• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ প্ৰতাৰক’ : প্ৰতিবাদত নামিল ডি ৱাই এফ আই-এছ এফ আই

অ'ভাৰলেপিঙৰ সমস্যা সমাধান কৰা আৰু দ্বিতীয় বাচনি তালিকা প্ৰকাশৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 24, 2023 7:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মংগলবাৰে মুখ্যমন্ত্ৰীয়ে অ’ভাৰলেপিঙৰ সমস্যাৰ কথা অৱশেষত স্বীকাৰ কৰিলে কিন্তু ইয়াৰ কোনো সমাধান নিদিলে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল এইবাৰ ৫১,৩৯৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিব। এতিয়া এই সংখ্যা কমি ৪৪,৭০৩ গৰাকীলৈ নামি আহিছে। এই সংখ্যা বিভ্ৰান্তিকৰ। এই সংখ্যা আচলতে পদৰ সংখ্যাহে, কিমান গৰাকীক নিযুক্তি দিব তাৰ হিচাপ নহয়। এই মন্তব্য কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই)এ।

অসম চৰকাৰৰ নিযুক্তি অ’ভাৰলোপিঙৰ বিৰুদ্ধে চচলত প্ৰতিবাদ সাব্যস্ত কৰি সংগঠন দুটাই কয় চৰকাৰে প্ৰাৰ্থীৰ প্ৰাপ্ত নম্বৰসহ এখন তালিকা প্ৰকাশ কৰিলে দেখা পোৱা যাব যে প্ৰায় ২০-২৫ হাজাৰ গৰাকীয়েহে নিযুক্তি পাইছে। কাৰণ এজন ব্যক্তিৰে দুই তিনি ঠাইত নাম ওলাব। চৰকাৰে সঠিক পৰিকল্পনাৰে আগবাঢ়িলে ৫১ হাজাৰ যুৱক-যুৱতী আৰু তেওঁলোকৰ পৰিয়ালত হাঁ‌হি বিৰিঙাব পাৰিলেহেঁতেন যদিও চৰকাৰে বহুতৰ বাবে বিষাদৰ বতৰাহে কঢ়িয়াই আনিলে। এয়া নিযুক্তিৰ নামত ডাঙৰ প্ৰতাৰণা। প্ৰতিবাদৰত ছাত্ৰ সংগঠন দুটাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ কৰে।

ছাত্ৰ সংগঠন দুটাই চৰকাৰৰ নিযুক্তিৰ নামত কৰা এই অস্বচ্ছ প্ৰক্ৰিয়াৰ তীব্ৰ সমালোচনা কৰি সংগঠনদ্বয়ে কয় যে, চৰকাৰে পূৰ্বতে ৫১ হাজাৰ নিযুক্তিৰ কথা কৈছিল যদিও এতিয়া নিযুক্তি প্ৰাপ্তৰ সংখ্যা ২০-২৫ হাজাৰৰ ভিতৰতে সীমাবদ্ধ থাকিব। এয়া ডাঙৰ প্ৰতাৰণা, ডাঙৰ ভেঁ‌কোভাওনা। স্বচ্ছতা আৰু নিকা নিযুক্তিৰ শ্লোগান দিয়া চৰকাৰে আজিলৈ কোনো প্ৰাৰ্থীয়ে প্ৰাপ্ত নম্বৰ আৰু কাট অফ নম্বৰ প্ৰকাশ নকৰিলে।

Apply Now

একেদৰে চতুৰ্থ বৰ্গৰ পদৰ বাবে সৰ্বোচ্চ শিক্ষাগত অৰ্হতা হাইস্কুল শিক্ষান্ত পৰীক্ষা অথবা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ যদিও বহু উচ্চ শিক্ষিত প্ৰাৰ্থীয়ে আৱেদন কৰি নিযুক্তিৰ বাবে বাচনি হৈছে। যাৰ বাবে প্ৰকৃত প্ৰাৰ্থীসকলে বঞ্চিত হ’বলগীয়া হৈছে। এই অন্যায় আৰু অনিয়মবোৰ দেখি শুনিও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও অভিযোগ কৰে প্ৰতিবাদৰত ছাত্ৰ সংগঠন দুটাই।

কালি (মংগলবাৰে) সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে পৰোক্ষভাৱে হ’লেও অ’ভাৰলেপিঙৰ কথা স্বীকাৰ কৰি তৃতীয় বৰ্গৰ বাবে ১৯৮ জনৰ আৰু চতুৰ্থ বৰ্গৰ বাবে ৪৩৭ জনৰ এখন অতিৰিক্ত তালিকা প্ৰকাশৰ কথা ঘোষণা কৰে। ইয়াৰ উপৰি জুলাই মাহত পুনৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰে। যিহেতু এজন প্ৰাৰ্থীয়ে দেখদেখকৈ ৪-৫ টা পদলৈ বাচনিকৃত হৈছে তেনেস্থলত বৃহৎ সংখ্যক পদ খালী হৈ থকাতো নিশ্চিত।

কিন্তু এই খালী পদ পূৰণ কৰিবলৈ পুনৰ নতুনকৈ পৰীক্ষা পতাৰ কোনো অৰ্থ নাই। ইতিমধ্যে হৈ যোৱা পৰীক্ষাৰ পৰাই এই পদসমুহ পূৰণ কৰিব পাৰে। এটা পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ হ’লে মানসিক প্ৰস্তুতিৰ লগতে যথেষ্ট টকা পইচাৰ খৰচ হয়। আনহাতে বহু প্ৰাৰ্থীৰ দ্বিতীয়বাৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বয়সো নাই, তেনেস্থলত চৰকাৰৰ পুনঃপৰীক্ষা পতাৰ ঘোষণাই হাজাৰ হাজাৰ যুৱক-যুৱতীক আশাহত কৰি তুলিছে অভিযোগ কৰে ছাত্ৰ সংগঠন দুটাই।

এনে অৱস্থাৰ মাজতে শতাধিক বঞ্চিত যুৱক-যুৱতী আৰু দুই সংগঠনৰ সদস্যৰ উপস্থিতিত হোৱা আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ মাজেৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰে  ডি ৱাই এফ আই আৰু এছ এফ আইএ। স্মাৰক পত্ৰ যোগে অ’ভাৰলেপিঙৰ সমস্যা সমাধান কৰা, পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীৰ পৰাই পৰৱৰ্তী দ্বিতীয় তালিকা প্ৰস্তুত কৰা ঘোষণা ২৫ মে’ৰ দিনাই দিয়া, চতুৰ্থ বৰ্গৰ পদত উচ্চ শিক্ষিত প্ৰাৰ্থীয়ে আৱেদন কৰা বিষয়ৰ তদন্ত কৰা আৰু ভবিষ্যতৰ নিযুক্তি পৰীক্ষাত প্ৰ-পত্ৰ পূৰণৰ সময়তে পচন্দৰ পদত অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰিছে  ডি ৱাই এফ আই আৰু এছ এফ আইএ।

বুধবাৰৰ প্ৰতিবাদী কাৰ্যসূচীত ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাস আৰু এছ এফ আইৰ যুটীয়া সম্পাদক হিমাংশু বৰাই বক্তব্য ৰখাৰ লগতে কেইবাজনো বঞ্চিত প্ৰাৰ্থীয়েও বক্তব্য ৰাখে। বক্তাসকলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চমক সৃষ্টিকাৰী আৰু আন্তৰিকতাহীন নিয়োগ প্ৰক্ৰিয়াক তীব্ৰ সমালোচনা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd