• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জোকৰ মুখত চূণ! প্ৰধান মন্ত্ৰীক উদ্দেশ্যি কি লিখিলে প্ৰাক্তন আই পি এছ বিষয়াই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 8, 2023 6:29 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ নৰেন্দ্ৰ মোডীৰ সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ কথাৰে এখন ৰাজহুৱা পত্ৰ লিখিছে পাঞ্জাৱৰ প্ৰাক্তন ডিজিপি তথা খ্যাতিসম্পন্ন আই পি এছ জুলিয়াছ ৰেবেইৰই।  প্ৰাক্তন বিষয়াগৰাকীয়ে নৰেন্দ্ৰ মোডীক উদ্দেশ্য লিখা কথাখিনিয়ে ইতিমধ্যে দেশৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সেই পত্ৰখনৰ ভাবানুবাদ তলত আগবঢ়াই দিয়া হ’ল –

দেশৰ নাগৰিক হিচাপে মই অনুভৱ কৰোঁ যে এই কথাবোৰ জনসাধাৰণৰ মাজলৈ যাওক।

মোডী জী, আপুনি মঞ্চত থিয় হৈ চিঞৰি চিঞৰি এই প্ৰশ্নটো সুধি লাভ নাই যে যোৱা ৬০ বছৰত কংগ্ৰেছে দেশৰ বাবে কি কৰিলে? আমাৰ দেশৰ নাগৰিকক আপুনি মূৰ্খ বুলি নাভাবেনে? আপুনি এনে এখন দেশৰ প্ৰধানমন্ত্ৰী, যিখন দেশ ৩০০ বছৰতকৈও অধিক সময় ইংৰাজৰ অধীনত আছিল। সেই সময়ত মানুহবোৰে ঠিক দাসৰ দৰে জীৱন নিৰ্বাহ কৰি আছিল। স্বাধীনতাৰ পিছত ১৯৪৭ চনত কংগ্ৰেছ ক্ষমতালৈ আহি শূন্যৰ পৰা আৰম্ভ কৰিছে। ইংৰাজে এৰি থৈ যোৱা জাৱৰৰ বাহিৰে তেতিয়া এই দেশত একো নাছিল। ইংৰাজসকলে ভাৰত এৰি যোৱাৰ পিছৰে পৰা ভাৰতৰ হাতত পিন এটা উৎপাদন কৰাৰ বাবেও সম্পদ নাছিল। সমগ্ৰ দেশৰ ২০ খন গাঁৱৰ বাবেহে বিদ্যুৎ যোগান ধৰা হৈছিল। এই দেশৰ ২০ জন শাসকৰ বাবেহে টেলিফোনৰ সুবিধা উপলব্ধ আছিল। খোৱাপানীৰ ব্যৱস্থা নাছিল। মাত্ৰ ১০টা সৰু মথাউৰি আছিল। নাছিল চিকিৎসালয়, নাছিল শিক্ষানুষ্ঠান, নাছিল সাৰ, নাছিল দানা, নাছিল খেতিৰ বাবে পানী যোগান। চাকৰি নাছিল আৰু সমগ্ৰ দেশতে কেৱল অনাহাৰে দেখা দিছিল। বহু শিশুৰ মৃত্যু হৈছিল। সীমান্তত আছিল অতি কম সামৰিক কৰ্মচাৰী। সেনাৰ হাতত আছিল মাত্ৰ ৪ খন বিমান, ২০ টা টেংক আৰু সম্পূৰ্ণৰূপে মুকলি আছিল দেশৰ সীমান্ত। আছিল মাত্ৰ কেইটামান পথ আৰু কেইখনমান দলং। খালী হৈ আছিল ৰাজকোষ। এনে পৰিস্থিতিতেই নেহৰু ক্ষমতালৈ আহিছিল।

Apply Now

৬০ বছৰৰ পিছত ভাৰতত কি কি হ’ল ?

৬০ বছৰৰ পিছত বিশ্বৰ অন্যতম বৃহৎ সেনাবাহিনীৰ অধিকাৰী হৈ পৰিল এই দেশ। দেশত আজি হাজাৰ হাজাৰ যুদ্ধ বিমান আৰু টেংক আছে। লাখ লাখ উদ্যোগিক প্ৰতিষ্ঠান আছে। প্ৰায় সকলো গাঁৱতে বিদ্যুৎ যোগান দিয়া হৈছে। শ শ বৈদ্যুতিক শক্তি কেন্দ্ৰ আছে। লাখ লাখ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু দলং আছে। নতুন ৰে’ল প্ৰজেক্ট, ষ্টেডিয়াম, ছুপাৰ স্পেচিয়েলিটি হস্পিতাল, বেছিভাগ ভাৰতীয়ৰ ঘৰতে টেলিভিছন, টেলিফোন সকলো হ’ল। দেশৰ ভিতৰত আৰু বাহিৰত কাম কৰিবলৈ সকলো আন্তঃগাঁথনি, বেংক, বিশ্ববিদ্যালয়, এইমছ, আই আই টি, আই আই এম, পাৰমাণৱিক অস্ত্ৰ, চাবমেৰিন, পাৰমাণৱিক ষ্টেচন, ইছৰো আদিৰে ভৰি পৰিল ভাৰতবৰ্ষ।

কেইবছৰমান আগত ভাৰতৰ আগত লাহোৰে সেও মানিছিল। ভাৰতীয় সেনাই পাকিস্তানক ২ ভাগত বিভক্ত কৰিলে। সেনাধ্যক্ষসহ পাকিস্তানৰ ১ লাখ সেনাই ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিলে৷

ভাৰতে খনিজ পদাৰ্থ আৰু খাদ্য সামগ্ৰী ৰপ্তানি আৰম্ভ কৰিলে৷ শ্ৰীমতী ইন্দিৰা গান্ধীৰ দ্বাৰা বেংকসমূহক ৰাষ্ট্ৰীয়কৰণ কৰা হ’ল৷ ভাৰতত কম্পিউটাৰৰ সুলভতাই ভাৰত আৰু বাহিৰত বহুতো চাকৰিৰ সুযোগ প্ৰদান কৰিলে ৷

নৰেন্দ্ৰ মোডী ডাঙৰীয়া, তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰি আপুনি প্ৰধানমন্ত্ৰী হৈছে।

আপুনি যেতিয়া প্ৰধানমন্ত্ৰী দায়িত্বভাৰ গ্ৰহণ কৰিছিল তেতিয়া ভাৰত অৰ্থনীতিৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষ ১০ খন দেশৰ ভিতৰত আছিল৷ ইয়াৰ বাহিৰেও জি এছ এল ভি, মংগলযান, মন’ৰে’ল, মেট্ৰ’ ৰেল, আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, পৃথ্বী, অগ্নি, নাগ, নিউক্লিয়াৰ চাবমেৰিন…. এই সকলোবোৰ আপুনি প্ৰধানমন্ত্ৰী হোৱাৰ আগতেই দেশে লাভ কৰিছিল।

গতিকে, ৬০ বছৰত কংগ্ৰেছে কি উন্নতি কৰিলে বুলি ডিঙিৰ সিৰ ফুলাই জনগণক প্ৰশ্ন নকৰিব।

আপোনালোকে যোৱা ৬  বছৰত কি কি অৰ্জন কৰিছে? নাম সলনি কৰা, প্ৰতিমূৰ্তি স্থাপন কৰা, অহৰহ গৰুক লৈ ৰাজনীতি কৰা, হিন্দু-মুছলমান, হিন্দু-খ্ৰীষ্টান, হিন্দু-দলিত, হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ মাজত বিভাজন সৃষ্টি কৰাৰ বাহিৰে আপুনি আৰু কি কৰিছে সেয়া ৰাইজক জনাওক।

আপোনাৰ ব্যৰ্থ বিমুদ্ৰাকৰণ, ভুলকৈ কাৰ্যকৰী কৰা জিএছটি (আমি স্বাধীনতা লাভ কৰাৰ পিছত সৰ্বনিম্ন) আৰু মানুহক দীঘলীয়া শাৰীত থিয় কৰাই মৃত্যু মুখত পেলোৱাৰ কথাবোৰ কওঁক।

ভণ্ড বিজেপিৰ সমৰ্থনকাৰী সকলে এসময়ত যিকোনো বস্তুৰ দৰেই এফ ডি আইৰ বিৰোধিতা কৰিছিল আৰু এতিয়া বিজেপিয়ে নিৰ্লজ্জভাৱে এফ ডি আইক সমৰ্থন কৰিছে। বিজেপিয়ে ভাৰত চৰকাৰৰ মালিকানাধীন হিন্দুস্তান এৰ’নটিক্স লিমিটেডক অনিল আম্বানীৰ দৰে ২ মহীয়া কোম্পানীক বিক্ৰী কৰিছে। এফালে বিজেপিয়ে পেট্ৰ’ল, ডিজেল, আৰু এল পি জিৰ কৰ বৃদ্ধি কৰিছে, আনহাতে খাৰুৱা তেলৰ দাম সস্তা হৈ পৰিছে।

এই দেশত উন্নতি হৈছে মাত্ৰ অমিত শ্বাহৰ পুত্ৰ , শৌৰ্য্য ডোভাল, আম্বানী, আদানী আৰু বাবা ৰামদেৱৰ পতঞ্জলি গোটৰ। গংগা নদী পৰিষ্কাৰ কৰিবলৈ বিজেপিয়ে ৩০০০ কোটি টকা খৰচ কৰিছিল। কিন্তু গংগাত বুৰ মাৰি স্নান কৰি আহিলে ভক্তৰ শৰীৰত লাগি অহা জাৱৰবোৰে এই প্ৰকল্পটোৰ দুৰ্নীতিক উদঙাই দিয়ে।

বি.দ্ৰ. – এইটো কংগ্ৰেছৰ প্ৰচাৰৰ বিজ্ঞাপন নহয়। মই কংগ্ৰেছৰ সমৰ্থক নহয়। বিজেপিয়ে প্ৰতিবাৰেই ’যোৱা ৬০ বছৰত কংগ্ৰেছে একো উন্নতি কৰা নাই’ বুলি কোৱা কথাষাৰ শুনি থকা মই এজন ভোটাৰ। মই অনুভৱ কৰোঁ যে এই প্ৰশ্নটোৱে তেওঁলোকৰ বুদ্ধিমত্তাৰ প্ৰতিহে প্ৰশ্ন উত্থাপন কৰে।

মৰ্যাদাৰ কথা আলোচনা কৰিব নোৱাৰি !!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

July 21, 2026 7:05 pm
ছাত্ৰৰ প্ৰতিবাদত কিয় লাঠীচাৰ্জ, কন্দুৱা গেছ? মোদীৰ বাসভৱনৰ সন্মুখত ৰাহুলৰ ধৰ্ণা, হঠাতে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী

ছাত্ৰৰ প্ৰতিবাদত কিয় লাঠীচাৰ্জ, কন্দুৱা গেছ? মোদীৰ বাসভৱনৰ সন্মুখত ৰাহুলৰ ধৰ্ণা, হঠাতে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী

July 21, 2026 6:33 pm
অপাৰেচন কগাৰৰ ভয়ংকৰ তথ্য : বস্তৰত ২৭ মাহত ৬০৭ জনৰ মৃত্যু, পি ইউ ডি আৰৰ প্ৰতিবেদনত উত্থাপন হৈছে বহু প্ৰশ্ন

অপাৰেচন কগাৰৰ ভয়ংকৰ তথ্য : বস্তৰত ২৭ মাহত ৬০৭ জনৰ মৃত্যু, পি ইউ ডি আৰৰ প্ৰতিবেদনত উত্থাপন হৈছে বহু প্ৰশ্ন

July 21, 2026 5:06 pm
দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : ২৪ দিনৰ অনশনৰ অন্তত সোণম ৱাংচুকক চিকিৎসালয় সলনিৰ অনুমতি, কেন্দ্ৰৰো নাই কোনো আপত্তি

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : ২৪ দিনৰ অনশনৰ অন্তত সোণম ৱাংচুকক চিকিৎসালয় সলনিৰ অনুমতি, কেন্দ্ৰৰো নাই কোনো আপত্তি

July 21, 2026 4:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

July 21, 2026 7:05 pm
ছাত্ৰৰ প্ৰতিবাদত কিয় লাঠীচাৰ্জ, কন্দুৱা গেছ? মোদীৰ বাসভৱনৰ সন্মুখত ৰাহুলৰ ধৰ্ণা, হঠাতে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী

ছাত্ৰৰ প্ৰতিবাদত কিয় লাঠীচাৰ্জ, কন্দুৱা গেছ? মোদীৰ বাসভৱনৰ সন্মুখত ৰাহুলৰ ধৰ্ণা, হঠাতে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী

July 21, 2026 6:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd