এইবাৰ চলন্ত ৰে’লত বিমানকাণ্ডৰ পুনৰাবৃত্তি ঘটিল। মহিলা যাত্ৰীৰ গাত টিকট পৰীক্ষকে প্ৰস্ৰাৱ কৰাৰ অভিযোগ উঠিছে। দেওবাৰে অমৃতসৰৰ পৰা কলকাতালৈ যোৱা এখন ৰে’লত ঘটনাটো সংঘটিত হৈছিল। যাত্ৰীসকলে অভিযুক্ত টিকট পৰীক্ষকজনক কৰায়ত্ত কৰি আৰক্ষীৰ হাতত গতাই দিয়ে। ৰে’ল আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।
ঘটনাটো অমৃতসৰৰ পৰা কলকাতালৈ অহা অকাল তখ্ত এক্সপ্ৰেছত সংঘটিত হৈছিল। বিহাৰৰ এগৰাকী টিকট পৰীক্ষক মুন্না কুমাৰে নিচাগ্ৰস্ত অৱস্থাত এই অপৰাধ সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে।
লগতে পঢ়ক: ছেবাই জ্বলাইছে ৰাজ্য! প্ৰশ্নকাকত ফাদিলৰ ঘটনাত মুঠ ২২ জনক আটক
মুন্নাৰ বিৰুদ্ধে ৰে’লখনৰ যাত্ৰী ৰাজেশ আৰু তেওঁৰ পত্নীয়ে অভিযোগ দাখিল কৰিছে। তেওঁলোক ৰে’লখনৰ এ-১ কম্পাৰ্টমেণ্টত আছিল। ৰাজেশৰ পত্নীয়ে অভিযোগ কৰিছে যে টিকট পৰীক্ষকে তেওঁৰ গাত প্ৰস্ৰাৱ কৰাৰ উপৰিও অভদ্ৰ আচৰণ কৰিছিল।
ৰে’ল আৰক্ষীয়ে কয় যে মহিলাগৰাকী দেওবাৰে মাজনিশা তেওঁৰ আসনত শুই আছিল। মুন্না নামৰ এজন সুৰাসক্ত টিকট পৰীক্ষকে তেওঁৰ মূৰত প্ৰস্ৰাৱ কৰে। আন যাত্ৰীসকলে অভিযুক্তক কৰায়ত্ত কৰে। অভিযুক্তজনক পিছদিনা ৰাতিপুৱা ৰে’ল আৰক্ষীক গতাই দিয়া হয়।
ৰে’ল আৰক্ষীয়ে অভিযুক্ত টিকট পৰীক্ষক মুন্না কুমাৰক গ্ৰেপ্তাৰ কৰিছে আৰু ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। ঘটনাটোৰ সময়ত তেওঁ সুৰাপান কৰিছিল নে নাই সেয়া পৰীক্ষা কৰি থকা হৈছে। ৰে’লৱেই আশ্বাস দিছে যে আইনী প্ৰক্ৰিয়াৰ জৰিয়তে অভিযুক্তৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
লগতে পঢ়ক: ৩ বছৰীয়া শিশুৰ গুলীত মৃত্যু ৪ বছৰীয়া জ্যেষ্ঠ ভগ্নীৰ; টেক্সাছৰ মৰ্মান্তিক ঘটনাই জোকাৰিছে আমেৰিকা
উল্লেখ্য যে ইয়াৰ পূৰ্বে এগৰাকী মহিলাই এজন পুৰুষ সহযাত্ৰীৰ বিৰুদ্ধে দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। তাৰপিছতে কৰ্ণাটকৰ এখন বাছত এজন সুৰাসক্ত যুৱকে একেধৰণৰ ঘটনা সংঘটিত কৰিছিল।