• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বিজেপিয়ে মূল্যবোধৰ ৰাজনীতিত বিশ্বাস কৰে নে?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
March 18, 2023 6:58 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ মতাদৰ্শ মই সমৰ্থন নকৰোঁ। কিন্তু, মই স্বীকাৰ কৰোঁ যে এসময়ত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ লগত এচাম সৎ আৰু নিষ্ঠাবান লোক জড়িত হৈ আছিল। বিজেপিৰ উৎপত্তি এই আৰ এছ এছৰ পৰা। অটল বিহাৰী বাজপেয়ী ভাৰতৰ প্ৰধান মন্ত্ৰী হৈ থকা সময়ত, তেওঁৰ মন্ত্ৰীসভাৰ সদস্য সকলৰ প্ৰায় প্ৰতিজনে এনে নীতি-আদৰ্শত বিশ্বাসী লোক আছিল। তেওঁলোক দুৰ্নীতিপৰায়ণ, আৰু দুমুখীয়া নাছিল। সেই সময়ৰ লোক সভাত, বিৰোধী পক্ষ আৰু চৰকাৰী পক্ষৰ মাজত হোৱা বিতৰ্কবোৰো মন কৰিবলগীয়া আছিল। এবাৰ সংসদত কোনো এটা বিষয়ে চি পি এমৰ সোমনাথ চেটাৰ্জীয়ে উগ্ৰমূৰ্তি ধাৰণ কৰি কোৱা কথাৰ উত্তৰ, বিজেপি মন্ত্ৰী যশৱন্ত সিঙে অসীম ধৈৰ্য আৰু নম্ৰতাৰে দিছিল!

কিন্তু, তাৰ বিপৰীতে, আজিৰ বিজেপিৰ মাজত আমি কি দেখিছোঁ? আজি কেন্দ্ৰত থকা বিজেপি চৰকাৰত কিমানজন মূল বিজেপি দলৰ আৰু কিমানজন কংগ্ৰেছ আৰু আন দলৰ পৰা অহা দলত্যাগী লোক? যিসকল লোক অইন দলৰ পৰা আহি বিজেপিত যোগদান কৰিছে তেওঁলোক কিবা নীতি-আদৰ্শৰ কাৰণে বিজেপিলৈ আহিছে নে নিজক অপৰাধ মুক্ত কৰি , ক্ষমতা ভোগ কৰিবলৈ বিজেপিত যোগ দিছে? তাতোকৈ ডাঙৰ কথা, এতিয়াৰ বিজেপিত নীতি, আদৰ্শ বোলা কিবা বস্তু ৰৈছেগৈ নে? নে এতিয়া ক্ষমতাৰ কাৰণে বিজেপিয়ে নীতি, আদৰ্শ, লাজ, লজ্জা সকলো বাদ দিছে? আকৌ, আন দলৰ পৰা আহি বিজেপিত যোগ দিয়া সকলে বিজেপিৰ পূৰ্বৰ নীতি আদৰ্শ গ্ৰহণ কৰিছে নে তেওঁলোকৰ কলুষিত কালিমাৰে বিজেপিহে প্ৰদূষিত হৈছে? নে বিজেপিত ৰাতিক দিন দিনক ৰাতি কৰা নিয়ম আৰম্ভ হৈছে? আৰ এছ এছ-এ যি নীতি-আদৰ্শৰ কথা কৈছিল, আজি ক’ত সেই নীতি-আদৰ্শ?

Apply Now

আজি কেইদিনমান আগতে NewsClick নামৰ ৰাষ্ট্ৰীয় পৰ্টেল এটাত প্ৰাসংগিক প্ৰশ্নবোৰ উল্লেখ কৰি এইবোৰ কথা বৰ সুন্দৰকৈ ব্যাখ্যা কৰা হৈছিল। মাত্ৰ সৌসিদিনা, মেঘালয়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কেইদিনমান আগতে, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কনৰাড চাংমাৰ চৰকাৰখনক দেশৰ ভিতৰতে আটাইতকৈ দুৰ্নীতিপৰায়ণ চৰকাৰ বুলি অভিহিত কৰিছিল। কিন্তু, যেই মেঘালয়ৰ বিধানসভা নিৰ্বাচনত মুঠ ৫৯খন আসনৰ ভিতৰত কনৰাড চাংমাৰ দলে ২৬ খন আসন লাভ কৰিলে আৰু বিজেপিয়ে মাত্ৰ দুখন আসন পালে, বিজেপিয়ে ৰাতাৰাতি কনৰাড চাংমাৰ লগত একেলগে চৰকাৰ কৰাৰ সিদ্ধান্ত ল’লে। অকল সেইটোৱেই নহয়, কনৰাড চাংমাৰ শপতগ্ৰহণ অনুষ্ঠানত স্বয়ং নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ দুয়ো আহি যোগদান কৰিলেহি। কথাটো কি হ’ল? এইবোৰ কি নীতি, কি আদৰ্শৰ কথা? এইবোৰৰ পৰা দেশৰ জনসাধাৰণে আৰু প্ৰশাসনৰ মুৰব্বী পদত থকা ব্যক্তি সকলে কি শিক্ষা ল’ব? দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে কি উদাহৰণ দাঙি ধৰিলে?

এতিয়া চাওক, এই সকল ব্যক্তিলৈঃ অসমৰ মুখ্যমন্ত্ৰীয়ে এসময়ত বিজেপিৰ বিষয়ে কি কৈছিল আৰু বিজেপিয়ে তেওঁৰ বিষয়ে কি কৈছিল। তেওঁ কি কৈছিল সেইটো বাৰু বাদ দিলোঁ। বিজেপিয়ে তেওঁৰ দুৰ্নীতিৰ বিষয়ে কি কৈছিল? এসময়ত এতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে, শুভেন্দু অধিকাৰী, মুকুল ৰয়- এওঁলোক সকলোৰে বিৰুদ্ধে হয় চিবিআই, নহয় আয়কৰ বিভাগৰ গোচৰ আছিল। কিন্তু, যেই তেওঁলোক বিজেপিত যোগ দিলে বা বিজেপিৰ লগত সহযোগ কৰাৰ সিদ্ধান্ত ল’লে, লগে লগে তেওঁলোকৰ সাতখুন মাফ হৈ গ’ল। ক’ত জেলৰ ভাত ক’ত মুখ্যমন্ত্ৰীৰ বাব? মহাৰাষ্ট্ৰৰ চৰকাৰ সলনিৰ ঘটনাটো কি এক যাদু? এইবোৰ মানুহে আকৌ গণতন্ত্ৰৰ কথা কয়!

কিন্তু, তাতোকৈ আমোদজনক কথা হ’ল, লালু প্ৰসাদ যাদৱ, তেজস্বী যাদৱ আৰু আদানীৰ বিষয়টো। আদানীৰ জালিয়াতি জাজ্বল্যমান। সকলোৱে দেখা পায়। কিন্তু মোদীৰ চি বি আই, ই ডি, আয়কৰে দেখা নাপায়। কিয়নো আদানী চৰকাৰৰ বন্ধু। কিন্তু, লালু প্ৰসাদ যাদৱৰ পৰিয়ালৰ ওপৰত মোদীৰ চি বি আই, ইডিৰ অনবৰতে চকু। তাৰ মূল কাৰণ হ’ল বিহাৰৰ ৰাজনীতি আৰু লালু প্ৰসাদ যাদবৰ বিজেপি বিৰোধী স্থিতি। বিহাৰত ২০১৫ চনৰ নিৰ্বাচনত বিজেপি বিৰোধী মহাগতবন্ধনৰ জয় হৈছিল। তাৰ পিছতে, ২০১৭ চনত চি বি আই আৰু আয়কৰ বিভাগে লালু প্ৰসাদ যাদব আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। লগে লগে নীতিশ কুমাৰে আৰজেডিৰ সংগ ত্যাগ কৰে আৰু মহাজোঁট ভংগ হয়।

মহাজোঁট ভংগ কৰাৰ কাৰণেই যে বিজেপি চৰকাৰে লালু প্ৰসাদ যাদৱৰ পৰিয়ালৰ বিৰুদ্ধে চিবিআই আৰু আয়কৰ বিভাগক ব্যৱহাৰ কৰিছিল তাত কোনো সন্দেহ নাই, কিয়নো লালু যাদৱৰ পৰিয়ালৰ বিৰুদ্ধে চি বি আই-এ যিবোৰ অভিযোগ আনিছে, সেই অভিযোগবোৰ বহু পুৰণি। সেই তেতিয়াৰে, যেতিয়া ২০০৪-৮ চনলৈ লালু প্ৰসাদ ভাৰতৰ ৰে’ল মন্ত্ৰী আছিল। ইয়াৰ আগতে, ২০০৮ আৰু ২০১১ চনত দুবাৰকৈ এই অভিযোগ বোৰৰ ভিত্তিত মোকৰ্দমা ৰুজু কৰি চি বি আইএ সাক্ষ্য-প্ৰমাণৰ অভাৱত সেই মোকৰ্দমা সামৰি থৈছিল। মজাৰ কথা এইটোৱেই যে ২০১৭ চনত চি বি আই-এ লালুৰ পৰিয়ালৰ বিৰুদ্ধে কেচ ৰুজু কৰাৰ পিছত মহাগতবন্ধন চৰকাৰৰ পতন হ’ল। নীতিশ বিজেপিৰ ফলীয়া হ’ল আৰু কেচটোও তাতেই গেথেলা মাৰিল।

এতিয়া, আকৌ যেতিয়া নীতিশে বিজেপিৰ সংগ ত্যাগ কৰি তেজস্বীৰ লগ লাগিছে, পুনৰ মহাগতবন্ধন ঠন ধৰি উঠিছে আৰু লাহে লাহে সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি আহিছে, বিজেপি আকৌ লালুৰ পৰিয়ালৰ বিৰুদ্ধে উঠিপৰি লাগিছে। সেই কাৰণেই ২০২২ চনৰ আগষ্টত আকৌ লালুৰ পৰিয়াল আৰু পৰিয়ালৰ লগত সম্পৰ্ক থকা ১৭ ঠাইত চি বি আই-এ তালাচী আৰম্ভ কৰিছিল। সৌ সিদিনা মাৰ্চ মাহৰ ৬ তাৰিখলৈ এই তালাচী আৰু সোধপোচ চলিছিল। ইয়াৰ মূল কাৰণ কি? আমি দেখিছোঁ যে ইডি, চি বি আই আৰু আয়কৰ বিভাগৰ দাণ্ডা দেখুৱাই বিজেপিয়ে উত্তৰ-পূব ভাৰত, পশ্চিম বংগ, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত বহুখিনি ৰাজনৈতিক সুবিধা আদায় কৰি লৈছে। সেই কাৰণেই সম্পূৰ্ণ ৰাজনৈতিক কাৰণতে বিজেপিয়ে লালুৰ পৰিয়ালক ব্যতিব্যস্ত কৰি ৰাখিব বিচাৰে।

ইফালে, আদানীৰ সমগ্ৰ জালিয়াতি আমাৰ সকলোৰে চকুৰ আগত, অথচ বিজেপি নিমাত। আদানীৰ কথালৈ আজি পাঁচ দিন সংসদৰ কাম কাজ অচলহৈ আছে। এই হৈছে ৰাতিক দিন, দিনক ৰাতি কৰা আজিৰ বিজেপিৰ নীতি আদৰ্শ। ইমান পক্ষপাতিত্বমূলক, দুমুখীয়া ৰাজনীতি ইয়াৰ আগতে আমি কেতিয়াও দেখা নাই। এইবোৰ সকলোৱে জনা কথা যদিও বাৰে বাৰে কৈ এই কথাবোৰ আমি ৰাইজৰ পদূলিলৈ লৈ যাব লাগিব।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd