• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জন্মদিনত আপোচহীন সাংবাদিক, মানৱ অধিকাৰ কৰ্মী প্ৰয়াত পৰাগ কুমাৰ দাসক স্মৰণ ৰাজ্যবাসীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2023 2:31 pm
জন্মদিনত আপোচহীন সাংবাদিক, মানৱ অধিকাৰ কৰ্মী প্ৰয়াত পৰাগ কুমাৰ দাসক স্মৰণ ৰাজ্যবাসীৰ
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এসময়ৰ আপোচহীন সাংবাদিক, মানৱ অধিকাৰ সংগ্ৰামৰ এগৰাকী কৰ্মী, মানৱ অধিকাৰ সমিতিৰ প্ৰতিষ্ঠাপক, বুধবাৰৰ প্ৰতিষ্ঠাপক সম্পাদক, অসমীয়া প্ৰতিদিন কাকতৰ প্ৰতিষ্ঠাকালৰ কাৰ্যবাহী সম্পাদক আৰু আগান আলোচনীৰ সম্পাদক তথা তীক্ষ্ণধী লেখক প্ৰয়াত পৰাগ কুমাৰ দাসৰ আজি জন্ম দিন।

অসমৰ সাংবাদিকতাৰ ইতিহাসৰ ক্ৰান্তিকালৰ নিৰ্ভীক সাংবাদিকগৰাকীৰ ওপজা দিনত আজি ৰাজ্যবাসীয়ে তেওঁক স্মৰণ কৰিছে।

ইপিনে, জাতীয় ছহিদ পৰাগ কুমাৰ দাসৰ জন্মদিন উদযাপন তথা পৰাগ কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চ, অসমৰ বাৰ্ষিক অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি মৰাণ মহাবিদ্যালয়ৰ প্ৰৱক্তা তথা বিদেশৰ বহু চিত্ৰ প্ৰদৰ্শনীত চিত্ৰ প্ৰদৰ্শন হোৱা তথা কেইবাখনো বিদেশৰ চিত্ৰ প্ৰতিযোগিতাত পুৰষ্কাৰ পাবলৈ সক্ষম হোৱা বিশিষ্ট চিত্ৰশিল্পী দেৱব্ৰত মহন্তই পৰাগ কুমাৰ দাসৰ চিন্তা- চেতনা, আদৰ্শক ৰং, তুলিকাৰে কেনভাচত সজাইছে।

১৯৬১ চনৰ আজিৰ দিনটোতে পৰাগ কুমাৰ দাসৰ জন্ম হৈছিল।

দিল্লী স্কুল অৱ ইক’নমিকছৰ এসময়ৰ মেধাৱী ছাত্ৰ পৰাগ কুমাৰ দাসে প্ৰথমে ‘গুৱাহাটী ষ্টক এক্সচেঞ্জত কাম কৰিছিল যদিও সেই চাকৰি বাদ দি স্বতন্ত্ৰ সাংবাদিকতা আৰু মানৱ সংগ্ৰামৰ কৰ্মীৰূপে কাম কৰিছিল। মানৱ অধিকাৰ সংগ্ৰাম সমিতি, উত্তৰ পূব মানৱ অধিকাৰ সমন্বয়ৰক্ষী সমিতি, বাক স্বাধীনতা সংগ্ৰাম সমিতি আৰু গণতান্ত্ৰিক সংগ্ৰাম সমিতিৰ নেতাৰ লগতে প্ৰথম দুটাৰ সচিব প্ৰধানৰূপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।

মানৱ অধিকাৰ কৰ্মীৰূপে তেওঁ ৰাষ্ট্ৰৰ আৰু সেনাৰ নিগৃহীত লোকৰ অধিকাৰৰ হকে যুঁজিছিল। উল্লেখ্য যে, সেই সময়ত আলফাৰ ওপৰত ৰাষ্ট্ৰই নমাই অনা দমনমূলক কাৰ্যৰ তেওঁ তীব্ৰ বিৰোধিতা কৰিছিল। নিৰ্দোষী মানুহৰ অধিকাৰ হকে যুঁজাৰ লগতে আৰু সেনাৰ দ্বাৰা লাঞ্চিত ধৰ্ষিতাসকলৰ ন্যায় প্ৰাপ্তিৰ বাবেও সংগ্ৰাম কৰি জনসচেতনতা বৃদ্ধিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল।

দিল্লীৰ কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীভূত ক্ষমতা বিন্যাসৰ প্ৰবল বিৰোধী পৰাগ কুমাৰ দাসে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ বাবে সোচ্চাৰ হোৱা দেখা গৈছিল।

অসমৰ স্বাধীনতাৰ প্ৰশ্নত বহু সময়ত তেওঁ আলফাৰ সংগ্ৰামখনক তীক্ষ্ণ নজৰ দিয়া পৰিলক্ষিত হৈছিল। য’ত আলফাৰ আদৰ্শক সমৰ্থন নকৰিলেও তেওঁ কিছু নীতিক নিজস্ব দৰ্শনেৰে পৰ্যালোচনা কৰি অসমৰ হিতৰ বাবে মাত মতা দেখা গৈছিল।

পৰাগ কুমাৰ দাসে আলফাৰ সাৰ্বভৌম স্বাধীন অসম সমৰ্থন নকিৰেলও কেন্দ্ৰৰ পৰা অসমৰ অৰ্থনৈতিক স্বাধীনতা দাবী কৰিছিল। বিশেষতঃ অসমৰ সম্পদৰ ওপৰত অসমৰ অধিকাৰ আৰু ৰয়েলিটি দাবী কৰিছিল।

তেওঁ বহুবাৰ ৰাষ্ট্ৰ ৰোষত পৰিবলগীয়া হৈছিল। ১৯৯২ আৰু ১৯৯৩ চনত পৰাগ কুমাৰ দাসক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন আৰু টাডাৰ অধীনত গ্ৰেপ্তাৰ কৰি চৰকাৰে কাৰাগাৰলৈ নিক্ষেপ কৰিছিল।

পৰাগ কুমাৰ দাসে বিভিন্ন কাকত আলোচনীত চৰকাৰী নীতি আৰু ৰাজনৈতিক ব্যৱস্থাটোক কঠোৰ সমালোচনা কৰাৰ লগতে অন্তৰ্ভেদী যোৱাকৈ অস্ত্ৰোপচাৰ কৰিছিল।

তেওঁৰ স্বাধীনতাৰ প্ৰস্তাৱ শীৰ্ষক গ্ৰন্থখন চৰকাৰে বাজেয়াপ্ত কৰাৰ ঘোষণা কৰিছিল।

তেওঁৰ তীক্ষ্ণধী কলমেৰে বিভিন্ন নিবদ্ধ-প্ৰৱন্ধৰ লগতে নিৰ্গত হৈছিল ক্ৰমে ছাংলট ফেন্লা, স্বাধীনতাৰ প্ৰস্তাৱ, নিষিদ্ধ কলম আৰু অন্যান্য, আমি যি কথা কৈছিলো (সাংবাদিক অজিত কুমাৰ ভূঞাৰ সৈতে যুটীয়াভাৱে), ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি, মোক স্বাধীনতা লাগে, স্বাধীন অসমৰ অৰ্থনীতি আদি গ্ৰন্থ।

তেওঁৰ প্ৰায়বোৰ লেখাতেই প্ৰচলিত ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰতি তীব্ৰ বিদ্ৰোহ আৰু অগ্নিবৰ্ষিত হৈছিল। তেওঁৰ তীক্ষ্ণ লেখাবোৰত ৰাষ্ট্ৰই ৰাষ্ট্ৰদ্ৰোহৰ গোন্ধ পাইছিল আৰু সেয়ে তেওঁক দুবাৰকৈ কাৰাগাৰলৈ নিক্ষেপ কৰিছিল।

এই তীক্ষ্ণধী সাংবাদিক আপোচহীন সংগ্ৰামী তথা লেখকজনক ১৯৯৬ চনৰ ১৭ মে’ত গুৱাহাটীৰ ৰাজগড়ত আততায়ীয়ে নিচেই ওচৰৰ পৰা গুলীয়াই হত্যা কৰে।

প্ৰণিধানযোগ্য যে পৰাগ কুমাৰ দাসৰ প্ৰাসঙ্গিকতা সদায়ে আছে আৰু সাম্প্ৰতিক সময়ত তেওঁৰ ৰচনাৰাজিয়ে নৱপ্ৰজন্মক আকৰ্ষণ কৰা দেখা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘এইবাৰ মোক নোবেল লাগে’, নৰৱেৰ মন্ত্ৰীৰ ওচৰত দাবী উদ্বাউল ট্ৰাম্পৰ; বিনিময়ত কিহৰ প্ৰস্তাৱ?

‘এইবাৰ মোক নোবেল লাগে’, নৰৱেৰ মন্ত্ৰীৰ ওচৰত দাবী উদ্বাউল ট্ৰাম্পৰ; বিনিময়ত কিহৰ প্ৰস্তাৱ?

August 15, 2025 2:50 pm
এন ই ফ’কাচৰ ‘সমাজ পৰিবৰ্তন আৰু সমাজক সংগঠিত কৰাৰ ক্ষেত্রত ডিজিটেল মিডিয়াৰ ভূমিকা’ শীর্ষক আলোচনা চক্ৰ সম্পন্ন

এন ই ফ’কাচৰ ‘সমাজ পৰিবৰ্তন আৰু সমাজক সংগঠিত কৰাৰ ক্ষেত্রত ডিজিটেল মিডিয়াৰ ভূমিকা’ শীর্ষক আলোচনা চক্ৰ সম্পন্ন

August 15, 2025 1:05 pm
দেশজুৰি হ্ৰাস পাব কৰৰ বোজা! স্বাধীনতা দিৱসত জি এছ টি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা

দেশজুৰি হ্ৰাস পাব কৰৰ বোজা! স্বাধীনতা দিৱসত জি এছ টি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা

August 15, 2025 12:26 pm
দেশজুৰি এইমছ এৰি গুচি গৈছে চিকিৎসকসকল! ২০২২-২৪ চনত এই সংখ্যা ৪০০ৰো অধিক

দেশজুৰি এইমছ এৰি গুচি গৈছে চিকিৎসকসকল! ২০২২-২৪ চনত এই সংখ্যা ৪০০ৰো অধিক

August 15, 2025 11:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এইবাৰ মোক নোবেল লাগে’, নৰৱেৰ মন্ত্ৰীৰ ওচৰত দাবী উদ্বাউল ট্ৰাম্পৰ; বিনিময়ত কিহৰ প্ৰস্তাৱ?

‘এইবাৰ মোক নোবেল লাগে’, নৰৱেৰ মন্ত্ৰীৰ ওচৰত দাবী উদ্বাউল ট্ৰাম্পৰ; বিনিময়ত কিহৰ প্ৰস্তাৱ?

August 15, 2025 2:50 pm
এন ই ফ’কাচৰ ‘সমাজ পৰিবৰ্তন আৰু সমাজক সংগঠিত কৰাৰ ক্ষেত্রত ডিজিটেল মিডিয়াৰ ভূমিকা’ শীর্ষক আলোচনা চক্ৰ সম্পন্ন

এন ই ফ’কাচৰ ‘সমাজ পৰিবৰ্তন আৰু সমাজক সংগঠিত কৰাৰ ক্ষেত্রত ডিজিটেল মিডিয়াৰ ভূমিকা’ শীর্ষক আলোচনা চক্ৰ সম্পন্ন

August 15, 2025 1:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd