• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ছেবাৰ কিয় আজি এই অৱস্থা?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
March 15, 2023 6:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰশ্নকাকত ফাদিল হোৱা বাবে সোমবাৰে মাজনিশা ছেবাই বিজ্ঞানৰ পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হ’ল। পৰীক্ষাৰ এই ধৰণৰ বেমেজালিবোৰে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক বিমোৰত পেলায়। যিকোনো পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাটো যেন এতিয়া এটা সাধাৰণ কথা হৈ পৰিছে। কেৱল প্ৰশ্নকাকত ফাদিল হোৱাই নহয়, যোৱা সময়ছোৱাত শিক্ষা খণ্ডত দেখা দিয়া এনে বহু খেলি-মেলি, আঁসোৱাহ আৰু জালিয়াতি এতিয়া ৰাজহুৱা বিতৰ্কৰ বিষয়। এই কথাবোৰে কি ইংগিত দিয়ে? এই কথাবোৰে ইংগিত দিয়ে যে আমাৰ ৰাজহুৱা অনুষ্ঠানবোৰ এতিয়া পৰি আহিছে।

কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পিছত, সুপৰিকল্পিতভাৱে হিন্দুত্ব মতাদৰ্শৰ মানুহ সকলো গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ মুৰব্বী হিচাপে নিযুক্তি দি, এওঁলোকে চৰকাৰীভাৱে এটা ৰাজনৈতিক দৰ্শন জনসাধাৰণৰ মাজত বিয়পাই দিবলৈ চেষ্টা কৰিছে। এই যে কয়, ‘কবৰত শেষ গজাল মৰা’ বুলি- অনুষ্ঠান, প্ৰতিষ্ঠান ধ্বংসৰ ক্ষেত্ৰত বিজেপিয়ে এতিয়া সেইটোৱেই কৰিছে। ৰাজহুৱা অনুষ্ঠান ধ্বংসত বিজেপিৰ শাসন এক জলচ্ছেদ। কিন্তু, অনুষ্ঠান, প্ৰতিষ্ঠান ধ্বংসৰ প্ৰক্ৰিয়া তাৰ বহু আগতেই আৰম্ভ হৈছিল। তাৰ বাবে আগৰ চৰকাৰবোৰো বহু পৰিমাণে জগৰীয়া। এটা অনুষ্ঠান কেনেকৈ ধ্বংস হয়, তাৰ উদাহৰণ হিচাপেও আমি ছেবাকে ল’ব পাৰোঁ।

Apply Now

অসম আন্দোলনৰ পিছৰে পৰা, সদৌ অসম ছাত্ৰ সন্থাই অসমৰ শিক্ষা ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ হস্তক্ষেপে, এসময়ত, ৰাজ্যখনৰ শিক্ষা ক্ষেত্ৰত এক অচলাৱস্থা আৰু নৈৰাজ্যৰ সৃষ্টি কৰিছিল। তাৰ পৰা ছেবাও বাচি যোৱা নাছিল। বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে কোন জগৰীয়া, এক নিৰপেক্ষ অনুসন্ধানেহে সেইটো নিৰূপণ কৰিব পাৰিব। কিন্তু, ছেবাৰ খেলিমেলিবোৰৰ বিষয়ে নিজৰ অভিজ্ঞতাৰ পৰা মই কিছু কথা ক’ব পাৰোঁ। সেয়া আজি দহ বছৰৰ আগৰ কথা। কিন্তু, আজিৰ সমস্যাবোৰৰ লগত তাৰ যে কোনো সম্পৰ্ক নাই তেনে নহয়। শান্তিকাম হাজৰিকাক ২০১১ চনত ছেবাৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল। তেতিয়াৰ পৰা প্ৰায় ছয় বছৰ মই ছেবাৰ সদস্য আছিলো।

ছেবাত যোগদান কৰিয়ে শান্তিকাম হাজৰিকাই ছেবাত কিছু সংস্কাৰ আনিবলৈ চেষ্টা কৰিছিল। তাৰবাবে তেওঁ আটাইতকৈ বেছি বাধা পাইছিল ছেবাৰ ভিতৰৰ এচাম কৰ্মচাৰীৰ পৰা। আচৰিত কথা যে ছাত্ৰ সন্থা আৰু প্ৰচাৰ মাধ্যমৰ একাংশ, এই চক্ৰটোৰ লগত জড়িত আছিল। সকলো কথাতে যেন শেষ সিদ্ধান্ত প্ৰচাৰ মাধ্যমৰহে আছিল। প্ৰচাৰ মাধ্যমৰ বিচাৰৰ বলি হৈ এসময়ত শান্তিকাম হাজৰিকাই ছেবা এৰিবলৈ বাধ্য হৈছিল। সৎ উদ্দেশ্য থকা সত্বেও, তেওঁৰ তেতিয়া উৱাদিহ নোহোৱা অৱস্থা হৈছিল। এইখিনিতে অসমৰ শৈক্ষিক প্ৰশাসনৰ লগত জড়িত এজন পুৰোধা ব্যক্তি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য আৰু এসময়ৰ ছেবাৰ সচিব আৰু অধ্যক্ষ ড৹ গজেন্দ্ৰ নাথ তালুকদাৰে তেখেতৰ ‘এগৰাকী অখ্যাত অসমীয়াৰ আত্মকথা’ৰ ৭৬ পৃষ্ঠাত কি কৈছে আমি চাওঁ আহক।

ছেবাৰ বিষয়ে ছেবাৰে কৰ্মচাৰীয়ে দিয়া অভিযোগৰ অনুসন্ধান কৰি ১৯৯০ চনত লোকায়ুক্তই তেখেতক কৈছিলঃ “আপুনি সাপৰ লগত আছে; বিষয়া দুজন অতি নীচ, তেওঁলোকৰ লগত থাকিব নাপায়।” গতিকে ছেবাক ধ্বংস কৰাত ছেবাৰ ভিতৰৰ মানুহ জড়িত থকা বাবেই ছেবাৰ আজি এই অৱস্থা। সেই সময়তে ছেবাৰ সংস্কাৰৰ বাবে দুখন কমিটি হৈছিল। তাৰে এখন কমিটিৰ অধ্যক্ষ আছিল অধ্যাপক দিলীপ কুমাৰ বৰুৱা, আৰু আনখন কমিটিৰ অধ্যক্ষ আছিল অধ্যাপক শ্ৰীনাথ বৰুৱা। দিলীপ বৰুৱা কমিটিৰ ময়ো এজন সদস্য আছিলোঁ। কেইবা মাহো বহু কথা চালি জাৰি চাই, দুয়োখন কমিটিয়ে ছেবাৰ সংস্কাৰৰ বাবে বিস্তৃত প্ৰতিবেদন দাখিল কৰিছিল। কিন্তু, সেই প্ৰতিবেদনত দিয়া পৰামৰ্শৰ এতিয়া কি হ’ল?

বিজেপিৰ হস্তক্ষেপ অবিহনেও কিয় অনুষ্ঠানবোৰৰ অৱক্ষয় হৈছে? চৰকাৰ আৰু সমাজ- এই দুয়োটাৰ ওচৰতে এতিয়া ব্যক্তিত্ব সম্পন্ন আৰু পেছাদাৰী মনোভাবৰ মুৰব্বীৰ আদৰ নোহোৱা হৈছে। এটা অনুষ্ঠানৰ স্বায়ত্ততা আৰু স্বতন্ত্ৰতাৰ কথাটো এতিয়া গুৰুত্বহীন হৈ পৰিছে। ছেবাৰ সভাবোৰত মই প্ৰায়ে দেখিছিলোঁ যে চৰকাৰৰ পৰা অহা প্ৰস্তাৱবোৰ সভাই আলোচনা কৰিছিল যদিও, সদায় বিনা বাক্যে সেইবোৰ মানি লৈছিল। মই কথাটো মুঠেই ভালপোৱা নাছিলোঁ। হয়, পৰিষদখন চৰকাৰে গঠন কৰি দিছিল। কিন্তু, এবাৰ পৰিষদৰ সদস্য হোৱাৰ পিছত, সদস্যজন সম্পূৰ্ণ স্বাধীন। তেওঁ কাৰো বহতীয়া নহয়। তেওঁ কোনো ধৰণৰ পক্ষপাতিত্ব নকৰাকৈ কেৱল ছেবাৰ স্বাৰ্থত, অৰ্থাৎ ছাত্ৰ-ছাত্ৰীয়ে যাতে গুণগতভাবে উন্নত শিক্ষা লাভ কৰে, তাৰ স্বাৰ্থতহে মাত মাতিব লাগে। সকলো কথাতে চৰকাৰ নিৰ্ভৰ হ’ব নালাগে।

শান্তিকাম হাজৰিকা ছেবাৰ অধ্যক্ষ হৈ থাকোঁতে ছেবাত যি হুলস্থূল লাগিছিল, তেতিয়া কিন্তু আজিৰ মুখ্যমন্ত্ৰী আৰু সেই সময়ৰ শিক্ষামন্ত্ৰীয়ে একো নকৰাকৈ সম্পূৰ্ণ নীৰৱতা অবলম্বন কৰিছিল। এসময়ত ছেবাত সচিব, অধ্যক্ষ কোনোৱেই নাছিল। অনুষ্ঠানটোত এক অচলাৱস্থাৰ সৃষ্টি হৈছিল। তেতিয়া, আমি সদস্য সকল গৈ, সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈক সাক্ষাৎ কৰি সেই অচলাৱস্থা দূৰ কৰিছিলোঁ। হাজৰিকাৰ পিছত ভাৰতীয় প্ৰশাসনীয় সেৱাৰ পৰা অহা বিনোদ শেচান আৰু মীনাক্ষী সুন্দৰমক ছেবাৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল।

এবাৰ কোনো এটা বিষয়ে সিদ্ধান্ত লোৱাৰ আগতে, শেচানে বিষয়টো অসমৰ শিক্ষা ক্ষেত্ৰৰ কেইজনমান বিশিষ্ট ব্যক্তিৰ লগত আলোচনা কৰিব বিচাৰিছিল। অসমৰ কেইজনমান বিদ্বান আৰু সন্মানীয় ব্যক্তিৰ তালৈ মই তেওঁক লৈ গৈছিলোঁ। কিন্তু, এটা কথাত মই বৰ আচৰিত হৈছিলোঁ। সেই ব্যক্তি সকলৰ প্ৰতিজনেই প্ৰথমে বিষয়টোৰ ক্ষেত্ৰত চৰকাৰৰ দৃষ্টিভংগী কি সেইটোহে তেওঁৰ পৰা জানিব বিচাৰিছিল। এই যে যিকোনো কথাতে আমি চৰকাৰৰ মুখাপেক্ষী হওঁ, সেইটোও আমাৰ আনুষ্ঠানিক অৱক্ষয়ৰ এটা কাৰণ। আমি কিয় আমাৰ ৰাজহাড় পোন কৰি আমি থিয় হ’ব নোৱাৰোঁ? আজিৰ পৰা দুই আঢ়ৈ দশক আগতে অসমৰ শিক্ষা জগতৰ সন্মানীয় ব্যক্তি সকল ছেবাৰ মুৰব্বীহৈ আছিল। তেতিয়া কিন্তু ছেবাৰ এই বদনামবোৰ আমি শুনা নাছিলোঁ।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd