• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰাহুল গান্ধীৰ লণ্ডন ভাষণক লৈ উত্তাল সংসদ: ক্ষমা খোজাৰ দাবী তুলিলে বিজেপিয়ে

প্ৰধানমন্ত্ৰী মোদীৰ চীন, কোৰিয়াৰ বক্তব্য সোঁৱৰাই প্ৰত্যুত্তৰ কংগ্ৰেছ সভাপতি খৰ্গেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2023 5:45 pm
BJP demands Rahul's apology
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ইংলেণ্ড ভ্ৰমণৰ সময়ত ভাৰতৰ সাম্প্ৰতিক গণতান্ত্ৰিক ব্যৱস্থা সন্দৰ্ভত কৰা মন্তব্যই উত্তাল কৰি তুলিছে সংসদ। শাসক-বিৰোধীৰ বিবাদৰ ফলত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পিছতে সংসদৰ বাজেট অধিবেশনৰ দ্বিতীয় পৰ্যায় ১৪ মাৰ্চলৈ স্থগিত ৰখা হয়।

ৰাহুল গান্ধীৰ ভাষণৰ বিৰোধিতা কৰি বিজেপিৰ সাংসদসকলে গান্ধীক ক্ষমা খুজিবলৈ দাবী জনায়। আনহাতে বিজেপিৰ এই দাবীৰ পিছতে গণতন্ত্ৰক চেপি ধৰাসকলে গণতন্ত্ৰ ৰক্ষা কৰাৰ কথা কৈছে বুলি কটাক্ষ কৰে কংগ্ৰেছে।

Apply Now

লণ্ডনত নিজ ভাষণত ৰাহুল গান্ধীয়ে ভাৰতীয় গণতন্ত্ৰ বৰ্তমান আক্ৰমণৰ সন্মুখীন হৈছে বুলি কৰা মন্তব্যৰ জৰিয়তে তেওঁ ভাৰতক বদনাম কৰাৰ অভিযোগ উত্থাপন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰাহুল গান্ধীক এই মন্তব্যৰ বাবে ক্ষমা খুজিবলৈ দাবী জনায়।

“এই সদনৰ সদস্য ৰাহুল গান্ধীয়ে লণ্ডনত ভাৰতক অপমান কৰিছিল। তেওঁৰ বক্তব্যক এই সদনৰ সকলো সদস্যই গৰিহণা দিবলৈ আহ্বান জনাইছো আৰু তেওঁক সদনৰ সন্মুখত ক্ষমা খুজিবলৈ দাবী জনোৱা উচিত।”- ৰাজনাথ সিঙে কয়।

ক্ৰমাৎ উত্তপ্ত হৈ পৰা পৰিস্থিতিৰ মাজতে বিৰোধী দলৰ সাংসদসকল সদনৰ সমুখত থিয় হৈ শাসকপক্ষৰ বিৰোধিতা কৰাৰ পিছত অধ্যক্ষই লোকসভা দুপৰীয়া ২ বজালৈ স্থগিত ৰাখিবলৈ বাধ্য হয়। কিন্তু এই পৰিস্থিতি অব্যাহত থকাৰ ফলস্বৰূপে লোকসভা ১৪ মাৰ্চলৈ স্থগিত ৰখা হয়।

ইফালে ৰাজ্যসভাত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে ৰাহুল গান্ধীৰ নাম নোলোৱাকৈয়ে কংগ্ৰেছ নেতাগৰাকীক সদনত উপস্থিত হৈ লণ্ডনত দিয়া বক্তব্যৰ বাবে ক্ষমা খুজিবলৈ দাবী জনায়।

গোৱেলৰ এই দাবীৰ প্ৰত্যুত্তৰত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেই ৰাজ্যসভাৰ সদস্য নোহোৱা নেতাক সদনলৈ মাতি অনাৰ দাবী গৰিহণাযোগ্য বুলি মন্তব্য কৰে।

খৰ্গেৰ মন্তব্যৰ সময়তে বিজেপিৰ সাংসদসকলে ৰাহুল গান্ধীক ক্ষমা খুজিবলৈ দাবী জনাই সদনৰ কাৰ্যসূচীত ব্যাঘাত জনোৱাৰ পিছত ৰাজ্যসভাও ১৪ মাৰ্চলৈ স্থগিত ৰখা হয়।

আনহাতে সংসদ স্থগিত ৰখাৰ পিছতে বিৰোধী দলৰ আন সাংসদসকলৰ সৈতে সংবাদ মাধ্যমক সম্বোধন কৰি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেই মোদীৰ শাসনত সংবিধানৰ কোনো স্থান নাই বুলি মন্তব্য কৰাৰ লগতে মোদীয়ে একনায়কত্ববাদীৰ দৰে শাসন চলোৱা বুলি অভিযোগ কৰে।

খৰ্গেই লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশত ভাৰতক কেইবাবাৰো উপহাস কৰিছে। এই প্ৰসঙ্গত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীন, দক্ষিণ কোৰিয়া, কানাডা আৰু ইউ এ ইত দিয়া ভাষণৰ উদাহৰণ দাঙি ধৰে।

তেওঁ কয়, “চীনত দিয়া আপোনাৰ বক্তব্যৰ কথা মই আপোনাক সোঁৱৰাই দিব বিচাৰিছো। আপুনি পূৰ্বে কৈছিল যে আপুনি ভাৰতীয় জন্ম লৈ লাজ অনুভৱ কৰিছিল। এতিয়া দেশক প্ৰতিনিধিত্ব কৰি গৌৰৱ অনুভৱ কৰিছে। এয়া ভাৰত আৰু ভাৰতীয়ক অপমান কৰা নাছিল নেকি? আপোনাৰ মন্ত্ৰীসকলক তেওঁলোকৰ স্মৃতি সতেজ কৰাৰ পৰামৰ্শ দিয়ক।”

প্ৰধানমন্ত্ৰী মোদীয়ে দক্ষিণ কোৰিয়াত দিয়া ভাষণৰ কথা সোঁৱৰাই কংগ্ৰেছ সভাপতিগৰাকীয়ে লগতে কয়, “দক্ষিণ কোৰিয়াত আপুনি কৈছিল– এটা সময় আছিল যেতিয়া মানুহে অনুভৱ কৰিছিল যে তেওঁলোকে অতীতত কি পাপ কৰিছিল যাৰ ফলত ভাৰতত জন্ম হৈছিল! ”

প্ৰধানমন্ত্ৰীয়ে যদি ভাৰতৰ বিৰুদ্ধে সকলো ধৰণৰ কথা ক’ব পাৰে, তেতিয়াহ’লে ৰাহুল গান্ধীয়ে তেনে কাম কৰিলে সেয়া কিয় অপৰাধ হ’ব বুলিও প্ৰশ্ন তোলে কংগ্ৰেছ সভাপতি খৰ্গেই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd