• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰৰ ৰাজ্যপাল হিচাপে অতিৰিক্ত দায়িত্ব গ্ৰহণ কৰিব অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে

চভাপতি চামম by চভাপতি চামম
May 2, 2018 10:04 am
Jagdish-Mukhi-1

অসমৰ ৰাজ্যপাল জগদীশ মুখী

164
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে মণিপুৰৰ ৰাজ্যপাল হিচাপে দায়িত্ব গ্ৰহণ কৰিব। চাৰি সপ্তাহৰ বাবে মণিপুৰৰ ৰাজ্যপাল ড০ নাজমা হেপতুল্লাহৰ অনুপস্থিতিত অসমৰ ৰাজ্যপাল জগদীশ মুখীক এই অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে।

মণিপুৰৰ অতিৰিক্ত ৰাজ্যপাল হিচাপে দায়িত্ব দিয়া অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে ইম্ফলস্থিত ৰাজভৱনত বুধবাৰে আবেলি ৩ বজাত দায়িত্ব গ্ৰহণ কৰিব।

উল্লেখ্য যে মণিপুৰৰ স্থায়ী ৰাজ্যপাল নাজমা হেপতুল্লাই আজি আমেৰিকা যুক্তৰাষ্ট্ৰলৈ উৰা মাৰিব। সেয়ে যোৱা ২৭ এপ্ৰিলত ৰাষ্ট্ৰপতি ভৱনৰ পৰা অহা এক নিৰ্দেশ অনুযায়ী নাজমা হেপতুল্লাৰ অনুপস্থিতিত অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে অতিৰিক্ত ৰাজ্যপাল হিচাপে মণিপুৰৰ দায়িত্ব গ্ৰহণ কৰিব।

উল্লেখ্য যে ২০১৪ত কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা এতিয়ালৈ মণিপৰুত ৫ গৰাকী ৰাজ্যপালে দায়িত্ব গ্ৰহণ কৰিছে। আৰু জগদীশ মুখী হ’ব মণিপুৰৰ ষষ্ঠ ৰাজ্যপাল।

জগদীশ মুখী এজন ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসমৰ ৰাজ্যপাল। তেওঁ ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱী সংঘৰ সদস্য। অসমৰ ৰাজ্যপাল নিযুক্ত হোৱাৰ আগতে তেওঁ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপ-ৰাজ্যপাল হিচাপে কৰ্মৰত আছিল। ইয়াৰ আগতে তেওঁ দিল্লী চৰকাৰৰ বিত্ত, পৰিকল্পনা, আৱকাৰী আৰু কৰ আৰু উচ্চ শিক্ষা মন্ত্ৰী হিচাপে সেৱা আগবঢ়াইছিল।

মনকৰিবলগীয়া যে ১৯৯৭ চনত তেতিয়াৰ পৰিকল্পনা মন্ত্ৰী প্ৰণৱ মুখাৰ্জীয়ে জগদীশ মুখীক শ্ৰেষ্ঠ বিত্ত আৰু পৰিকল্পনা মন্ত্ৰীৰ পুৰস্কাৰ প্ৰদান কৰে আৰু ২০০২ চনত লোকসভাৰ অধ্যক্ষ মনোহৰ যোসীয়ে তেওঁক শ্ৰেষ্ঠ বিধায়কৰ সন্মান প্ৰদান কৰে।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd