• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বন্ধ্যাত্বকৰণ কৰাৰ বাবে ১১টা সন্তানৰ মাতৃক ঘৰৰ পৰা উলিয়াই দিলে স্বামীয়ে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 19, 2023 8:41 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

192
VIEWS
Share on FacebookShare on Twitter

মহিলাগৰাকীয়ে ১১ টা সন্তানৰ জন্ম দিছিল। তাৰ পিছত তেওঁ বন্ধ্যাত্বকৰণ কৰে। এই ‘অপৰাধ’ত স্বামীয়ে তেওঁৰ পত্নীক ঘৰৰ পৰা উলিয়াই দিলে। ১১ টা শিশুৰ মাতৃগৰাকী এতিয়া ঘৰৰ সন্মুখৰ এডাল আম গছৰ তলত বসবাস কৰিছে। তেওঁৰ কোলাত এটি নৱজাতকো আছে।

এয়া উৰিষ্যাৰ কেওনঝাৰৰ ঘটনা। ছোৱালীজনীৰ নাম জানকী দেহুৰী। তেওঁ কেওনঝাৰৰ ডিমিৰি গাঁৱৰ বাসিন্দা। জানকী আৰু তেওঁৰ স্বামী ৰবিৰ পাঁচজন পুত্ৰ আৰু পাঁচজনী কন্যা আছে। তেওঁলোকৰ এজন সন্তানৰ মৃত্যু হৈছিল।

জানকীয়ে কেইদিনমান আগতে এটা কেঁচুৱা জন্ম দিছিল। চিকিৎসক আৰু আশা কৰ্মীৰ পৰামৰ্শ অনুসৰি ১৪ ফেব্ৰুৱাৰীত জানকীয়ে চিকিৎসালয়ত বন্ধ্যাকৰণ কৰাইছিল।

এই কথাতে ক্ষুব্ধ হৈ পৰে জানকীৰ স্বামী ৰবি। তেওঁ অভিযোগ কৰে যে জানকীয়ে “বিশুদ্ধতা” হেৰুৱাইছে। তেওঁ আৰু ঈশ্বৰৰ উপাসনা কৰিব নোৱাৰে।

জানকী দেহুৰীয়ে কয়, “১১ টা শিশুৰ ভিতৰত আমাৰ ১০ টা শিশু জীয়াই আছে। মোৰ স্বামীয়ে মোক পৰিয়াল পৰিকল্পনাৰ অস্ত্ৰোপচাৰৰ বাবে ঘৰৰ পৰা উলিয়াই দিছে। মই মোৰ ঘৰৰ সন্মুখত গছৰ তলত আশ্ৰয় লৈছো।”

এগৰাকী সমাজকৰ্মী প্ৰীতিচান্দ ধালে কয়, “এয়া অমানৱীয়। ইয়াক কোনোমতে গ্ৰহণ কৰিব নোৱাৰি। মহিলাসকলক সঠিক চিকিৎসা সেৱা প্ৰদান কৰা প্ৰয়োজন। চৰকাৰ আৰু স্থানীয় প্ৰশাসনে আগবাঢ়ি আহিব লাগিব আৰু নাগৰিকসকলক এই বিষয়ে সজাগ কৰিব লাগিব। আন সমাজকৰ্মীসকলেও আগবাঢ়ি আহিব লাগে।”

স্বাভাৱিকতে, মানুহৰ অন্ধবিশ্বাস আৰু শিক্ষাৰ অভাৱে কেনেদৰে একাংশ লোকৰ জীৱন দুৰ্বিসহ কৰি তুলিব পাৰে এয়া তাৰেই এক উদাহৰণ।   

Recent News

হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ এন এল ইউ গুৱাহাটীৰ ছাত্ৰ

হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ এন এল ইউ গুৱাহাটীৰ ছাত্ৰ

বিত্তীয় সাহায্যৰ অভাৱত ভুগিছে ভাৰতৰ ৮৯ বিলিয়ন ডলাৰৰ স্বচ্ছ উদ্যোগ পাইপলাইনঃ প্ৰতিবেদনত প্ৰকাশ উদ্বেগজনক তথ্য

বিত্তীয় সাহায্যৰ অভাৱত ভুগিছে ভাৰতৰ ৮৯ বিলিয়ন ডলাৰৰ স্বচ্ছ উদ্যোগ পাইপলাইনঃ প্ৰতিবেদনত প্ৰকাশ উদ্বেগজনক তথ্য

‘ভাৰতীয় সংবিধান কেৱল শাসনৰে নহয়, ই সমাজ পৰিৱৰ্তনৰো এক আহিলা’:  সংবিধান সন্দৰ্ভত গুৰুত্ব পূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ

‘ভাৰতীয় সংবিধান কেৱল শাসনৰে নহয়, ই সমাজ পৰিৱৰ্তনৰো এক আহিলা’:  সংবিধান সন্দৰ্ভত গুৰুত্ব পূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ

এইবাৰ স্পাইচজেটৰ বিমানৰ কাৰিকৰী ত্ৰুটিঃ জৰুৰীভাৱে অৱতৰণ

এইবাৰ স্পাইচজেটৰ বিমানৰ কাৰিকৰী ত্ৰুটিঃ জৰুৰীভাৱে অৱতৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd