ফুটবল খেলি থকাৰ সময়ত এগৰাকী খেলুৱৈয়ে খেলপথাৰতে মৃত্যুক আঁকোৱালি ল’বলগীয়া হোৱা এক ঘটনাই ফুটবল জগতত শোকৰ ছাঁ পেলাইছে। বেলজিয়ামৰ গ’লৰক্ষক আৰ্নে এস্পিলে পেনাল্টি ৰক্ষা কৰি খেলপথাৰতে মৃত্যুক আঁকোৱালি লয়। নিজৰ দলটোক বচোৱাৰ খন্তেক পিছতে মৃত্যুৱে তেওঁৰ প্ৰাণ কাঢ়ি লৈ যায়। ৱিঙ্কেল স্পোৰ্ট বি দলৰ গ’লৰক্ষক আছিল এস্পিল।
দ্বিতীয় ডিভিজনত ৱিঙ্কেল বনাম ৱেষ্ট্ৰোজবেকৰ মাজত খেল আছিল। খেলখন ৱিঙ্কেলৰ ঘৰুৱা খেলপথাৰত খেলা হৈছিল। দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে ৱেষ্ট্ৰোজবেকে পেনাল্টি পাইছিল। ২৫ বছৰীয়া গ’লৰক্ষকগৰাকীয়ে পেনাল্টিটো ৰক্ষা কৰে। কিন্তু তাৰ পিছতে তেওঁ মাটিত ঢলি পৰে।
যুদ্ধকালীন তৎপৰতাৰে খেলপথাৰতে তেওঁৰ চিকিৎসা কৰা হয়। কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। গ’লৰক্ষকগৰাকীৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
ৱিঙ্কেল ক্লাবে এক বিবৃতিত কয়, “আৰ্নে এস্পিলৰ মৃত্যুত আমি গভীৰভাৱে শোকাহত। তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। কেইদিনমানৰ বাবে ফুটবল পিছৰ শাৰীতে থাকিব।”
ৱিঙ্কেল স্পোৰ্ট বি-ৰ সহকাৰী প্ৰশিক্ষক ষ্টিফান ডায়ৰ্চিনে কয়, “এইটো এটা ভয়ংকৰ ঘটনা। আমাৰ গ’লৰক্ষকগৰাকীৰ মৃত্যুৰ বাতৰিটো শুনি সকলোৱে ভাগি পৰিছে। মই ভাবো বহুতো ফুটবল খেলুৱৈ অসহায় হৈ পৰিছিল। কি হৈছিল সেইটোৱে বুজি পৰা নাই।‘’
ক্লাবটোৰ ক্ৰীড়া পৰিচালকে এইদৰে কয়, “এইটো এটা ট্ৰেজেডী। এই ঘটনাটোৱে আমাক জোকাৰি গৈছে। আৰ্নে ক্লাবটোৰ প্ৰতি সমৰ্পিত আছিল। সকলোৱে তেওঁক ভাল পাইছিল। আমাৰ বাবে এটা ডাঙৰ আঘাত।‘’ ক্লাবটোৱে প্ৰয়াত গ’লৰক্ষকগৰাকীৰ প্ৰতি শোক প্ৰকাশ কৰি সমবেদনা জ্ঞাপন কৰিছে।