পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ সৈতে আমেৰিকাৰ সাংসদৰ অডিঅ’ ক্লিপ ফাদিল হৈছে। ফাদিল হোৱা এই ফোন কলটোত ইমৰাণ খানে পিটিআইৰ বিৰুদ্ধে পাকিস্তান চৰকাৰে চলাই থকা দমন সন্দৰ্ভত আমেৰিকাৰ সাংসদ মেক্সিন মূৰৰ পৰা সহায় বিচাৰিছিল। পাকিস্তান চৰকাৰৰ বিৰুদ্ধে বিবৃতি দিবলৈ তেওঁ অনুৰোধ জনায়।
সেই অডিঅ’ ক্লিপটোত ইমৰাণ খানে আমেৰিকাৰ সাংসদজনক কৈছে যে পাকিস্তান বৰ্তমান ইতিহাসৰ আটাইতকৈ বিপদজনক পৰিস্থিতিত আছে। সমগ্ৰ দেশতে চৰকাৰী নিৰ্যাতন আৰু দমনত অতিষ্ঠ হৈ পৰিছে জনতা।
লগতে পঢ়ক: অসমৰ সাঁতোৰ প্ৰশিক্ষকৰ বিৰুদ্ধে মহিলা খেলুৱৈক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ
ইমৰাণ খানে কয়, মই গুপ্তহত্যাৰ বলি হৈছো। মোৰ ওপৰত তিনিটা গুলী নিক্ষেপ কৰা হ’ল। প্ৰাক্তন সেনা প্ৰধান জেনেৰেল কামাৰ জাভেদ বাজৱাই আমাৰ চৰকাৰক উৎখাত কৰিছে। কাৰণ এই দেশত সেনাবাহিনী অতি শক্তিশালী।
কামাৰ জাভেদৰ বিৰুদ্ধে আৰু অধিক অভিযোগ উত্থাপন কৰি ইমৰাণ খানে কয় যে তেওঁ (কামাৰ জাভেদ বাজৱাই) বৰ্তমান ক্ষমতাত থকাসকলৰ সৈতে ষড়যন্ত্ৰ কৰিছে।
লগতে পঢ়ক: নেতৃত্ব দিব বিচাৰে! ভাল নেতা হিচাপে সফল হ’বলৈ অনুসৰণ কৰক এই চাণক্য নীতি
মেক্সিনক ফোনত পাকিস্তান চৰকাৰৰ বিৰুদ্ধে বক্তব্য দিবলৈ অনুৰোধ কৰি ইমৰানে কয় যে দেশৰ এই কঠিন সময়ত আপোনাৰ দৰে কোনোবা এজনৰ বক্তব্য অতি গুৰুত্বপূৰ্ণ।