• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আজি বিশ্ব ধঁপাত নিষিদ্ধ দিৱস : আহক আজিয়েই ধঁপাত ত্যাগ কৰাৰ সংকল্প লওঁ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 31, 2023 5:49 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতি বছৰে ৩১ মে’ত সমগ্ৰ বিশ্বই “ধঁপাত নিষিদ্ধ দিৱস” পালন কৰে। এই দিৱস্প্ৰ উদ্দেশ্য হ’ল ধঁপাত সেৱনৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টি আৰু ইয়াৰ সেৱন হ্ৰাস কৰাৰ বাবে ফলপ্ৰসূ নীতিৰ পোষকতা কৰা।

বিশ্ব স্বাস্থ্য সংস্থাই (WHO) আয়োজন কৰা এই উল্লেখযোগ্য দিনটোৰ লক্ষ্য হৈছে ধঁপাতৰ বিধ্বংসী স্বাস্থ্যজনিত পৰিণতিৰ বিষয়ে বিশ্বিবাসীক সজাগ কৰা আৰু ধূমপায়ীসকলক ধূমপান বন্ধ কৰিবলৈ উৎসাহিত কৰা। একে সময়তে ধঁপাত নিয়ন্ত্ৰণৰ শক্তিশালী ব্যৱস্থাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা এই দিৱসৰ মূল লক্ষ্য । 

Apply Now

সকলোৱে জানে যে ধঁপাত সেৱনৰ ফলত বিশ্বত প্ৰত্যেকদিনাই অগণন লোকে মৃত্যুক সাৱটি লয়। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি প্ৰতি বছৰে ধঁপাতৰ ফলত ৮০ লাখতকৈ অধিক লোকৰ মৃত্যু হয়। ইয়াৰে প্ৰায় ৭০ লাখ লোকৰ মৃত্যু প্ৰত্যক্ষ ধঁপাত সেৱনৰ ফলত হয়, আনহাতে ১২ লাখতকৈ অধিক লোকৰ মৃত্যু হয় ধঁপাত সেৱনকাৰীৰ ধোঁৱাৰ সংস্পৰ্শলৈ অহাৰ ফলত। তদুপৰি কেন্সাৰ, শ্বাস-প্ৰশ্বাস আৰু হৃদযন্ত্ৰৰ ৰোগ, ষ্ট্ৰোককে ধৰি ধঁপাত সম্পৰ্কীয় ৰোগে স্বাস্থ্যসেৱা ব্যৱস্থাৰ ওপৰত যথেষ্ট বোজা জাপি দিয়ে আৰু অৰ্থনৈতিক লোকচানত অৰিহণা যোগায়।

ধঁপাত সেৱনৰ সৈতে অসংখ্য ৰোগৰ সম্পৰ্ক আছে। চিগাৰেট, চিগাৰ বা পাইপ খালে শৰীৰত নিকোটিন, আলকাতৰা, কাৰ্বন মনোক্সাইডকে ধৰি ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ প্ৰৱেশ কৰে, যিবোৰ নিচাৰ লগতে বিভিন্ন ৰোগৰ সৃষ্টি কৰে। 

দীৰ্ঘদিন ধৰি ধঁপাত সেৱনে হাওঁফাওঁৰ কৰ্কট ৰোগ, ক্ৰনিক অবষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (COPD), হৃদৰোগ, ষ্ট্ৰোক, আৰু মূত্ৰাশয়, খাদ্যনলী, অগ্নাশয় আদিকে ধৰি কেইবাবিধো কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। ইয়াৰ উপৰিও গৰ্ভাৱস্থাত ধূমপানে মাতৃ আৰু গৰ্ভস্থ সন্তান উভয়ৰে বাবে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰে।

বিশ্ব ধঁপাত নিষিদ্ধ দিৱসে ধঁপাত নিয়ন্ত্ৰণৰ ফলপ্ৰসূ ব্যৱস্থাৰ পোষকতা কৰাৰ এক মঞ্চ হিচাপে কাম কৰে। ইয়াত ধঁপাত ব্যৱহাৰক নিৰুৎসাহিত কৰা নীতিসমূহ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, যেনে ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত কৰ বৃদ্ধি, ধঁপাতৰ বিজ্ঞাপন আৰু প্ৰচাৰৰ ওপৰত ব্যাপক নিষেধাজ্ঞা, পেকেজিঙৰ ওপৰত সতৰ্কবাণী আদি। 

এই ব্যৱস্থাসমূহে ব্যক্তিসকলক ধূমপান আৰম্ভ কৰাত নিৰুৎসাহিত কৰাই নহয়, ধূমপায়ী সকলক ধূমপান এৰিবলৈ প্ৰেৰণা যোগাই আৰু ধূমপান নকৰাসকলক ধঁপাতৰ ধোঁৱাৰ সংস্পৰ্শৰ পৰা ৰক্ষা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd