• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তৃতীয় মৰ্চাৰ কুচকাৱাজ! পত্ৰ যোগে সাত ৰাজ্যৰ মুখ্যমন্ত্ৰীক দিল্লীলৈ নিমন্ত্ৰণ কেজৰিৱালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2023 10:51 pm
Kejriwal
157
VIEWS
Share on FacebookShare on Twitter

চমু চাপিছে ২০২৪ চনৰ লোকসভা নিৰ্বাচন। দিল্লীৰ মচনদ দখলৰ লক্ষ্যৰে শাসকীয় বিজপিৰ জোৰদাৰ ৰণনীতিৰ পৰিৱৰ্তে তৃতীয় মৰ্চা গঠনৰ কুচকাৱাজ অব্যাহত আছে বিৰোধীৰ মাজত। এইবাৰ তৃতীয় মৰ্চা গঠনৰ সূত্ৰধাৰৰ ৰূপত অৱতীৰ্ণ হৈছে দিল্লীৰ মুখ্যমন্ত্রী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল।

সূত্ৰ অনুসৰি, অৰবিন্দ কেজৰিৱালে সাতখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ ১৮ মাৰ্চত দিল্লীলৈ নিমন্ত্ৰণ জনাই পত্ৰ প্ৰেৰণ কৰিছিল। সূত্ৰ অনুসৰি, কেজৰিৱালে আমন্ত্ৰণ জনোৱা মুখ্যমন্ত্ৰীসকলৰ ভিতৰত আছে বংগৰ মমতা বেনাৰ্জী, কেৰালাৰ পিনাৰায় বিজয়ন, তামিলনাডুৰ এম কে ষ্টালিন, ঝাৰখণ্ডৰ হেমন্ত ছ’ৰেন, তেলেংগানাৰ কে চন্দ্ৰশেখৰ ৰাও, বিহাৰৰ নীতিশ কুমাৰ।

অৱশ্যে স্বাস্থ্যজনিত কাৰণত তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে কেজৰিৱালৰ এই নিমন্ত্ৰণ নাকচ কৰিছে বুলিও সূত্ৰত প্ৰকাশ। মূলত: কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপিৰ বিৰুদ্ধে যুঁজি থকা মুখ্যমন্ত্ৰীসকলৰ এক প্ৰগতিশীল গোট গঠন কৰাৰ উদ্দেশ্যেই কেজৰিৱালে এই প্ৰচেষ্টা গ্ৰহণ কৰা বুলি দাবী কৰা হৈছে।

উল্লেখ্য যে, বিগত সময়চোৱাত বিৰোধীৰ মাজত তৃতীয় মৰ্চা গঠনৰ বাবে ব্যাপক প্ৰচেষ্টা গা কৰি উঠা দেখিবলৈ পোৱা গৈছে। কে চন্দ্ৰশেখৰ ৰাওৱে প্ৰথমে বিজেপি আৰু কংগ্ৰেছ বিহীন বিৰোধী মিত্ৰজোঁটৰ বাবে আগভাগ লৈছিল যদিও আনসমূহ দলৰ পৰা প্ৰত্যাশিত সঁহাৰি লাভ নকৰাত এই চেষ্টা ত্যাগ কৰে।

ইয়াৰ পিছতে তেওঁ নিজ দল তেলেংগানা ৰাষ্ট্ৰ সমিতিক ৰাষ্ট্ৰীয় দল হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ভাৰত ৰাষ্ট্ৰ সমিতি নামেৰে নামাকৰণ কৰে আৰু দেশৰ আন ৰাজ্যৰ ৰাজনীতিতো ব্যপ্ত হোৱাৰ প্ৰচেষ্টা চলায়। চন্দ্ৰশেখৰ ৰাৱে নিজ দলক আঞ্চলিক দলৰ পৰা ৰাষ্ট্ৰীয় দললৈ ৰূপান্তৰিত কৰা অনুষ্ঠানত উপস্থিত থকা নেতাসকলৰ ভিতৰত কেজৰিৱাল আছিল অন্যতম।

সেইদৰে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও তৃতীয় মৰ্চা গঠনৰ উদ্দেশ্যে কুচকাৱাজ চলোৱা পৰিলক্ষিত হৈছিল। আনহাতে বিজেপিৰ সংগ ত্যাগ কৰি আৰ জে ডিৰ সহযোগত চৰকাৰ গঠন কৰা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও ঐক্যবদ্ধ বিৰোধীৰ এক উমৈহতীয়া মঞ্চ গঠনৰ ক্ষেত্ৰত সক্ৰিয় ৰূপত অৱতীৰ্ণ হৈছিল।

অৱশ্যে তৃতীয় মৰ্চা গঠনৰ এই কুচকাৱাজত নীতিশ কুমাৰৰ বাদে আনকেইগৰাকী বিৰোধী নেতাই কংগ্ৰেছৰ প্ৰতি তেনে কোনো সঁহাৰি আগবঢ়োৱা নাছিল। এতিয়া আপ মুৰব্বী কেজৰিৱালৰ ৰণনীতিৰ পৰাও বাদ পৰিছে কংগ্ৰেছ দল। এনে পৰিস্থিতিত ২৪ ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত বিৰোধী দলসমূহৰ ৰাজনৈতিক ৰণনীতি লক্ষণীয় হৈ পৰিছে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd