নাগৰিকত্ব সংশোধন বিধেয়ক ( Citizenship Amendment Bill ) সন্দৰ্ভত অহা ৭ মে’ত গুৱাহাটীত হ’ব লগা শুনানিত অসমৰ সকলো দল-সংগঠনকে উপস্থিত থাকি বিধেয়কখনৰ সৰ্বাত্মক বিৰোধিতা কৰিবলৈ আজি ৩ মে’ত আহ্বান জনাইছে অখিল গগৈয়ে।
‘আমাক মুছলমান বিদেশীও নালাগে, হিন্দু বিদেশীৰ লগতে খ্ৰীষ্টান-জৈন-শিখ বিদেশীকে ধৰি কোনো বিদেশীকে আমাক নালাগে’ বুলি উল্লেখ কৰি নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এটা ভিডিঅ’ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনে ‘অসমৰ সমূহ অৰাজনৈতিক, ৰাজনৈতিক দল-সংগঠনৰ লগতে সমূহ জনসাধাৰণ গুৱাহাটীলৈ আহি যুটীয়া সংসদীয় সমিতিৰ শুনানিত অংশগ্ৰহণ কৰক আৰু সকলোৱে একেমুখে এই আইনখন বিৰোধিতা কৰি স্মাৰক পত্ৰ প্ৰদান কৰক যাতে স্মাৰক পত্ৰৰে শুনানি উপচি পৰে’ বুলি আহ্বান জনাইছে।
নৰ্থ ইষ্ট নাও–লৈ প্ৰেৰণ কৰা অখিল গগৈৰ ভিডিঅ’ চাওক।
অসমৰ সকলো নামঘৰ, মছজিদ, গীৰ্জাৰ পৰিচালনা সমিতি, গাওঁ পঞ্চায়ত, গাওঁ সভা, সাহিত্য সভাকে ধৰি বিভিন্ন সাহিত্য অনুষ্ঠানসমূহ, শ্ৰীমন্ত শংকৰদেৱ সংঘ, উন্নয়ন পৰিষদ, সাংবাদিক সংস্থা, ক্লাবকে উক্ত দিনটোত ওলাই আহি ‘অসমৰ জাতীয় জীৱনৰ এক ঐতিহাসিক প্ৰতিবাদৰ দিন’ কৰি তোলাৰ বাবে গগৈয়ে লগতে আহ্বান জনাইছে।
অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাৰ নেতৃত্বত আহিব লগা যুটীয়া সংসদীয় সমিতিয়ে গুৱাহাটীত ৭ মে’ত শুনানি গ্ৰহণ কৰাৰ পিছত ৮ মে’ত শিলচৰত আৰু ১০, ১১ মে’ত শ্বিলঙত বিভিন্ন দল-সংগঠনৰ মতামত ল’ব।