• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহাকাশত ভাৰতৰ দপদপনি মোডীৰ! ৯ বছৰত ৩৮৯ টা উপগ্ৰহ প্ৰেৰণ কৰি ইতিহাস ৰচিলে ভাৰতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 7, 2023 4:14 pm
227
VIEWS
Share on FacebookShare on Twitter

ভাৰতবৰ্ষই শেহতীয়াই প্ৰযুক্তিৰ বিকাশত লাভ কৰিছে অভূতপূৰ্ব সফলতা। মহাকাশ অধ্যয়নৰ ক্ষেত্ৰতো ভাৰতে লাভ কৰিছে বিশেষ সফলতা।

তথ্য অনুসৰি নৰেন্দ্ৰ মোডীৰ কাৰ্যকালত যোৱা ৯ বছৰত ইছৰো (Indian Space Research Organization)এ মহাকাশলৈ ৩৮৯ টা উপগ্ৰহ সফলতাৰে প্ৰেৰণ কৰিছে।

শেহতীয়াকৈ কেন্দ্ৰীয় বিজ্ঞান আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে ডি ডি নিউজৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই সন্দৰ্ভত বিতং তথ্য দাঙি ধৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ মহাকাশ খণ্ডই বিশ্বত গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে। ভাৰতৰ বহু আগতেই মহাকাশ কাৰ্যসূচী আৰম্ভ কৰা দেশসমূহে আজি নিজৰ উপগ্ৰহ উৎক্ষেপণৰ বাবে ভাৰতৰ সেৱা আৰু সুবিধাসমূহ ক্ৰমান্বয়ে বিচাৰিছে বুলিও তেওঁ লগতে কয়।

ড০ জিতেন্দ্ৰ সিঙে কয় যে, ৰকেট উৎক্ষেপণৰ মূল লক্ষ্যৰ বাহিৰেও ভাৰতৰ মহাকাশ প্ৰয়োগসমূহ এতিয়া ১৩০টা ষ্টাৰ্ট-আপৰ সৈতে আয়ৰ সুযোগৰ এক প্ৰধান উৎস হৈ পৰিছে। লগতে শৈক্ষিকভাৱে ত্ৰিবেন্দ্ৰম, জম্মু আৰু আগৰতলাৰ কাৰিকৰী প্ৰতিষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীৰ বাবে ১০০ শতাংশ প্লেচমেণ্টৰ সুযোগ আছে আৰু ইয়াৰে প্ৰায় ৫০ শতাংশই উচ্চ শিক্ষাৰ বাবে নাছালৈ যায়।

শেহতীয়াকৈ ইছৰ’ই শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা পিএছএলভি-চি৩৭ত ১০৪টা উপগ্ৰহ উৎক্ষেপণ কৰিছে। ইয়াৰে ১০১টা উপগ্ৰহ আন্তঃৰাষ্ট্ৰীয় গ্ৰাহকৰ বাবে। ইয়াৰ দ্বাৰা বিশ্বজুৰি মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান উপস্থিতি প্ৰতিফলিত হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। 

ইয়াৰ বাহিৰেও থলুৱা মানৱ সম্পন্ন মহাকাশ অভিযান গগনিয়ান মহাকাশলৈ যাবলৈ প্ৰায় সাজু হৈছে। যদি ই সফল হয় তেন্তে আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছতে ভাৰত মহাকাশলৈ মানুহ পঠোৱা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ’ব।

Recent News

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

‘দোষী সাব্যস্ত নহ’লেও অভিযুক্তক দিনৰ পিছত দিন জিম্মাত ৰাখিছে’; ইডিক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

‘দোষী সাব্যস্ত নহ’লেও অভিযুক্তক দিনৰ পিছত দিন জিম্মাত ৰাখিছে’; ইডিক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

‘ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে’, উদ্ধৱ থাকৰেৰ পৰামৰ্শ, এজন ‘শক্তিশালী প্ৰধানমন্ত্ৰী লাগে’

‘ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে’, উদ্ধৱ থাকৰেৰ পৰামৰ্শ, এজন ‘শক্তিশালী প্ৰধানমন্ত্ৰী লাগে’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd