• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নাৰী নিৰ্যাতন সম্পৰ্কীয় তথ্য প্ৰদানৰ বাবে সময় বিচাৰিলে কংগ্ৰেছে: দিল্লী আৰক্ষীৰ পদক্ষেপক গৰিহণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2023 2:59 pm
Rahul Gandhi
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজোৰা ভাৰত জোড়ো যাত্ৰাৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শ্ৰীনগৰত দেশত এতিয়াও মহিলাসকল নিৰ্যাতিত হৈ আছে বুলি কৰা মন্তব্য সন্দৰ্ভত তথ্য সংগ্ৰহৰ বাবে কালি দিল্লী আৰক্ষীৰ শীৰ্ষ বিষয়াৰ এটা দল ৰাহুল গান্ধীৰ বাসগৃহত উপস্থিত হোৱাৰ পিছত তথ্য প্ৰদানৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰিছে কংগ্ৰেছে।

দিল্লী আৰক্ষীয়ে যোৱা ১৬ মাৰ্চত সামাজিক মাধ্যমত প্ৰকাশ পোৱা পোষ্টৰ প্ৰতি সঁহাৰি জনাই ৰাহুল গান্ধীক যৌন নিৰ্যাতন সন্দৰ্ভত তেওঁক অৱগত কৰা মহিলাসকলৰ বিষয়ে সবিশেষ তথ্য প্ৰদান কৰিবলৈ এক জাননী প্ৰেৰণ কৰিছিল। কিন্তু ৰাহুল গান্ধীয়ে এই জাননীৰ প্ৰতি কোনো সঁহাৰি নজনোৱাত কালি তেওঁৰ বাসগৃহত উপস্থিত হৈছিল দিল্লী আৰক্ষী।

Apply Now

দিল্লী আৰক্ষীৰ এই পদক্ষেপৰ পাছতে কংগ্ৰেছে আইন অনুসৰি জাননীৰ প্ৰতি যথা সময়ত সঁহাৰি দিয়া হ’ব বুলি উল্লেখ কৰে। এক টুইট যোগে কংগ্ৰেছে কয় যে ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীক সাক্ষাৎ কৰি মহিলাসকলে তেওঁলোক সন্মুখীন হোৱা নিৰ্যানত তথা হিংসাত্মক কাৰ্যকলাপৰ বিষয়ে জনাইছিল।

এতিয়া যাত্ৰা সম্পূৰ্ণ হোৱাৰ ৪৫ দিন পাছত দিল্লী আৰক্ষীয়ে জাননীৰ জৰিয়তে এনে মহিলাসকলৰ সবিশেষ তথ্য বিচাৰিছে বুলি উল্লেখ কৰি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ সম্পৰ্কক লৈ কৰা প্ৰশ্নত দিকভ্ৰান্ত হৈ পৰাৰ বাবেই চৰকাৰে আৰক্ষীৰ আঁৰত লুকাবলৈ চেষ্টা কৰিছে বুলি কংগ্ৰেছে টুইটটোত লগতে অভিযোগ কৰিছে।

আন এটা টুইটত কংগ্ৰেছে লগতে কয়, “আমি আইন অনুসৰি জাননীখনৰ প্ৰতি যথা সময়ত সঁহাৰি দিম। এই জাননীখন আতংকিত চৰকাৰ আৰু গণতন্ত্ৰ, মহিলা সবলীকৰণ, মত প্ৰকাশৰ স্বাধীনতা আৰু বিৰোধীৰ ভূমিকা দুৰ্বল কৰাৰ বাবে চৰকাৰৰ শেহতীয়া ষড়যন্ত্ৰৰ আন এক প্ৰমাণ।”

ইফালে কালি ৰাহুল গান্ধীৰ বাসগৃহত উপস্থিত থকা বিশেষ আৰক্ষী আয়ুক্ত সাগৰ প্ৰীত হুদাই সাংবাদিকৰ সৈতে বাৰ্তালাপত কয়, “আমি তেওঁৰ সৈতে আলোচনাৰ বাবে আহিছো। যোৱা ৩০ জানুৱাৰীত শ্ৰীনগৰত ৰাহুল গান্ধীয়ে এক বিবৃতিত ভাৰত জোড়ো যাত্ৰাৰ সময়ত তেওঁ কেইবাগৰাকীও মহিলাক লগ পাইছিল আৰু তেওঁলোক ধৰ্ষণৰ বলি হোৱাৰ কথা জনাইছিল বুলি উল্লেখ কৰিছিল।”

“আমি তেওঁৰ পৰা এই মহিলাসকলৰ বিষয়ে সবিশেষ তথ্য ল’বলৈ চেষ্টা কৰিছো যাতে ভুক্তভোগী মহিলাসকলক ন্যায় দিব পৰা যায়।”- আৰক্ষী বিষয়াগৰাকীয়ে লগতে এইদৰে উল্লেখ কৰিছিল। গান্ধীক সাক্ষাৎ কৰাৰ পিছত এই তথ্য প্ৰদানৰ বাবে কংগ্ৰেছে অধিক সময়ৰ প্ৰয়োজন বুলি উল্লেখ কৰাৰ কথা সাগৰ প্ৰীত হুদাই লগতে সাংবাদিকৰ আগত ব্যক্ত কৰিছিল।

আনহাতে দিল্লী আৰক্ষীয়ে ৰাহুল গান্ধীৰ বাসগৃহ ভ্ৰমণ কৰাৰ পাছতে আৰক্ষীৰ এই পদক্ষেপক গৰিহণা দিছে কংগ্ৰেছে। এক টুইটত কংগ্ৰেছে কয় যে ‘ভাৰত জোড়ো যাত্ৰা’ আৰু ৰাহুল গান্ধীয়ে মহিলাসকলক তেওঁলোকৰ সমস্যা আৰু সন্মুখীন হোৱা লাঞ্ছনাৰ বিষয়ে অৱগত কৰিবলৈ এক নিৰাপদ মঞ্চ দিলে।

কিন্তু এতিয়া দিল্লী আৰক্ষীৰ এই লজ্জাজনক কাৰ্যই কংগ্ৰেছে আদানী গোচৰ সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ বাবে প্ৰধানমন্ত্ৰী মোদী উদ্বিগ্ন হৈ পৰাৰ কথা প্ৰমাণ কৰিছে বুলি কংগ্ৰেছে দাবী কৰে। লগতে এনে ধৰণৰ কাৰ্যই দলৰ সাহস অধিক বৃদ্ধি কৰিছে বুলি উল্লেখ কৰি কংগ্ৰেছে চৰকাৰৰ পৰা উত্তৰ বিচৰা কাৰ্য অব্যাহত ৰাখিব বুলি সকীয়াই দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd