কেন্দ্ৰীয় তদন্তকাৰী সংস্থা প্ৰৱৰ্তন সঞ্চালকালয় (ইডি)ৰ শীৰ্ষ পদত সঞ্জয় কুমাৰ মিশ্ৰৰ ম্যাদ বৃদ্ধিক লৈ প্ৰশ্ন উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ে। বুধবাৰে গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক প্ৰশ্ন কৰে যে, “এই সংস্থাটোত এই কাম কৰিব পৰা আন কোনো যোগ্য ব্যক্তি নাইনে?”
সৰ্বোচ্চ আদালতখনে ছলিচিটৰ জেনেৰেলৰ পৰা সঞ্জয় মিশ্ৰই কেতিয়া অৱসৰ ল’ব সেয়াও জানিব বিচাৰে। উচ্চতম ন্যায়ালয়ে এজন ব্যক্তিক ইমান ‘বিশ্বাস’ কৰাৰ কাৰণক লৈও সন্দেহ প্ৰকাশ কৰে।
লগতে পঢ়ক: মণিপুৰৰ হিংসা ক্ষতিগ্ৰস্ত অঞ্চলত সেনা আৰু আছাম ৰাইফলছৰ ফ্লেগমাৰ্চ; নিৰাপদ আশ্ৰয়ৰ ব্যৱস্থা
সঞ্জয় কুমাৰ মিশ্ৰই ২০২০ চনৰ নৱেম্বৰ মাহত ইডিৰ সঞ্চালক হিচাপে নিযুক্তি লাভ কৰিছিল। তেওঁৰ কাৰ্যকাল আছিল দুবছৰ। পিছলৈ তেওঁৰ কাৰ্যকাল পৰ্যায়ক্ৰমে তিনিবাৰ বৃদ্ধি কৰা হয়। ইয়াৰ পূৰ্বে এটা স্বেচ্ছাসেৱী সংগঠনে কেন্দ্ৰৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।
বুধবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভাই, বিক্ৰম নাথ আৰু সঞ্জয় কেৰলৰ বিচাৰপীঠে গোচৰটোৰ শুনানি গ্ৰহণ কৰে। কেন্দ্ৰৰ হৈ যুক্তি আগবঢ়ায় ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই।
২০২১ চনৰ ছেপ্টেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে কৈছিল যে ইডিৰ সঞ্চালক হিচাপে সঞ্জয়ৰ কাৰ্যকাল নবীকৰণ কৰিব নোৱাৰি। কিন্তু ২০২১ চনৰ ১৫ নৱেম্বৰত নৰেন্দ্ৰ মোডী চৰকাৰে চেন্ট্ৰেল ভিজিলেন্স আইন আৰু দিল্লী বিশেষ আৰক্ষী আইন সংশোধন কৰে। সংশোধিত নিয়মত কোৱা হয় যে চৰকাৰে চিবিআই আৰু ইডিৰ মুৰব্বীৰ কাৰ্যকাল তিনি বছৰ বৃদ্ধি কৰিব পাৰে।
লগতে পঢ়ক: এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে প্ৰদেশ কংগ্ৰেছে
উক্ত সংশোধিত নিয়মৰ বিৰোধিতা কৰি কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালা, জয়া ঠাকুৰ আৰু তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰই উচ্চতম ন্যায়ালয়ত গোচৰ তৰে। বুধবাৰে সেই গোচৰৰ শুনানি অনুষ্ঠিত হয়।