• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

আম্বেদকাৰৰ প্ৰাসংগিকতা: দুই-এটা দিশ

জিতেন বেজবৰুৱা by জিতেন বেজবৰুৱা
April 14, 2023 1:09 pm
Ambedkar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অলপতে ঘটা দলিত স্কলাৰ ৰোহিত ভেমুলাৰ আত্মহত্যাৰ ঘটনাই ইতিমধ্যে দেশজুৰি প্ৰতিবাদৰ জোৱাৰ তুলিছে। হিন্দুত্ববাদী শাসনাসীন চৰকাৰ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ঘটা এই ঘটনাক আমি নিঃসন্দেহে প্ৰাতিষ্ঠানিক হত্যা আখ্যা দিব পাৰো। সাম্প্ৰতিক ভাৰতীয় ৰাজনীতিৰ এয়া এক কেন্দ্ৰীয় আৰু অতিকে অৰ্থৱহ ঘটনা। জীৱন আৰু মতাদৰ্শ উভয় দিশৰপৰাই ৰোহিত ভেমুলা হ’ল আম্বেদকাৰৰ সন্তান। গতিকে প্ৰথমতে, সাম্প্ৰতিক ভাৰতবৰ্ষৰ সমাজ তথা ৰাজহুৱা প্ৰতিষ্ঠানসমূহত আধুনিকীকৃত আৰু ৰূপান্তৰিত ৰূপত বৰ্ণবাদ কিদৰে ব্যাপ্ত হৈ আছে তাৰ সাক্ষ্য এই ঘটনাৰাজিয়ে স্পষ্ট আৰু অধিক বলিষ্ঠ ৰূপত প্ৰতিষ্ঠা কৰিছে।
দ্বিতীয়তে, আম্বেদকাৰক লৈ বিভিন্ন সামাজিক শক্তিৰ মাজত চলি থকা অহৰহ টনা-আঁজোৰাও এই ঘটনাৰাজিয়ে প্ৰতিফলিত কৰিছে। তৃতীয়তে, বাহিৰৰ ধূলি-মাকতিয়ে ঢুকি নোপোৱা পৱিত্ৰ জ্ঞানচৰ্চাৰ থলী হিচাপে থকা বিশ্ববিদ্যালয়ৰ এলিটিষ্ট চৰিত্ৰক এই ঘটনাৰাজিয়ে পুনৰ্বাৰ প্ৰশ্ন কৰিছে। বিশ্ববিদ্যালয়ৰ প্ৰাতিষ্ঠানিক তথা মতাদৰ্শগত গাঁথনি আৰু বাহিৰৰ সমাজখনৰ সৈতে থকা ইয়াৰ সম্পৰ্ক – এই দুইটাৰে ৰাজনৈতিকীকৰণ কৰাটো যে জৰুৰী সেয়া ই সজোৰে সাব্যস্ত কৰিছে। আমি উপৰোক্ত দ্বিতীয়টো পইণ্ট সম্পৰ্কেহে দুই-এটা কথা ক’বলৈ যত্ন কৰিম।
কিছু দিনৰ আগতে ‘Tehelka’ পত্ৰিকাৰ ৱেবছাইটত এটা কাৰ্টুন দেখিছিলো। নামটো হ’ল ‘Selfie with Ambedkar’ : তাত দেখা গৈছে যে আম্বেদকাৰে নিজৰ ছেলফি তুলিছে আৰু তেওঁৰ কান্ধে-পিঠিয়ে বিভিন্ন ৰঙৰ বহুকেইজন ৰাজনৈতিক ব্যক্তি উঠি-ওলমি আছে – মায়াৱতী, মোহন ভাগৱত, নৰেন্দ্ৰ মোদী, ছোনিয়া গান্ধী, প্ৰকাশ কাৰাত। কিন্তু আমি ভাবো, গভীৰতৰ স্তৰত আম্বেদকাৰক লৈ ঘাই মতাদৰ্শগত যুদ্ধখন চলিছে হিন্দুত্ববাদী আৰু দলিত শক্তিৰ মাজত। অৱশ্যে ইয়াক দুটা পক্ষৰ মাজত যুদ্ধ বুলি কোৱাতকৈ, হিন্দুত্ববাদী শক্তিৰদ্বাৰা আম্বেদকাৰক আত্মসাৎকৰণৰ চেষ্টা বুলি ক’লেহে অধিক শুদ্ধ হ’ব।
শেহতীয়াভাৱে সংঘ পৰিবাৰে এই চেষ্টাত অধিক তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে : আম্বেদকাৰৰ ৰচনাৱলী প্ৰকাশ, তেওঁক লৈ ছেমিনাৰ আদি কৰাৰপৰা দলিতসকলৰ মাজত চলোৱা বিভিন্নধৰণৰ প্ৰচাৰলৈকে ধৰি ইয়াত বিভিন্নধৰণৰ পদ্ধতি অৱলম্বন কৰা হৈছে। ইয়াত কেৱল বিজেপিৰ ভোটৰ স্বাৰ্থ জড়িত হৈ আছে বুলি ভাবিলে ভুল হ’ব। আম্বেদকাৰৰ চিন্তা আৰু আদৰ্শই দাঙি ধৰা প্ৰত্যাহ্বানটোৱেই হ’ল হিন্দু জাতীয়তাবাদৰ বাবে হয়তো একমাত্ৰ প্ৰত্যাহ্বান যাৰ সন্মুখত সি ইমান বেছি অস্বস্তি অনুভৱ কৰে আৰু যাক মোকাবিলা কৰাৰ কোনো উপায় তাৰ হাতত নাই। অন্য সকলোধৰণৰ প্ৰত্যাহ্বানৰ প্ৰতি ইয়াৰ উপযুক্ত অভিধা আছে, উপযুক্ত জবাব আছে। কিন্তু সেইধৰণে আম্বেদকাৰৰ নাম উচ্চাৰণ কৰাটো অসম্ভৱ। সেয়ে আম্বেদকাৰৰ আত্মসাৎকৰণৰ বিকল্প নাই।
সেয়ে যি সময়ত কেন্দ্ৰীয় মন্ত্ৰীৰ মুখত যেতিয়াই-তেতিয়াই আম্বেদকাৰৰ নাম শুনিবলৈ পোৱা যায়, সেই সময়ত আম্বেদকাৰৰ চিন্তা আৰু আদৰ্শৰ প্ৰতিভূ ৰোহিত ভেমুলাহঁত ‘দেশদ্ৰোহী’ হৈ পৰাটোৱেই স্বাভাৱিক। আমি মনত ৰখা ভাল যে দলিত-নিম্নবৰ্ণ প্ৰশ্নটোৰ লগত হিন্দু জাতীয়তাবাদৰ সম্পৰ্ক আকস্মিক বা উপৰুৱা নহয়, বৰং দুইটাৰ মাজত এক জৈৱিক আৰু দ্বান্দ্বিক সম্পৰ্ক আছে। হিন্দু জাতীয়তাবাদৰ উত্থানৰ ইতিহাসলৈ যদি চাওঁ, দলিত-নিম্নবৰ্ণ শক্তিৰ ৰেডিকেল ৰাজনৈতিক আত্মঘোষণাই সৃষ্টি কৰা উচ্চবৰ্ণসমূহৰ সামাজিক আধিপত্যৰ সংকট তথা প্ৰান্তীয়কৰণৰ সংশয় আছিল হিন্দু জাতীয়তাবাদৰ উত্থানৰ এটা কেন্দ্ৰীয় কাৰণ। আনহাতে, শেহতীয়া ৰাজনৈতিক পৰিক্ৰমাত মণ্ডল আৰু বাবৰি মছজিদৰ মাজৰ গভীৰ আন্তঃসম্পৰ্কৰ যোগেদি এই সত্য পুনৰ্বাৰ প্ৰতীয়মান হৈ উঠিছে। ইয়াৰপৰা হিন্দু জাতীয়তাবাদৰ আগ্ৰাসনৰ সাম্প্ৰতিক পৰিস্থিতিত আম্বেদকাৰৰ প্ৰাসংগিকতা আৰু তাৎপৰ্য অধিক ফটফটীয়াকৈ বুজিব পাৰি।
আমি ঘাইকৈ তিনিটা দিশৰপৰা আম্বেদকাৰৰ প্ৰাসংগিকতাৰ প্ৰশ্নটো উনুকিয়াব খুজিছো : প্ৰথম, হিন্দুধৰ্মীয় সমাজব্যৱস্থাৰ এক আভ্যন্তৰীণ সমালোচনাৰ বিকাশ কৰোতা হিচাপে; দ্বিতীয়, ভাৰতীয় প্ৰেক্ষাপটত আধুনিকতাৰ এক বৈকল্পিক পথৰ সন্ধান কৰোতা হিচাপে; তৃতীয়, ভাৰতীয় সমাজত পুৰুষতন্ত্ৰৰ বিশিষ্ট ৰূপ তথা নাৰী শোষণৰ স্বৰূপ দাঙি ধৰোতা হিচাপে। আচলতে এইসমূহ আম্বেদকাৰৰ সামগ্ৰিক সামাজিক দৰ্শনৰ তিনিটা আন্তঃসম্পৰ্কযুক্ত দিশহে মাত্ৰ। শাস্ত্ৰ-অনুমোদিত স্তৰীভূত বৈষম্য আৰু শোষণৰ ওপৰত আধাৰিত হিন্দু সামাজিক গাঁথনিৰ যি সমালোচনা আম্বেদকাৰে বিকশিত কৰিছিল সেয়া আছিল সমাজৰ নিম্নবৰ্গৰ দৃষ্টিকোণৰপৰা কৰা এক মৌলিক আৰু আভ্যন্তৰীণ সমালোচনা। সি সামাজিক গাঁথনিটোৰ মৰ্মমূলত আঘাত কৰিছিল। গাঁথনিটোৰ আমূল পৰিবৰ্তনেহে সি বৰ্তাই ৰখা বিচিত্ৰ আৰু জটিল পদানুক্ৰমবদ্ধ শোষণৰ অন্ত পেলাব পাৰিব আৰু তাৰ জৰিয়তেহে দলিত-নিপীড়িতসকলৰ সামাজিক মুক্তি নিশ্চিত হ’ব – উচ্চবৰ্ণ সংস্কাৰবাদীসকলে পৃষ্ঠপোষকতা কৰাধৰণৰ কোনো সংস্কাৰে তাৰ মৌলিক পৰিবৰ্তন সাধন কৰিব নোৱাৰে।
আনহাতে, ৰাজনৈতিক মুক্তিৰ পূৰ্বচৰ্ত হিচাপে সামাজিক মুক্তিৰ প্ৰয়োজনীয়তা তেওঁ সজোৰে উত্থাপন কৰিছিল। দলিত-নিপীড়িতসকলৰ সামাজিক মুক্তিৰ উদ্দেশ্যৰদ্বাৰা তেওঁৰ সামাজিক সমালোচনা পৰিচালিত হৈছিল। তেওঁৰ সমালোচনাক সেয়ে আমি নিশ্চয়কৈ এক পৰিবৰ্তনকামী আভ্যন্তৰীণ সমালোচনা বুলি অভিহিত কৰিব পাৰো। এই ক্ষেত্ৰত তেওঁক নেহৰুৰ বিপৰীতে থিয় কৰাই চাব পাৰি। হিন্দু ঐতিহ্যৰ মাজত নেহৰুৱেও প্ৰতিবাদী-মানৱতাবাদী উপাদানৰ সন্ধান কৰিছিল, কিন্তু ব্ৰাহ্মণ্যবাদী ৰোমাণ্টিকতাৰে সিক্ত সেই সন্ধান আবদ্ধ আছিল উচ্চবৰ্ণীয় চিন্তাধাৰাৰ মাজত। এক সৰ্বঢাক সমন্বয়ৰ মন্ত্ৰ প্ৰচাৰ কৰাৰ মাধ্যমেৰে এই আদৰ্শই বৰ্ণবাদী গাঁথনিটোক স্বাভাৱিকীকৃত আৰু মজ্জাগত ৰূপ প্ৰদান কৰিছিল। আনহাতে, আম্বেদকাৰৰ অৱস্থান আছিল সমাজৰ নিম্নবৰ্গ দলিত-নিপীড়িতসকলৰ মাজত।
এটা কথা ঠিক যে আম্বেদকাৰে তেওঁৰ বিশ্লেষণৰ সঁজুলিসমূহ এনলাইটেনমেণ্টৰপৰাই আহৰণ কৰিছিল। কিন্তু তেওঁ সেইবোৰ পদানুক্ৰমবদ্ধ সামাজিক গাঁথনিটোত তলৰ পিনৰপৰা প্ৰয়োগ কৰিছিল। আমি ভাবো যে এই প্ৰয়োগে সমাজত একপ্ৰকাৰ বৈকল্পিক আধুনিকতাৰ সম্ভাৱনা উন্মোচিত কৰিছিল। শেহতীয়া দশকসমূহত ভাৰতত নেহৰুবাদী উন্নয়ন আৰু আধুনিকতাৰ মডেলটোৰ এক ক্ৰমাৱক্ষয় ঘটিবলৈ ধৰিছে, আৰু সমান্তৰালভাৱে তাৰ নৈতিক আবেদনো লাহে লাহে হ্ৰাস পাইছে। মডেলটোৰ গুৰুতৰ সীমাবদ্ধতা তথা সমস্যাসমূহৰ বৌদ্ধিক সমালোচনাও বিভিন্ন স্তৰত বিকশিত হৈছে। কোৱা হৈছে যে আধুনিকতাৰ প্ৰমূল্যসমূহ পৰম্পৰাবদ্ধ ভাৰতীয় সমাজৰ বাবে বাহিৰা বস্তু, সেইসমূহে কেতিয়াবা সৰ্বসাধাৰণ জনতাৰ মনোজগতত প্ৰবেশ কৰিব পাৰিব বুলি ভবাটো ভুল – সেইসমূহ কেৱল আধুনিকীকৃত এলিট গোষ্ঠী এটাৰে সম্পদ হৈ থাকিব। তাৰ সলনি পৰম্পৰাৰ মাজতে সহনশীলতাৰ উঁহ বিচাৰি উলিওৱা উচিত।
এয়া নিশ্চয়কৈ নেহৰুবাদী আধুনিকতাৰ এক অন্তৰ্ভেদী সমালোচনা। কিন্তু সেইবুলি পৰম্পৰাবাদৰ মাজত অৱগাহন কৰাটো নিশ্চয় অনিবাৰ্য নহয় (লাগিলে সেয়া ‘সমালোচনাত্মক পৰম্পৰাবাদ’-এই হওক)। এই ক্ষেত্ৰত আমাক আম্বেদকাৰে বহু দূৰলৈ বাট দেখুৱাব পাৰিব বুলি আমাৰ ভাব হয়। কোৱা হৈছে যে তেওঁ আধুনিকতাৰ প্ৰমূল্যসমূহ সমাজৰ তলৰ পিনৰপৰা প্ৰয়োগ কৰিছিল : সেয়ে প্ৰথমতে, দলিত-নিপীড়িতসকলৰ অন্তৰাত্মাত এই প্ৰমূল্যসমূহ মিহলি হৈ যাব পাৰে; দ্বিতীয়তে, ইয়াৰ মাজত সমগ্ৰ সামাজিক গাঁথনিটোৰ সৰ্বাত্মক ৰূপান্তৰৰ সম্ভাৱনা নিহিত হৈ থাকে। ভাৰতৰ দৰে উত্তৰ-ঔপনিবেশিক অনুন্নত সমাজত আধুনিকতাৰ সীমাবদ্ধতা আৰু সমস্যাসমূহ এই বৈকল্পিক আধুনিকতাৰ পথেৰে বহুখিনি অতিক্ৰম কৰিব পৰা যায় নেকি? আমি ভাবো এইটো এটা বিচাৰ্য প্ৰশ্ন।
আনহাতে, ব্ৰাহ্মণ্যবাদী সামাজিক গাঁথনিৰ মূল নীতি হিচাপে বৰ্ণগত পদানুক্ৰম আৰু লৈংগিক পদানুক্ৰমৰ ধাৰণা তথা এই দুয়োৰ মাজত বিৰাজমান জৈৱিক সম্পৰ্কৰ কথা আম্বেদকাৰে গভীৰ অন্তৰ্দৃষ্টিৰে উন্মোচন কৰিছিল। পিতৃমূলীয় উত্তৰাধিকাৰ আৰু বৰ্ণগত অবিমিশ্ৰতা বৰ্তাই ৰখাৰ স্বাৰ্থত এই সামাজিক গাঁথনিত নাৰীৰ যৌনতা তথা সমগ্ৰ জীৱন আচৰণৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ আৰোপ কৰা হয়। নাৰীবাদী চিন্তাবিদসকলে ‘ব্ৰাহ্মণ্যবাদী পুৰুষতন্ত্ৰ’ ধাৰণাটোৰে এই প্ৰক্ৰিয়াৰ আলোচনা দাঙি ধৰিছে। (আমাৰ ‘বৰ্ণবাদ আৰু পুৰুষতন্ত্ৰ’ লেখা এই ক্ষেত্ৰত দ্ৰষ্টব্য।) সি যি নহওক, বৰ্ণবাদ আৰু লৈংগিক শোষণৰ মাজত থকা অংগাংগী সম্পৰ্কৰ ওপৰত আলোকপাত কৰাৰ মাধ্যমেৰে আম্বেদকাৰে নাৰীৰ শোষণ আৰু অৱদমনৰ এক অন্তৰ্ভেদী চিত্ৰ আমাৰ সন্মুখত উপস্থাপন কৰিছে। ইমানলৈকে ব্যাখ্যাৰ পাছত এতিয়া নিশ্চয়কৈ ক’ব পাৰি যে উপৰোক্ত দিশসমূহৰ প্ৰতি চকু ৰাখি আম্বেদকাৰৰ সাম্প্ৰতিক প্ৰাসংগিকতাৰ প্ৰশ্নটো তাত্ত্বিক আৰু ৰাজনৈতিকভাৱে উত্থাপন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে।
এইখিনিতে এটা স্পষ্টীকৰণ দিয়াটো প্ৰয়োজনীয়। মিশ্চেল ফুকোৱে তেওঁৰ ‘What is an Author’ ৰচনাৰ এঠাইত ‘founders of discursivity’ ধাৰণাটো প্ৰয়োগ কৰিছে বিৰল সেই সামাজিক চিন্তকসকলক বুজাবৰ বাবে – যিসকলে কেৱল তেওঁলোকৰ নিজৰ ৰচনাৰাজিকে ৰচনা নকৰে, বৰং তেওঁলোকে ভৱিষ্যতৰ অন্যান্য বহুতো ৰচনাৰ বাবে সম্ভাৱনা আৰু নিয়মৰ এক ফ্ৰেমৱৰ্কো নিৰ্মাণ কৰে। অৰ্থাৎ, তেওঁলোকৰ ৰচনাৰাজিৰ মূল্য সেইসমূহে দাঙি ধৰা তাৎক্ষণিক দাবীসমূহৰ ওপৰতেই নিৰ্ভৰ নকৰে। তেওঁলোকৰ ৰচনাই যোগান ধৰা পৰিভাষা, ছবি আৰু ধাৰণাসমূহে তেওঁলোকৰ ৰচনাৰাজিক অতিক্ৰম কৰি গৈ সমাজৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে চিন্তা আৰু অভিজ্ঞতাক সঞ্চালিত আৰু সংগঠিত কৰে।
ফুকোৱে ঘাইকৈ মাৰ্ক্স, ফ্ৰয়ড আদিক সন্মুখত ৰাখিয়েই এই ধাৰণাটো দাঙি ধৰিছে; তেওঁৰ নিজৰ ক্ষেত্ৰতো ধাৰণাটো আমি প্ৰয়োগ কৰিব পাৰো। সি যি নহওক, আমি খুব সীমিত ৰূপত আম্বেদকাৰৰ ক্ষেত্ৰত ধাৰণাটো প্ৰয়োগ কৰিব বিচাৰিছো। ইয়াৰ জৰিয়তে সামাজিক চিন্তাবিদ হিচাপে আম্বেদকাৰৰ বিশিষ্ট আৰু তাৎক্ষণিক সীমাবদ্ধতাসমূহ অতিক্ৰম কৰি তেওঁক বহলভাৱে তাত্ত্বিক আৰু ৰাজনৈতিক ৰূপত গ্ৰহণ কৰাৰ বাট প্ৰশস্ত হয়। ইয়াৰ ভিত্তিত আমি চমুকৈ ইয়াকে ক’ব খোজো যে নিম্নবৰ্গৰ গণতান্ত্ৰিক ৰাজনীতিত আম্বেদকাৰৰ প্ৰাসংগিকতা সন্দেহাতীত আৰু অতিকে জৰুৰী।
(আম্বেদকাৰ জয়ন্তী উপলক্ষে। ৰচনাকাল : ২১-০১-২০১৬)
Apply Now
জিতেন বেজবৰুৱা

জিতেন বেজবৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd