• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুম্বাইৰ যুৱক, দক্ষিণ ভাৰতীয় যুৱতীৰে বিয়া! সূৰ্য্যকুমাৰৰ প্ৰেম কাহিনীয়ে মুগ্ধ কৰিব আপোনাক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2023 10:42 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সূৰ্যকুমাৰ যাদৱ নাম শুনিলেই ক্ৰিকেট প্ৰেমীৰ মনলৈ আহে ভাৰতীয় ক্ৰিকেট জগতৰ আটাইতকৈ আক্ৰমণাত্মক বেটিং দক্ষতা থকা ক্ৰিকেটাৰজনৰ প্ৰতিচ্ছবি। টি-২০ ফৰ্মেটত নিজকে অন্য এক উচ্চতালৈ লৈ গৈছে এইগৰাকী ক্ৰিকেটাৰ।

ভাৰতৰ বাহিৰেও ইংলেণ্ড আৰু নিউজিলেণ্ডত এই চুটি ফৰ্মেটত শতক অৰ্জনৰ অভিলেখ গঢ়িছে ক্ৰিকেটাৰগৰাকীয়ে। কেৰিয়াৰৰ এই সফলতাৰ আঁৰত তেওঁৰ পত্নী দেৱীশাৰ যথেষ্ট কৃতিত্ব আছে।

Apply Now

সূৰ্য নিজেই মুম্বাইত ডাঙৰ-দীঘল হৈছিল, তাত দীৰ্ঘদিন ধৰি ঘৰুৱা ক্ৰিকেটত সফলতাৰে খেলিছিল যদিও দক্ষিণ ভাৰতীয় যুৱতী দেৱীশাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে।

দৰাচলতে দুয়োৱে প্ৰথম লগ হৈছিল কলেজত। সূৰ্য আৰু দেৱীশা মুম্বাইৰ বিখ্যাত পোদ্দাৰ কলেজৰ বি.কমৰ শিক্ষাৰ্থী আছিল। সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰিলেও তেওঁলোকৰ সম্পৰ্ক গঢ়ি তোলাৰ বাটত কোনো বাধাৰ সৃষ্টি কৰা নাছিল।

ক্ৰিকেটৰ বাবে সূৰ্য্যই আধাখিনি ক্লাছত উপস্থিত থাকিব পৰা নাছিল। কিন্তু দেৱীশাই পঢ়া-শুনা আৰু কলেজৰ অন্যান্য কাম-কাজত সক্ৰিয় অংশ লৈছিল।

প্ৰাৰম্ভিক কথা-বতৰাৰ পিছত অতি সোনকালে দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠিল। তাৰ পিছত এদিন স্কাই নিজেই দেৱীশাক ক’লে যে তেওঁ তাইৰ প্ৰেমত পৰিছে। কিছুদিনৰ প্ৰেমৰ অন্তত দুয়োজনে পৰিয়ালৰ লোকক বিয়াৰ বিষয়ে অৱগত কৰে।

ইয়াৰ পিছতে দুয়োটা পৰিয়াল লগ হয় আৰু দুয়োটা পৰিয়ালে বিবাহৰত সন্মতি প্ৰকাশ কৰে। অৱশ্যে ইয়াত এটা সৰু সমস্যা আছিল। দেৱীশাৰ পৰিয়ালে বহুদিনৰ পৰাই কামনা কৰিছিল যে তেওঁলোকৰ কন্যাৰ বিবাহ পৰম্পৰাগত দক্ষিণ ভাৰতীয় পদ্ধতিৰে হওক।

আনহাতে, সূৰ্য্যৰ পৰিয়ালৰ শিপা আছিল উত্তৰ প্ৰদেশত। কিন্তু প্ৰেমৰ স্বাৰ্থত এই বিষয়ত সূৰ্য্যই কুণ্ঠাবোধ কৰা নাছিল। ২০১৬ চনত পৰিয়াল আৰু বিশেষ বন্ধু-বান্ধৱীৰ উপস্থিতিত অনাড়ম্বৰভাৱে বিবাহপাশত আবদ্ধ হয় দম্পতীহালে।

যদিও দেৱীশা নিজে বাণিজ্য শাস্ত্ৰ অধ্যয়ন কৰিছিল, তথাপিও পেছাত এগৰাকী নৃত্যশিল্পী আৰু আধুনিক শৈলীৰ লগতে সমসাময়িক তথা দক্ষিণ ভাৰতীয় নৃত্যৰ সৈতেও সুপৰিচিত। এই কথা সূৰ্য কুমাৰ যাদৱে বহুত ভাল পাইছিল আৰু তেওঁ মৰমেৰে ডিঙিৰ ওচৰত পত্নীৰ এটা টাটুও কৰিছিল।

পিছত দেৱীশাই বাতৰি কাকতৰ সাক্ষাৎকাৰত দাবী কৰে যে বিয়াৰ সময়ত তেওঁ সূৰ্য্যক আগৰ দৰে নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰি থাকিবলৈ পৰামৰ্শ দিছিল।

সেই প্ৰতিশ্ৰুতি পালন কৰি সূৰ্যকুমাৰ যাদৱে নিজৰ কঠোৰ পৰিশ্ৰম, খাদ্যাভ্যাস আদি ইমান কঠোৰভাৱে আৰু অনুশাসনেৰে পালন কৰিছে যে তেওঁ আজি ভাৰতীয় ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ টি-২০ তাৰকা হিচাপে পৰিগণিত হৈছে।

বলাৰৰ বাবে ত্ৰাসৰ কাৰণ সূৰ্য্যকুমাৰে নিজেই স্বীকাৰ কৰিছে যে প্ৰেমে তেওঁৰ কেৰিয়াৰত বহুখিনি সহায় কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd