• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আম আদমি পাৰ্টি আৰু দেশৰ গণতন্ত্ৰৰ ভৱিষ্যৎ ‎- অখিল গগৈ

অখিল গগৈ by অখিল গগৈ
May 14, 2023 4:43 pm
আম আদমি পাৰ্টি আৰু দেশৰ গণতন্ত্ৰৰ ভৱিষ্যৎ ‎- অখিল গগৈ
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ দেশ এক অভূতপূৰ্ব সংকটত নিমজ্জিত হৈছে। এই কথাখিনিৰ আচল উপলব্ধি নথকা , ৰাজনীতিক কেৱল কেৰিয়াৰ হিচাপে লোৱাসকলে আমাৰ কথাখিনিৰ গুৰুত্ব বুজি নুঠিব। কেৱল দুৰ্নীতিয়েহে দেশখন ধ্বংস কৰিছে বুলি বুজাসকলেও কথাখিনি উপলব্ধি নকৰিব। দেশ তাতকৈ গভীৰ সংকটৰ মুখামুখি হৈছে  –

ক) ধৰ্মীয় মৌলবাদীৰ হাতত এতিয়া কাৰ্যত: দেশবাসী বন্দী। সু -সংগঠিত মৌলবাদীয়ে ক্ষমতাৰ বাহিৰে- ভিতৰে এফালৰ পৰা দখল লৈ আহিছে।জনতাৰ কণ্ঠ ৰুদ্ধ কৰি পেলোৱা হৈছে।

খ) দেশৰ গণতন্ত্ৰ বিপন্ন; চাৰিওফালে ফেচিবাদৰ দপদপনি।

গ) দেশৰ সম্পদ ক’ৰ্পৰেটৰ হাতলৈ ক্ষিপ্ৰ গতিত হস্তান্তৰ কৰা হৈছে।অভূতপূৰ্ব কেলেংকাৰীৰে সম্পদৰ হস্তান্তৰকৰণ চলি আছে।

ঘ) মূল্যবৃদ্ধিয়ে অভিলেখৰ পাছত অভিলেখ গঢ়ি ৰাইজক কোঙা কৰি পেলাইছে।

ঙ) ক্ৰমাগতভাৱে সাংবিধানিক অনুষ্ঠানসমূহ দখল কৰি সংবিধানখনকে বদলি কৰাৰ চূড়ান্ত আখৰাত ব্যস্ত শাসক দল।

অৰ্থাৎ সাম্প্ৰদায়িক ফেচিবাদৰ যুগ এয়া।

এই সময়ত গণতন্ত্ৰত বিশ্বাসীসকলে এই সংকটৰ পৰা দেশক ৰক্ষা কৰাটোকে আটাইতকৈ ডাঙৰ কৰ্তব্য বুলি গণ্য কৰে; নিজৰ দলৰ ভৱিষ্যৎ আৰু নিজৰ বাবে অতি ক্ষমতাশালী পদবী দখলৰ ৰাজনীতিক তাতকৈ ডাঙৰ এজেণ্ডা বুলি গণ্য নকৰে। এই উপলব্ধি যাৰ আছে তেওঁলোকহে গণতন্ত্ৰৰ সৈনিক— তেওঁলোকহে দেশ, জাতি আৰু জনগণৰ প্ৰকৃত বন্ধু। আনসকল নিজ নিজ দল আৰু নিজৰ নেতাৰহে সৈনিক।

দেশক সাম্প্ৰদায়িক ফেচিবাদৰ পৰা উদ্ধাৰ কৰাৰ এটা পথ হ’ল বিজেপিক ক্ষমতাৰ পৰা আঁতৰ কৰা।

এই প্ৰেক্ষাপটত আম আদমি পাৰ্টিৰ ভূমিকা লক্ষ্য কৰা দৰকাৰ। আপ-এ কালি অৰ্থাৎ, ১৩মে’ ২০২৩ তাৰিখে ফলাফল দিয়া কৰ্ণাটকৰ নিৰ্বাচনত ৰাজ্যখনৰ ২২৪ খন আসনৰ ভিতৰত ২১১খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰি ০ খন আসন লাভ কৰিছে। ইয়াৰ পূৰ্বৰ গুজৰাটৰ নিৰ্বাচনত দলটোৰ ভূমিকাক সকলো সচেতন লোকে নিন্দা কৰিছিল আৰু আপ বিজেপিৰ বি টিম বুলি জনমানসত প্ৰতিপন্ন হৈছিল।হিমাচল প্ৰদেশৰ নিৰ্বাচনতো দলটোৰ ভূমিকা আছিল বিতৰ্কিত।

কৰ্ণাটকৰ নিৰ্বাচনত এখনো আসন নাপাই আপে প্ৰচাৰ কৰিছে যে আপৰ বাবে বিৰোধী হাৰে বোলা যুক্তিটো শুদ্ধ নহয়!

আন একাংশই কয়, দল এটা খুলিছে যেতিয়া আন পাৰ্টি হাৰে জিকে কিয় চাব? সকলোতে নিৰ্বাচন খেলিবই।

আপৰ আদৰ্শগত অৱস্থানো অতিকে ভয়ংকৰ। আপ হ’ল সেইটো দল যিয়ে জম্মু- কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিল কৰাটোক সমৰ্থন কৰে। অথচ, দলটোৱে দিল্লীৰ পূৰ্ণাংগ ৰাজ্য দাবী কৰে! অৰ্থাৎ , দলটো অতিকেন্দ্ৰিক ব্যৱস্থাৰ পক্ষে।

আপ-এ বাবৰি মছজিদ ভাঙি ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ ৰায়ক সমৰ্থন কৰে! আপ-এ দেশৰ নোটত লক্ষ্মী আৰু গণেশৰ ছবি ছপা কৰিবলৈ ৰাজহুৱা দাবী কৰে!! যি ধৰ্মীয় উন্মাদনা, মৌলবাদৰ সকলোৱে বিৰোধিতা কৰে, ধৰ্মক ৰাজনীতিৰ লগত লেটিপেটি কৰাটো সাধাৰণ গণতান্ত্ৰিক নীতিৰ বাহিৰত বুলি আটায়ে কয়, সেই সময়ত আপৰ এনে স্থিতি নিশ্চয়কৈ ধৰ্মনিৰপেক্ষ সাধাৰণ গণতান্ত্ৰিক নাগৰিকৰ বাবেও গ্ৰহণযোগ্য হ’ব নোৱাৰে । ক্ষমতা দখলৰ বাবে যিকোনো পথেই শুদ্ধ— এয়া কেৱল সুবিধাবাদীৰহে বক্তব্য।ইয়াক সকলো ক্ষেত্ৰতে মানি ল’ব নোৱাৰি। আপ বিজেপিতকৈ কোমল ধৰ্মীয় চিন্তাৰ হিন্দুত্ববাদী দল; মুঠেও আদৰ্শবাদী গণতান্ত্ৰিক দল নহয়।কেৱল দুৰ্নীতি বিৰোধিতাৰ শ্লোগান আৰু কিছুমান ক্ষেত্ৰত বিনামূলীয়া deliveryৰ প্ৰতিশ্ৰুতিয়ে এটা দলক আদৰ্শবাদী দলত পৰিণত নকৰে।

২০২৪ চনত আপৰ ভূমিকা কি হ’ব? আপ সঁচাকৈ বিজেপিৰ পক্ষতে থাকি যাব নেকি? আগন্তুক ৰাজস্থান আৰু মধ্য প্ৰদেশৰ নিৰ্বাচনত দলটোৱে একেই ভূমিকাকে ল’ব নেকি?

কংগ্ৰেছ দলৰ ভাৱমূৰ্তি আৰু দলটোৰ পূৰ্বৰ ভূমিকাৰ প্ৰতি সমালোচনাত্মক সকলে দেশত এটা অন্য বিকল্প বিচাৰে। কিন্তু সেয়া নিশ্চয় কংগ্ৰেছতকৈ ভাল হ’ব লাগিব!

গুজৰাট নিৰ্বাচনৰ আগে আগে মনিষ চিচ’দিয়াক গ্ৰেপ্তাৰ কৰিলে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে বিৰোধী জোঁটবন্ধনৰ বিষয়ে আলোচনাৰ দুদিনৰ পাছতে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মূৰব্বী অৰবিন্দ কেজৰিৱাললৈ চিবিআইৰ জাননী আহিল।আপ হিন্দুত্ববাদী শাসকৰ সংকীৰ্ণ ব্লেকমেইলিঙৰ সন্মুখীন হৈছে।এই প্ৰত্যাহ্বান দলটোৱে কেনেকৈ মোকাবিলা কৰিব সেইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন।

এতিয়া কথা হ’ল, আপ-এ ২০২৪ ৰ সাধাৰণ নিৰ্বাচনত অকলে নিৰ্বাচন খেলি বিজেপিক জিকোৱাৰ নীতি ল’ব নে গণতন্ত্ৰৰ ভয়ংকৰ সংকটৰ সময়ত কেৱল “দলৰ স্বাৰ্থ”ৰ দোহাই নিদি “দেশৰ স্বাৰ্থ”ৰ পক্ষতো থাকিব?

জাতি নে দল আগত?

দল নে জনগণ প্ৰমুখ?

দেশ, জাতি আৰু জনগণৰ স্বাৰ্থত আপ-এ ঐতিহাসিক সিদ্ধান্ত লোৱা দৰকাৰ।

বৰ্তমান সময়ৰ বিশেষ প্ৰেক্ষাপটত আপৰ ওপৰত দেশৰ গণতন্ত্ৰৰ ভৱিষ্যৎ এতিয়া বহু পৰিমাণে নিৰ্ভৰ কৰিছে।

আপ-এ আকোঁৰ গোজালি দেখুৱালে দেশবাসীয়ে কৰ্ণাটকৰ দৰে আপৰ বিৰুদ্ধে সিদ্ধান্ত ল’ব লাগিব।

(টোকা – উপৰোক্ত লেখাটো অখিল গগৈৰ ফেচবুক পৃষ্ঠাৰ পৰা হুবহু তুলি দিয়া হৈছে।)

অখিল গগৈ

অখিল গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd