যোৱা ৩১ মাৰ্চৰ সন্ধিয়া গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ চেন্টাৰ্ ফৰ্ মাল্টিডিছিপ্লিনেৰী ষ্টাডিজৰ উদ্যোগত এক বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। জাৰ্মানীৰ হেইদেলবাৰ্গ বিশ্ববিদ্যালয়ৰ চেন্টাৰ্ ফৰ্ এছিয়ান এণ্ড ট্ৰান্সকাৰচাৰেল ষ্টাডিজৰ গৱেষক অধ্যাপক আন্জে ডিজাইৰি ছেনজ্ আৰু ড০ ডেইটাৰ ৰাইন্হাৰ্ডটে চীন আৰু বাংলাদেশৰ সাম্প্ৰতিক অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া তেওঁলোকৰ গৱেষণালব্ধ জ্ঞান আৰু অভিজ্ঞতাৰ ভিত্তিত দুটি মনোগ্ৰাহী আৰু চিন্তাকর্ষক বক্তৃতা প্ৰদান কৰে।
অধ্যাপক ড০ ছেনজে তেওঁৰ বক্তৃতাত চীনৰ সাম্প্ৰতিক বিকাশ আৰ্হিৰ ঐতিহাসিক পটভূমি উল্লেখ কৰি সত্তৰৰ দশকৰ পৰা কি ভাৱে চীনে ক্ৰমান্বয়ে এক বিকেন্দ্ৰীকৰণ আৰু শিথিল নিয়ন্ত্ৰণৰ মাজেৰে দেশখনৰ অৰ্থনৈতিক বিকাশৰ এক নতুন ধাৰা আৰম্ভ কৰিছিল ব্যাখ্যা কৰে। ইয়াৰ ফলত নগৰীকৰণ আৰু প্ৰদূষণে কেনেকৈ দেশখনৰ আৰু লগতে সমগ্ৰ অঞ্চলৰ অৰ্থনীতি আৰু পৰিৱেশৰ মাজৰ সমন্বয় বিনষ্ট কৰিছে এই বিষয়েও অধ্যাপক ছেনজে সুন্দৰ আলোচনা আগবঢ়ায়।
অনুষ্ঠানটিৰ দ্বিতীয় বক্তৃতাটিত আন এগৰাকী বিশিষ্ট গৱেষক ড০ ৰাইন্হাৰ্ডটে বাংলাদেশৰ ক্ষীপ্ৰ অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া সম্পৰ্কে এক বিশ্লেষণাত্মক আলোচনা আগবঢ়ায়। বাংলাদেশৰ কয়লাভিত্তিক শক্তি উৎপাদন প্ৰক্ৰিয়াই কিভাৱে বিশ্ববিখ্যাত সুন্দৰবনৰ পাৰিৱেশিক সন্তুলনত কুপ্ৰভাৱ পেলাই সমগ্ৰ ভূখণ্ডৰে এক ব্যাপক অঞ্চলত প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে- এই বিষয়ে ড০ ৰাইন্হাৰ্ডটে আঙুলিয়াই দিয়ে। দুয়োগৰাকী গৱেষকে চীন আৰু বাংলাদেশ চৰকাৰে কি ভাৱে পৃথিৱীৰ বিভিন্ন দেশৰ উদ্যোগ আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ পৰা লাভ কৰা আৰ্থিক বিনিয়োগৰ জৰিয়তে অতি ক্ষীপ্ৰতাৰে দেশ দুখনৰ অৰ্থনৈতিক বিকাশৰ আৰ্হি প্ৰস্তুত কৰিছে আলোচনা কৰে।
গোলকীকৰণ আৰু পৰিৱৰ্তিত আন্ত:ৰাষ্ট্ৰীয় ভূ-ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত এই দুই দেশৰ অৰ্থনৈতিক আৰ্হিয়ে কি সম্ভাৱনা আৰু সংকটৰ বাট মুকলি কৰিব পাৰে এই বিষয়েও দুয়োগৰাকী বক্তাই চিন্তা উদ্ৰেককাৰী মন্তব্য আগবঢ়ায়।
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত অনুষ্ঠিত এই বক্তৃতানুষ্ঠানটিত ভূটানৰ গুৱাহাটীস্থিত কনচুল জেনেৰেল জিগমি থিন্লাই নামগয়াল, অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল প্ৰণৱ ভড়ালী প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদ, গৱেষক আৰু সাংবাদিকে অংশগ্ৰহণ কৰে।
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক সংস্থা শ্ৰীমন্ত শংকৰ একাডেমীৰ সচিব বিজয়ানন্দ চৌধুৰী, গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক অলক কুমাৰ বুঢ়াগোহাঁই আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কন্দৰ্প দাস আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰী এই অনুষ্ঠানত উপস্থিত থাকে।