• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

চিনেমা কথা: দা কেৰালা ষ্ট’ৰী

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
May 28, 2023 10:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিনেমাখনৰ নামটো ন-কৈ পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নিশ্চয়কৈ নাই। গত ৫ মে’ তাৰিখে মুক্তিপ্ৰাপ্ত এই ছবিখনক লৈ ইতিমধ্যেই দেশজুৰি বিতৰ্ক চলি আছে। এফালে যদিহে মুক্তভাৱে ছবিখনৰ প্ৰশংসা বা সমৰ্থন পাইছে,আনফালে আকৌ চিনেমাখন পশ্চিমবংগত সম্পূৰ্ণৰূপে বয়কটো কৰা হৈছিলে।

প্ৰযোজক বিপুল অমৃতলাল শ্বাহৰ এই ছবিখন মূলতঃ কেৰেলাত সংঘটিত”লাভ জিহাদ”ৰ ভিত্তিক বুলি দাবী কৰিছে। পৰিচালনা কৰিছে-সুদীপ্ত সেনে আৰু কাহিনী,চিত্ৰনাট্য-সূৰ্যগোপাল সিঙ,সুদীপ্ত সেন আৰু বিপুল অমৃতলাল শ্বাহৰ। ছবিখন বৰ্তমানেও অসমৰ ভিন্ন ছবিগৃহত চলি আছে।

Apply Now

চিনেমাৰ আৰম্ভণি ঘটে এটি বলীউডী ধৰ্মী গীতৰ মাজেৰে। এই গীতটিৰ মাজেৰেই কাহিনী কথন আৰম্ভ হয়। গতানুগতিক বলীউডৰ ছবিৰ দৰেই গীত-নৃত্যৰ পয়োভৰেৰে কাহিনীৰ গতি। এইখিনিতেই ক’ব লাগিব যে-মুখ্য চৰিত্ৰত আদা শৰ্মাৰ নিৰ্বাচনেই এক বিৰাট ভুল।

কাৰণ সমগ্ৰ চিনেমাখন জুৰি,ইমান সংবেদনশীল বিষয়বস্তু আৰু নিৰ্যাতনৰ সন্মুখীন হোৱাৰ পিছতো আদা শৰ্মা(শালিনী)ৰ চৰিত্ৰটোৰ লগত কোনো মুহুৰ্ততেই একাত্নতা অনুভৱ কৰিব পৰা নগ’ল। সকলো সময়তেই একেধৰণৰ অভিনয়েৰে আদা শৰ্মা চিনেমাখনৰ এক অতি দুৰ্বল অংশৰূপে পৰিগণিত হ’ল।

শালিনীৰ নাৰ্ছিং কলেজীয়া জীৱনকে মুল বিষয় কৰি চিনেমাখন আগবাঢ়ে। মাজে মাজে ফ্লেছবেকত গৈ কাহিনী চলি থাকে যদিও,কাহিনীৰ গতি অতি মন্থৰ আৰু প্ৰায় সময়তেই এনে লাগে যেন ছবিখনৰ কাহিনীয়ে কোনদিশে গতি কৰি আছে,তাৰ কোনো নিৰ্দ্দিষ্টতা নাই।

ছবিখনত ইছলাম সন্ত্ৰাসবাদী সংগঠন আইছিছৰ কথা আছে যদিও,আইছিছ বা সন্ত্ৰাসবাদৰ বিকৃত স্বৰূপৰ তুলনাত ইছলাম ধৰ্ম আৰু ইছলামিক সংস্কৃতিক অধিক বিকৃতৰূপত প্ৰদৰ্শন কৰাত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে।

এক কথাত ক’বলৈ গ’লে স্পষ্টকৈয়েই এইখন এখন ইছলাম ধৰ্মৰ লগতেই কমুনিষ্টসকলৰ বিপক্ষৰ ছবি। দুই-এক ঘটনাৰ বাদে আন কোনো ঘটনাৰে গ্ৰহণযোগ্যতা নাই। আনকি চিত্ৰনাট্য আৰু পৰিচালনা ইমানেই দুৰ্বল যে-নাৰীৰ লগত হোৱা অপৰাধতো,দুখ লগাৰ থলেই নাই। মুঠতে এখন বিৰক্তিকৰ,পুতৌজনক কাহিনী আৰু চিত্ৰনাট্যৰ ছবি।

কোনো চৰিত্ৰ বা ঘটনাৰ লগতেই সংযোগ স্থাপন কৰিব পৰা নগ’ল। ছবিখনত উত্তেজনা,উৎকন্ঠা,সংশয়,দুখ অথবা আনন্দ-একো আৱেগৰেই কোনো অনুভৱ নহ’ল। মূলতঃ দুৰ্বল,অসহায়,নিজৰ মগজুৰ চিন্তাশক্তি নথকা আৰু অৱলা নাৰীৰ চৰিত্ৰৰ প্ৰতিফলন ঘটাইছে ছবিখনত। এয়া নিশ্চয়কৈ কেৰেলাৰ নাৰীৰ প্ৰতিফলন নহয়।

চাবলৈ গ’লে এখন সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক বিষবাস্প কঢ়িওৱা ছবি এইখন। কাহিনীৰ কথা নায়েই যিহেতু,আৱহ-সংগীতৰো কোনো সংযোগ স্থাপন হোৱা নাই। সম্পাদনাৰ দিশ দুৰ্বল। কাহিনীত বেদনা ঢলাৰ অপৰিসীম প্ৰয়াসো ব্যৰ্থ পৰিচালক,কাহিনীকাৰৰ। অন্তিম দৃশ্যত এটি শিশুৰ হতুৱাই হিজাব জুইলৈ নিক্ষেপ কৰা দৃশ্যও এক সাম্প্ৰদায়িক ঘৃণা-দ্বেষ বিয়পোৱা দৃশ্যই।

ছবিখনত অভিনয়ৰ দিশত নাম লব পৰা এটি চৰিত্ৰও নাই। ১৩৮ মিনিট দৈৰ্ঘ্যৰ ছবিখন ৰাবাৰৰ দৰে টানি নেথাকিলেও,ইয়াৰ কোনো আৱেদনধৰ্মীতা নেথাকিলেহয়। কলা-সংস্কৃতিৰ দিশলৈ যিদৰে এনে ছবিৰ কোনো অৱদান নেথাকে,ঠিক সেইদৰেই দা কেৰেলা ষ্ট’ৰীৰ আনকি মনোৰঞ্জনধৰ্মীতাও নাই। এটাই ভাল লগা দিশ আছে ছবিখনৰ সেয়া হৈছে-প্ৰশান্তানু মহাপাত্ৰৰ আলোকশিল্পৰ কাম।

লেখকৰ মেইল: [email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd