• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

‘বিজেপি’ৰ বাবে মণিপুৰৰ ভয়ংকৰ পৰিস্থিতিতকৈ ডাঙৰ জন সম্পৰ্ক অভিযান!

বিদেশ ভ্ৰমণত ব্যস্ত মোদী! "অগ্নিগৰ্ভা" মণিপুৰক লৈ নাই টুইট!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 24, 2023 8:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এফালে বিজেপিয়ে কোটি কোটি টকা খৰচ কৰি ২৪ ত নিজৰ ইমেজ অক্ষুণ্ণ ৰাখিবলৈ আৰম্ভ কৰিবলৈ ওলাইছে জন জাগৰণ সম্পৰ্ক অভিযান…. আনফালে পুনৰ দপদপাই জ্বলিবলৈ আৰম্ভ কৰিছে মণিপুৰ। কেইসপ্তাহৰ বিৰতিৰ পিছত মণিপুৰত সোমবাৰে পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। ৰাজধানী ইম্ফলৰ চেকন অঞ্চলত উত্তেজিত দুটা গোটৰ মাজত সংঘৰ্ষ বন্ধ কৰিবলৈ সেনা আৰু অৰ্ধসামৰিক বাহিনীক মাতি অনা হৈছে। নতুনকৈ জাৰি কৰা হৈছে সান্ধ্য আইন।

আৰক্ষীৰ সূত্ৰ অনুসৰি, চেকন বজাৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ একাংশ লোকৰ মাজত হোৱা বিবাদৰ পিছতে এই অশান্তি আৰম্ভ হয়। প্ৰথমতে দুয়োপক্ষৰ মাজত হতাহতি হয়। ইয়াৰ পিছত লাঠি আৰু অন্যান্য অস্ত্ৰৰে সংঘৰ্ষ আৰম্ভ হয়।

এই ঘটনাত আহত হৈছে কেইবাজনো লোক। বজাৰখনৰ কেইবাখনো দোকানত অগ্নিসংযোগ কৰা হয়।
চৰকাৰৰ তথ্য মতে, খিলঞ্জীয়া মেইটেই জনগোষ্ঠীৰ সৈতে কুকি, জো, আৰু অন্যান্য জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ ফলত ৰাজ্যখনত ৭৩ জন লোকৰ মৃত্যু হৈছে। প্ৰায় ৩০০ লোক গুৰুতৰভাৱে আহত হয়। গোষ্ঠীসংঘৰ্ষৰ ফলত ২৫ হাজাৰৰো অধিক লোক গৃহহীন হৈছে।

Apply Now

তাৰ পাছতো এটাও টুইট নাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। বিদেশ ভ্ৰমণত ব্যস্ত আছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। মণিপুৰৰ খবৰ ল’বলৈ কিন্তু আহৰি নাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

অন্যহাতে কেন্দ্ৰৰ পৰা কেৱল অৰ্দ্ধ সামৰিক বাহিনী বা সেনা মোটায়েম কৰিয়েই নিজৰ দায়িত্ব সামৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

উত্তৰ-পূৱৰ এখন ৰাজ্যত এনে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈ আছে… তেনে সময়ত এইবোৰৰ প্ৰতি তিলমানো গুৰুত্ব নিদি কেৱল নিজৰ ইমেজ অক্ষুণ্ণ ৰখাৰ বাবেহে চেষ্টা কৰি আছে বিজেপিয়ে। শ শ কোটি কোটি ধন ব্যয়েৰে নিৰ্বাচনলৈ এটা বছৰ থকা অৱস্থাতে কঁকালত টঙালি বান্ধিছে বিজেপিয়ে। কৰ্ণাটকত চুপাৰফ্লপ হোৱা মোদীৰ যাদু আৰু ছবিকে পুনৰ ধনবলেৰে ২০২৪ত ব্যৱহাৰ কৰিবলৈ কৌশল প্ৰস্তুত কৰিছে বিজেপিয়ে।

বিজেপিৰ দলীয় সূত্ৰত কোৱা মতে কেন্দ্ৰত নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ ৯ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ভাৰতীয় জনতা পাৰ্টিয়ে এই অভিযান আৰম্ভ কৰিব। এই অভিযানৰ মূল লক্ষ্য হব ক্ৰমে চলিত বৰ্ষত শেষৰফালে নিৰ্বাচন হবলগীয়া মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড় আৰু তেলেংগানা আৰু ২০২৪ৰ লোকসভাৰ নিৰ্বাচন।
কৰ্ণাটকত চূড়ান্তভাৱে ব্যৰ্থ হোৱা প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বতে চলিব এই ‘মহা জনজাগৰণ সম্পৰ্ক অভিযান’।অহা ৩০ মেৰ পৰা ৩০ জুনলৈ এমাহ ধৰি চলাব এই অভিযান মাত্ৰ ৩০ টা দিনত অনুষ্ঠিত কৰিব ৫১খনলৈ বৃহৎ ৰেলী! আয়োজন কৰিব ৩৯৬ খনকৈ ৰাজহুৱা সভা! ৩৯৬ টা লোকসভা সমষ্টিত হ’ব একোখনকৈ বিশাল ৰাজহুৱা সভা।

এইবোৰত গুৰুত্ব দিয়া বিজেপিয়ে কিন্তু এসময়ত অষ্টলক্ষ্মী আখ্যা দিয়া উত্তৰ পূৱৰ এখন ৰাজ্যৰ অগ্নিগৰ্ভা পৰিস্থিতি নিৰ্মূল কৰাৰ ক্ষেত্ৰত বৰ্তমানলৈকে গুৰুত্ব আৰোপ কৰা নাই বুলি অভিযোগ উঠিছে। এইবোৰৰ পৰা প্ৰমাণিত হৈছে যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণত অষ্টলক্ষ্মী বুলি উল্লেখ কৰিলেও মাহী আইৰ দৃষ্টিহে ৰাখিছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি।

কেৱল নিৰাপত্তাৰক্ষী প্ৰেৰণ কৰিয়েই দায় সাৰিছে নেকি কেন্দ্ৰীয় চৰকাৰে? মনত পেলাই দিওঁ যেতিয়া মণিপুৰ জ্বলি আছিল সেই সময়ত কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছিল প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী শ্বাহ ক্ষমতাৰ লাভৰ ৰাগীত উপেক্ষা কৰা হৈছিল মণিপুৰী লোকৰ জীৱনক!

মাজতে গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী বাতিল কৰিলেও কোনো প্ৰতিনিধি প্ৰেৰণ কৰা নাছিল মণিপুৰলৈ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ বাৰু আজিলৈকে এবাৰো মণিপুৰত গৈ উপস্থিত নহ’লেই…. পুনৰ এবাৰ মণিপুৰত ভয়ংকৰ পৰিস্থিতি হোৱাৰ পাছতো এতিয়ালৈয়ো কোনো এজনো কেন্দ্ৰীয় মন্ত্ৰীকো মণিপুৰলৈ প্ৰেৰণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে।

বৰং ইয়াৰ বিপৰীতে শান্তি পুনৰ ঘূৰি আহিবৰ বাবে দিল্লীত তৎপৰ হৈ পৰিছিল মণিপুৰৰ বিজেপি বিধায়কসকল।

ইফালে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক দিল্লীলৈ তলব কৰিলে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে। তলবৰ নিৰ্দেশ পাইয়ে বিশেষ বিমানৰ যোগে দিল্লীত উপস্থিত হৈ সাক্ষাৎ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। বীৰেণ সিঙক সংগ দিয়ে মণিপুৰৰ জনজাতীয় কেবাগৰাকী বিধায়কে।

এই সাক্ষাততে মণিপুৰৰ বিধায়কসকলে দাবী কৰে ৰাজ্যখনৰ জনজাতিসকলৰ বাবে সুকীয়া প্ৰশাসনীয় ব্যৱস্থা। কিন্তু একেষাৰে এই প্ৰস্তাৱ নস্যাৎ গৃহমন্ত্ৰী অমিত শ্বাহৰ।

বিজেপিৰ বিধায়কসকলৰ দাবী যে এনে ব্যৱস্থাই ৰাজ্যখনৰ জনজাতিসকলক ৰাজনৈতিক সুৰক্ষা দিয়াৰ লগতে গোষ্ঠীগত সংঘৰ্ষৰ পৰিসমাপ্তি ঘটাব। কিন্তু অমিত শ্বাহে দৃঢ়তাৰে এই প্ৰস্তাৱ নস্যাৎ কৰি কয় যে যিকোনো মূল্যৰ বিনিময়ত উত্তৰ পূৰ্বাঞ্চলৰ ঐক্য আৰু সংহতি বিনষ্ট কৰিবলৈ দিয়া নহব।

এতিয়া প্ৰশ্ন হয় এয়া গৃহমন্ত্ৰী মুখৰ ৰাজনৈতিক প্ৰতিশ্ৰুতি নে দৃঢ় ৰাজনৈতিক বক্তব্য? যদি ৰাজনৈতিক স্থিতি বা বক্তব্যই হয় তেনে কিয় ইমান দিনে ৰাজনৈতিকভাৱে কোনোধৰণৰ উদ্যোগ লোৱা নাছিল গৃহমন্ত্ৰী অমিত শ্বাহে? এতিয়ালৈকে কিয় মণিপুৰৰ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ সম্পৰ্কত কোনো স্থিতি স্পষ্ট কৰা নাই কেন্দ্ৰীয় চৰকাৰে। উচ্চতম ন্যায়ালয়ে এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কোনো এক্তিয়াৰ নাই বুলি মন্তব্য কৰাৰ পাছতো মেইটেইসকলক জনজাতি মৰ্যাদা প্ৰদান সন্দৰ্ভত কিয় কোনো স্থিতি প্ৰকাশ কৰা নাই কেন্দ্ৰই?

কিন্তু এইবোৰ প্ৰশ্নৰ পৰা ফালৰি কাটি বিজেপিয়ে কৰ্ণাটকত ম্লান পৰা নিজৰ ইমেজ ঘূৰাই আনিবলৈ দেশজুৰি জন জাগৰণ সম্পৰ্ক অভিযান আৰম্ভ গুৰুত্ব সহকাৰে লোৱা দেখিবলৈ পোৱা গৈছে।

আনফালে যেন মণিপুৰৰ এই অগ্নিগৰ্ভা পৰিস্থিতি শান্ত কৰাৰ ক্ষেত্ৰত মাহী আইৰ দৃষ্টিহে নিক্ষেপ কৰিছে বিজেপিয়ে।
ক্ষমতাৰ ৰাগীত মতলীয়া বিজেপিয়ে কেৱল শাসনত অক্ষুণ্ণ থাকিবৰ বাবে কুছ কাৱাজ কৰাতহে ব্যস্ত থাকে নেকি? তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ নহয় নেকি মণিপুৰত হৈ থকা গোষ্ঠীগত সংঘৰ্ষৰ পৰিস্থিতি সাম কটোৱাটো।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশিষ্ট সমাজ চিন্তক অপূৰ্ব বৰুৱাই। কৰ্ণাটকত পৰাজয়ৰ পাছত এতিয়া বিজেপিয়ে ভয় খাই সৰু সৰু কথাতহে গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে নেকি? মণিপুৰৰ দৰে গুৰুত্বপূৰ্ণ বা বিষয় তেওঁলোকৰ বাবে একেবাৰেই গুৰুত্বপূৰ্ণ নহয় নেকি? দেশতকৈ হেনো বিজেপিৰ বাবে দলহে ডাঙৰ হৈছে। সেয়েহে এখন ৰাজ্যৰ ভয়াবহ পৰিস্থিতিতকৈও বা মণিপুৰৰ জনজীৱনৰ প্ৰতি অহা বিপদতকৈও তেওঁলোকৰ বাবে পাৰ্টীকহে বেছিকৈ গুৰুত্ব দিয়া বুলি দাবী কৰে অপূৰ্ব বৰুৱাই।

প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই। ভূঞাৰ মতে “ক্ষমতা বাহাল ৰাখিবলৈ বিজেপিৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ ভোটহে গুৰুত্বপূৰ্ণ। তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ নহয় উত্তৰ পূৱৰ জনতাৰ আশা-আকাংক্ষা বা জনজীৱনৰ প্ৰতি অহা ভয়ংকৰ বিপদ।”

যোৱা ৩ মে’ত জনজাতি ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেন্টছ ইউনিয়ন অৱ মণিপুৰ’ (আটছুম)ৰ কাৰ্যসূচীক কেন্দ্ৰ কৰি মণিপুৰত অশান্তিৰ সৃষ্টি হয়।

উল্লেখ্য যে মণিপুৰ উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ ৰাজ্য চৰকাৰক মেইটেইসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিষয়টো বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল। তাৰ পিছতেই ইয়াৰ বিৰোধিতা কৰি জনজাতীয় সংগঠনকেইটা ৰাজপথলৈ ওলাই আহে। সেই ঘটনাৰ পৰাই উত্তৰ-পূৰ্বাঞ্চলৰ বিজেপি শাসিত ৰাজ্যখনত সংঘাতৰ পৰিস্থিতি আৰম্ভ হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm
ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm
ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd