মুকলি আকাশৰ তললৈ অহাত আৰু বিলম্ব ঘটিব মনীষ চিছ’দিয়াৰ। দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীক আজি আদালতে পুনৰ দুসপ্তাহৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ফলশ্ৰুতিত সুৰা কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা আপ নেতাগৰাকী এতিয়া ৫ এপ্ৰিললৈকে তিহাৰ কাৰাগাৰতে কাৰাৰুদ্ধ থাকিব লাগিব।
সুৰা নীতিৰ গোচৰত ধন সৰবৰাহৰ অভিযোগত কেন্দ্ৰীয় সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে চিছ’দিয়াক আদালতত হাজিৰ কৰোৱাৰ পিছত বিশেষ ন্যায়াধীশ এম কে নাগপালে ৫ এপ্ৰিললৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীক।
ইফালে আন এটা তদন্তকাৰী সংস্থা চিবিআইয়ে তদন্ত চলাই থকা মূল সুৰা নীতিৰ গোচৰত চিছ’দিয়াৰ জামিন আবেদনৰ শুনানি মঙলবাৰে স্থগিত ৰাখিছিল বিশেষ আদালতে। এতিয়া শনিবাৰে আদালতে মূল গোচৰটোত চিছ’দিয়াৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব।
উল্লেখ্য যে, দিল্লী আবকাৰী নীতি ২০২১-২২ৰ খচৰা প্ৰস্তুত আৰু ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগত চিবিআইয়ে ২৬ ফেব্ৰুৱাৰীত চিছ’দিয়াক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে এই সুৰা নীতিৰ ধন সৰবৰাহৰ অভিযোগত ৯ মাৰ্চত তিহাৰ কাৰাগাৰতে চিছ’ডিয়াক গ্ৰেপ্তাৰ কৰিছিল এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে।
মঙলবাৰে চিছ’দিয়াই আদালতত তেওঁৰ পত্নী অসুস্থ আৰু তেওঁৰ যত্ন ল’বলৈ কোনো নথকাৰ কাৰণ দৰ্শাই জামিনৰ বাবে আবেদন জনাইছিল। কিন্তু চিবিআইয়ে তেওঁৰ জামিনৰ বিৰোধিতা কৰি জামিন লাভ কৰিলে চিছ’দিয়াই গোচৰৰ সৈতে জড়িত প্ৰমাণ ধ্বংস কৰিব পাৰে বুলি আপত্তি দৰ্শাইছিল।