• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ প্ৰভাৱশালী পৰিয়াল! থাইলেণ্ডৰ ৰাজনৈতিক মঞ্চত ভগ্নীৰ পিছত এইবাৰ থাকচিনৰ কন্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2023 11:57 am
পেটাংটাৰ্ণ চিনাৱাট্ৰা।

পেটাংটাৰ্ণ চিনাৱাট্ৰা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোটিপতি পৰিয়ালৰ উত্তৰাধিকাৰী তেওঁ । থাইলেণ্ডৰ ৰাজনীতিত তেওঁলোকৰ পৰিয়ালৰ প্ৰতি আছে বৃহৎ জনসমৰ্থন। অতীতত তেওঁলোকৰ দলে নিৰ্বাচনত বৃহৎ ব্যৱধানত ক্ষমতালৈ আহিছে। তেওঁ আৰু তেওঁৰ দলে পৰিয়াল আৰু দলৰ জনপ্ৰিয়তা ব্যৱহাৰ কৰি আগন্তুক নিৰ্বাচনত জয়ী হ’ব বিচাৰে। শ্ৰমিকৰ ভোটেৰে পুনৰ ঘূৰি আহিব বিচাৰে থাইলেণ্ডৰ ক্ষমতাত। ফেউ থাই দলৰ ৰাজনীতি এতিয়া তেওঁক কেন্দ্ৰ কৰিয়েই আৱৰ্তত। তেওঁ হ’ল থাকচিন চিনাৱাট্ৰাৰ কন্যা ৩৬ বছৰীয়া পেটাংটাৰ্ণ চিনাৱাট্ৰা।

চিনাৱাট্ৰা পৰিয়ালৰ ৰাজনৈতিক দল ফেউ থাইৰ দুৰ্গ গ্ৰাম্য অঞ্চলত অক্লান্ত প্ৰচাৰ চলাইছে পেটাংটাৰ্ণে। আশা কৰিছে, জনসাধাৰণে পিতৃ থাকচিন আৰু ফুফু ইংলাকক অভূতপূৰ্ব জনসমৰ্থনৰ সৈতে নিৰ্বাচনত যিদৰে জয়ী কৰাইছিল তেওঁকো সেইদৰে গ্ৰহণ কৰিব।

Apply Now

পেটাংটাৰ্ণ চিনাৱাট্ৰা প্ৰধানমন্ত্ৰী পদৰ এগৰাকী সম্ভাৱ্য প্ৰাৰ্থী, ৰাজনীতিত নৱাগত। তেওঁ প্ৰতিশ্ৰুতি দিছে যে ২০০১ চনৰ পৰা তিনিটা কাৰ্যকালৰ বাবে থাইলেণ্ডত ক্ষমতালৈ অহাৰ পিছত ফেউ থাইয়ে সম্পূৰ্ণ কৰিব নোৱাৰা কামবোৰ তেওঁ সম্পূৰ্ণ কৰিব বিচাৰে। থাইলেণ্ডৰ ৰক্ষণশীল প্ৰভাৱিত আদালতৰ ৰায় আৰু সামৰিক অভ্যুত্থানৰ দ্বাৰা থাকচিনৰ দলক তিনিবাৰ ক্ষমতাচ্যুত কৰা হৈছিল। 

থাইলেণ্ডৰ ৰাষ্ট্ৰীয় নিৰ্বাচন মে মাহত অনুষ্ঠিত হ’ব বুলি আশা কৰা হৈছে। প্ৰথম বাৰৰ বাবে পেটাংটাৰ্ণে এটা বিদেশী সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত কৈছে, “আমাৰ দলে ইয়াৰ ক্ষমতাৰ প্ৰথম বছৰতে কাৰ্য পৰিকল্পনা ঠিক কৰিছিল। কিন্তু ক্ষমতাৰ চাৰি বছৰৰ ভিতৰতে আমাক ক্ষমতাৰ পৰা উৎখাত কৰা হৈছে। ফলস্বৰূপে, আমি সকলো লক্ষ্য প্ৰাপ্ত কৰিব নোৱাৰিলোঁ।‘’

থাইলেণ্ডৰ উত্তৰ-পূব অঞ্চলত এক নিৰ্বাচনী প্ৰচাৰৰ সময়ত চিনাৱাট্ৰা পৰিয়ালৰ উত্তৰাধিকাৰীগৰাকীয়ে এক সাক্ষাৎকাৰত কয়, “গতিকে এতিয়া প্ৰতিটো পৰ্যায়তে আমি জনসাধাৰণক বুজাব লাগিব যে আমাৰ নীতিয়ে তেওঁলোকৰ জীৱন শৈলীত কেনে ধৰণৰ পৰিৱৰ্তন আনিব। কেৱল এক স্থিৰ ৰাজনৈতিক পৰিৱেশেহে মানুহৰ জীৱনত বহনক্ষম পৰিৱৰ্তন আনিব পাৰে।”

ব্যাপক অৰ্থনৈতিক বিকাশ স্বত্বেও ২০০৬ চনত এক সামৰিক অভ্যুত্থানত থাকচিন আৰু ২০১৪ চনত তেওঁৰ ভগ্নী ইংলাকক ক্ষমতাৰ পৰা উৎখাত কৰা হৈছিল। কাৰাবাস এৰাই চলিবলৈ দুয়োদেশৰ বাহিৰত স্ব-নিৰ্বাসনত আছে। তেওঁলোকৰ মিত্ৰশক্তিয়ে কয় যে তেওঁলোকক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিবলৈ মিছা অভিযোগত দোষী সাব্যস্ত কৰা হৈছে।

থাইলেণ্ডৰ নিৰ্বাচনত চিনাৱাট্ৰা পৰিয়াল যিমানেই জনপ্ৰিয় নহওঁক কিয়, তেওঁলোকৰ প্ৰতি মানুহৰ যিমানেই মৰম নাথাকক কিয়, তেওঁলোকৰ প্ৰতি মানুহৰ অসন্তুষ্টিও আছে। তাত বহুত সমালোচকো আছে।

বিৰোধীসকলে অভিযোগ কৰে যে তেওঁলোকে ঘনিষ্ঠ ধনী বন্ধুসকলক অতিৰিক্ত সুবিধা দিয়ে আৰু সস্তীয়া জনপ্ৰিয় আঁচনি ব্যৱহাৰ কৰি তেওঁলোকে দৰিদ্ৰ লোকসকলক ক্ৰয় কৰে। চিনাৱাট্ৰা পৰিয়ালে অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰিছে।

দক্ষিণ-পূব এছিয়াৰ সৰ্ববৃহৎ অৰ্থনীতি থাইলেণ্ডৰ আগন্তুক নিৰ্বাচনে দুয়োটা প্ৰভাৱশালী দলক পুনৰ নিৰ্বাচনত অৱতীৰ্ণ কৰিব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd