ৰাজ্যখনৰ এগৰাকী বিশিষ্ট চাহ উদ্যোগী, সমাজকৰ্মী ধীৰাজ কাকতিৰ বৃহস্পতিবাৰে পৰলোকপ্ৰাপ্তি ঘটিছে। গুৱাহাটীৰ এপ’ল’ হাস্পতালত চিকিৎসাধীন অৱস্থাত আবেলি ৪.৪৫ তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৬৭ বছৰ।
কাকতি শ্বাস-প্রশ্বাসজনিত সমস্যাত ভুগি বিগত প্রায় পাঁচদিন ধৰি হাস্পতালখনত চিকিৎসাধীন হৈ আছিল। তেওঁ যোৱা বছৰ ক’ভিডতো আক্ৰান্ত হৈছিল।
বিশিষ্ট ভাষাবিদ, গবেষক-পণ্ডিত ড০ বাণীকান্ত কাকতিৰ নাতিয়েক তথা অসমৰ প্রাক্তন আৰক্ষী সঞ্চালক প্ৰধান প্ৰয়াত দেৱকান্ত কাকতিৰ পুত্র ধীৰাজ কাকতিয়ে শ্বিলঙত স্কুলীয়া শিক্ষা সমাপ্ত কৰি কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।
পৰৱৰ্তী সময়ত তেওঁ ইণ্ডিয়ান টি এছ’চিয়েচনৰ সচিব হিচাপে যোগদান কৰিছিল। বিগত ৪০ বছৰ ধৰি অসমৰ চাহ উদ্যোগৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত কাকতিয়ে অৱসৰ গ্ৰহণৰ পাছতো টাটা টিৰ এটা প্রকল্পৰ সৈতে জড়িত আছিল।
কাকতি ছাউথ গুৱাহাটী ৰ’টাৰী ক্লাব আৰু প্রাগজ্যোতি সাংস্কৃতিক প্রকল্পৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। তেওঁ মহানগৰীৰ উলুবাৰীৰ বৈদ্যুতিক শ্মশান নিৰ্মাণত পৌৰ নিগমৰ সৈতে সক্ৰিয় সহযোগিতা আগবঢ়াইছিল। তেওঁ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল।
মহানগৰীৰ জাপৰিগোগ নিবাসী কাকতিয়ে মৃত্যুৰ সময়ত পত্নী কল্পনা কাকতি, দুই কন্যা অৰিজিতা কাকতি আৰুবিনীতা কাকতিৰ লগতে পৰিয়ালৰ লোক তথা বহু আত্মীয় স্বজনক এৰি থৈ গৈছে।
গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত কাকতিৰ শেষকৃত্য সম্পন্ন কৰা হয়। তেওঁৰ কন্যাই মুখাগ্মি কৰে। বিশিষ্ট সমাজকৰ্মীগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।