গৃহ বিভাগৰ চকুত ধূলি দি আঠ বছৰ ধৰি পুনেত বসবাস কৰি অহা এগৰাকী পাকিস্তানী যুৱক অৱশেষত জালত পৰিছে আৰক্ষীৰ। আজি পুনে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অবৈধভাৱে চহৰখনত বাস কৰা পাকিস্তানী নাগৰিকগৰাকীক।
ধৃত যুৱকগৰাকীক মহম্মদ আমান আনছাৰী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ তথ্য অনুসৰি ২২ বছৰীয়া আনছাৰীক পুৰণি পুনেৰ খাদক অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আনছাৰীয়ে ২০১৫ চনৰ পৰা চুদামান তালিমৰ ওচৰৰ ভৱানী পেথত অবৈধভাৱে বাস কৰি আহিছে।
আনছাৰী সন্দৰ্ভত বিশেষ তথ্য লাভ কৰাৰ পাছত আৰক্ষীয়ে অনুসন্ধান চলায় আৰু অনুসন্ধানৰ সময়ত তেওঁৰ পৰা এটা ভুৱা পাছপোৰ্ট উদ্ধাৰ কৰে।
আৰক্ষীয়ে সদৰী কৰা মতে, এই ভুৱা পাছপোৰ্টৰ সহায়ত ডুবাইলৈ যাত্ৰা কৰিছিল ধৃত মহম্মদ আমান আনছাৰীয়ে।
ইতিমধ্যে আৰক্ষীয়ে আনছাৰীৰ বিৰুদ্ধে আইপিচি ধাৰা ৪২০, ৪৬৮, ৪৭১ আৰু বিদেশী আইন, ১৯৪৬ (১৪) আৰু পাছপোৰ্ট আইন, ১৯৬৭-ৰ অধীনত গোচৰ ৰুজু কৰিছে বুলি জানিবলৈ দিছে।