্যনলী, স্তন, পেট, হাঁওফাঁও, অগ্নাশয়, লিভাৰ, অভেৰী(ডিম্বাশয়), ইউটেৰাছ(জৰায়ু), বৃক্ক, মুত্ৰস্থলী, হাড় আৰু হাড়ৰ গাঁ‌ঠি, মলদ্বাৰ, মলাশয় আদি বিভিন্ন অংগৰ কৰ্কট ৰোগত এজন ব্যক্তি আক্ৰান্ত হ’ব পাৰে। এই অংগসমূহ কৰ্কট ৰোগত আক্ৰান্ত হ’লে সাধাৰণতে দেখা দিয়া কিছু লক্ষণৰ বিষয়ে তলত উল্লেখ কৰিছোঁ-

Apply Now

১)মুখগহ্বৰঃ- মুখগহ্বৰৰ ভিতৰত হোৱা, দীৰ্ঘকালৰ বাবে নুশুকোৱা বা ভাল নোহোৱা ঘাঁ‌, কেন্সাৰৰ এটি লক্ষণ।

২)কন্ঠনলীঃ- স্থায়ীভাৱে হোৱা কন্ঠৰ পৰিৱৰ্তন, বা কন্ঠস্বৰ বেয়া হৈ পৰা কন্ঠনলীৰ কৰ্কট ৰোগৰ লক্ষণ।

৩)ডিঙিঃ- ডিঙিত সৃষ্টি হোৱা টেমুনা, ডিঙিৰ কৰ্কট ৰোগৰ এক লক্ষণ।

৪)স্তনঃ- স্তনত সৃষ্টি হোৱা কোনো বিষ নোহোৱা টেমুনা, যি ক্ৰমশঃ বৃদ্ধি হৈ গৈ থাকে, স্তনৰ মুখ বা নিপ’লৰ পৰা তেজযুক্ত পদাৰ্থৰ নিঃসৰণ ঘটা আৰু কাষলতিত হোৱা টেমুনা-স্তনৰ কৰ্কট ৰোগৰ লক্ষণ।

৫)খাদ্যনলীঃ- খাদ্য গিলোতে অসুবিধাৰ সৃষ্টি হোৱা, আৰু এই সমস্যা ক্ৰমশঃ বাঢ়িয়েই গৈ থকা-খাদ্যনলীৰ কৰ্কট ৰোগৰ লক্ষণ।

৬)পেটঃ- অলপ খালেই পেট ভৰ্তি হোৱা যেন অনুভৱ হোৱা আৰু খোৱাৰ পিছত বমি হোৱা, পেট বা উদৰৰ কৰ্কট ৰোগৰ লক্ষণ।

৭)হাঁওফাঁওঃ- একেলেঠাৰিয়ে হৈ থকা কাহ, কফ বা খেকাৰত তেজ পৰা, উশাহ লোৱাত কষ্ট আদি হাঁওফাঁওৰ কৰ্কট ৰোগৰ লক্ষণ।

৮)অগ্নাশয় আৰু যকৃত সংলগ্ন পিত্তনলীকা(pancreas bile duct):- কোনো নিৰ্দ্দিষ্ট কাৰক নোহোৱাকৈ দীৰ্ঘকালৰ বাবে হৈ থকা জণ্ডিচ ৰোগ, অগ্নাশয় আৰু যকৃত সংলগ্ন পিত্তনলীকাৰ কৰ্কট ৰোগৰ লক্ষণ।

৯)মলাশয়ঃ- শৌচ কৰাৰ অভ্যাসত পৰিৱৰ্তন বা খেলিমেলিৰ সৃষ্টি হোৱা, কৌষ্ঠকাঠিন্য, শৌচত তেজ পৰা আদি মলাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ।

১০)ডিম্বাশয় বা অভেৰীঃ- অস্বাভাৱিক ৰূপে পেট ফুলা আৰু খাদ্যত অৰুচি ডিম্বাশয় বা অভেৰীৰ কৰ্কট ৰোগৰ লক্ষণ।

১১)জৰায়ু বা ইউটেৰাছঃ- যোনীত হোৱা ৰক্তক্ষৰণ আৰু ৰজোনিবৃত্তিৰ পিছত হোৱা ৰক্তস্ৰাৱ-জৰায়ুৰ কৰ্কট ৰোগৰ লক্ষণ।

১২)বৃক্ক:- পেটত সৃষ্টি হোৱা অস্বাভাৱিক টেমুনা আৰু প্ৰস্ৰাৱত ৰক্তক্ষৰণ হোৱা-বৃক্কৰ কৰ্কট ৰোগৰ লক্ষণ।

১৩)মূত্ৰস্থলীঃ- প্ৰস্ৰাৱ কৰাত সমস্যাৰ সৃষ্টি হোৱা, প্ৰস্ৰাৱত তেজ পৰা মূত্ৰস্থলীৰ কৰ্কট ৰোগৰ লক্ষণ।

১৪)হাড় আৰু মাংশপেশীঃ- দেহৰ বিভিন্ন অংগ-প্ৰত্যংগবোৰ ফুলিবলৈ ধৰা-হাড় আৰু মাংসপেশীৰ কৰ্কট ৰোগৰ লক্ষণ।

তদুপৰি সাধাৰণতে, আন কিছুমান লক্ষণে দেখা দিলেও এজন ব্যক্তি কেন্সাৰত আক্ৰান্ত হ’ব পাৰে। যেনে-হঠাৎ কোনো কাৰণ নোহোৱাকৈয়েই শৰীৰৰ ওজন বহু পৰিমাণে হ্ৰাস পোৱা, একেধৰণেই হোৱা লোহিতৰক্তকণিকাৰ অভাৱ(এনিমিয়া), দুৰ্বলতা, বৰ্দ্ধিত জণ্ডিচ, পেটৰ ভিতৰত আৰু হাঁওফাঁওত পানী জমা হোৱা ইত্যাদি।

উপৰোক্ত লক্ষণসমূহ যেতিয়া এজন ব্যক্তিৰ দেহত দেখিবলৈ পোৱা যায়, তেতিয়া ব্যক্তিজনে ততাতয়াকৈ চিকিৎসকৰ কাষ চপা উচিত। আৰু চিকিৎসকে লক্ষণসমূহ চাই ৰোগীজনক নিৰ্দ্দিষ্ট কিছু পৰীক্ষা-নিৰীক্ষাৰ পৰামৰ্শ দিয়ে, যি পৰীক্ষাৰ জৰিয়তে ব্যক্তিজন কেন্সাৰত আক্ৰান্ত হৈছে নে নাই, আৰু যদিহে হৈছে, তেওঁ‌ৰ কেন্সাৰ ৰোগ কোনটো স্তৰত আছে, সেই কথা জানিবলৈ পাৰে। কেন্সাৰ ৰোগৰ নিশ্চিতকৰণৰ বাবে প্ৰধানতঃ বায়’পচি(Biopsy)কৰিবলৈ দিয়া হয়। যি অংগ বা অংশত কেন্সাৰৰ লক্ষণ দেখা যায়, সেই অংগ বা অংশৰ পৰা যৎসামান্য কোষৰ অংশ পৰীক্ষাৰ বাবে ব্যক্তিজনৰ দেহৰ পৰা সংগ্ৰহ কৰা হয়। সাধাৰণতে কোনো জটিলতা নথকা এক প্ৰক্ৰিয়া বায়’পচি।

কিছু অংগ বা অংশৰ বায়’পচি এণ্ডস্ক’পী, কলন’স্ক’পী, আলট্ৰাচ’ন’গ্ৰাফী, চি টি স্কেন আদি পৰীক্ষা প্ৰক্ৰিয়াৰ মাজেৰেও যোৱা হয়। মাথোঁ গলব্লাডাৰ বা পিত্তথলীত আৰু অণ্ডাশয়ত হোৱা কেন্সাৰ ৰোগৰ বাবে, বায়’পচি কৰা নহয়, তাৰ পৰিৱৰ্তে এম আৰ আই বা চি টি স্কেনৰ সহায় লোৱা হয়। বায়’পচি কৰিলে কেন্সাৰ ৰোগ দেহৰ আন অংশলৈ বিয়পিব পাৰে বুলি কিছু মানুহৰ এক ভ্ৰান্ত ধাৰণা আছে, যি সম্পূৰ্ণৰূপে মিছা। বায়’পচি কৰাৰ ফলত কেন্সাৰ ৰোগ নিবিয়পে। গতিকে সময় থাকোঁতেই লক্ষণে দেখা দিলে, ততালিকে চিকিৎসকৰ কাষ চাপক আৰু পৰীক্ষাৰ জৰিয়তে নিশ্চিত হৈ, প্ৰয়োজনীয় চিকিৎসা আৰম্ভ কৰক।

 

(লেখক/চিকিৎসক ডাঃ বিক্ৰম কুমাৰ ডেকা কেন্সাৰ ৰোগ বিশেষজ্ঞ, ৰ’ব’টিক শল্য চিকিৎসক, বি এল কে মেক্স হাস্পতাল, দিল্লী। চিকিৎসকৰ ফোন- ৯৫৬০৬৩০২০৫)

ডাঃ বিক্ৰম কুমাৰ ডেকা

ডাঃ বিক্ৰম কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd