• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিনেটত গৃহীত প্ৰস্তাৱ: চীনলৈ আমেৰিকাৰ স্পষ্ট বাৰ্তা-অৰুণাচল প্ৰদেশ ভাৰতৰ অৱিচ্ছেদ্য অংগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 18, 2023 11:31 am
অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ কাহো গাঁও। ফাইল ফটো।

অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ কাহো গাঁও। ফাইল ফটো।

216
VIEWS
Share on FacebookShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ উচ্চ সদন চিনেটে শুকুৰবাৰে এটা প্ৰস্তাৱ গৃহীত কৰে যে অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ। চীনৰ সৈতে আমেৰিকাৰ বৰ্ধিত প্ৰতিদ্বন্দিতাৰ পৰিপ্ৰেক্ষিতত বিধেয়কখনে বিশেষ গুৰুত্ব বহন কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আকাশত চীনা বেলুনক লৈ দুয়োখন দেশৰ মাজত কেইবা সপ্তাহ ধৰি বিবাদ চলি আছে। ইয়াৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেটৰ এই প্ৰস্তাৱটোৱে ভাৰতৰ সীমান্তত ‘চীনৰ উচটনি’ক তীব্ৰ সমালোচনা কৰিছে।

অৰেগনৰ ডেম’ক্ৰেটিক চিনেটৰ জেফ মাৰ্কেল, টেক্সাচৰ ৰিপাব্লিকান চিনেটৰ জন কৰ্ণিন আৰু টেনেচীৰ ৰিপাব্লিকান চিনেটৰ বিল হেগৰ্টিয়ে অনা এই বিধেয়কত কোৱা হৈছে, “আমেৰিকাই সদায় স্বাধীনতাৰ পক্ষত সমৰ্থন কৰি আহিছে। আন্তৰ্জাতিক সম্পৰ্কৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰতিখন দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বক স্বীকৃতি দিয়ে। কিন্তু গণ প্ৰজাতন্ত্ৰী চীন ইয়াৰ বিপৰীত দিশে আগবাঢ়ে।”

চীন সম্পৰ্কীয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেট কমিটিৰ মুৰব্বী চিনেটৰ মাৰ্কেলে কয়, “আমেৰিকা যুক্তৰাষ্ট্ৰৰ মনত কোনো সন্দেহ নাই যে অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ, গণপ্ৰজাতন্ত্ৰী চীনৰ নহয়। আমি অঞ্চলটোত শান্তি বজাই ৰখাৰ বাবে সমমনস্ক দেশসমূহৰ সৈতে একেলগে কাম কৰিম।‘’

প্ৰস্তাৱটোৱে ভাৰত-চীন সীমান্তত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (এলএচি) শান্তি ব্যাহত কৰাৰ ক্ষেত্ৰত চীনৰ ভূমিকাক স্পষ্টভাৱে সমালোচনা কৰে। কোৱা হৈছে, “অৰুণাচল প্ৰদেশত চীনে ভাৰতক হাৰাশাস্তি কৰে।‘’

প্ৰস্তাৱটোত চীনা উস্কানিৰ বিৰুদ্ধে ভাৰতৰ কাৰ্যকলাপ আৰু ভাৰতে অঞ্চলটোত নিজৰ ভূখণ্ড ৰক্ষা কৰাৰ পদ্ধতিকো প্ৰশংসা কৰা হৈছে।

অৰুণাচল প্ৰদেশৰ কিছু অংশক লৈ ভাৰত আৰু চীন দীৰ্ঘদিন ধৰি চলি থকা বিবাদত আবদ্ধ হৈ আছে। যোৱা বছৰ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ টাৱাঙত ভাৰত আৰু চীনা সৈন্যৰ মাজত সংঘৰ্ষ হৈছিল। এনে পৰিস্থিতিত যিহেতু বিষয়টো আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেটত আলোচনা কৰা হৈছে, এয়া স্পষ্ট যে ৱাশ্বিংটনে ভাৰতলৈ ইয়াৰ সৈতে থিয় হ’বলৈ বাৰ্তা প্ৰেৰণ কৰি চীনৰ সৈতে কূটনৈতিক যুদ্ধত প্ৰৱেশৰ চেষ্টা কৰি আছে।

কূটনীতিবিদসকলে ধাৰণা কৰে যে প্ৰস্তাৱিত বিধেয়কৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেটত যথেষ্ট ৰাজনৈতিক গুৰুত্ব আছে। চীনা সেনাই সীমান্তৰ বিভিন্ন অঞ্চলত ইয়াৰ উপস্থিতি বৃদ্ধি কৰিছে, যাৰ ভিতৰত আছে পূব সীমান্তৰ অৰুণাচল আৰু পশ্চিম সীমান্তৰ লাডাখ। যোৱা কেইবছৰমানত ডোকলাম, পাংগং হ্ৰদ আৰু টাৱাঙত কেইবাবাৰো উত্তেজনাৰ সৃষ্টি হৈছিল।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd