• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাহেকীয়া দিনকেইটাত প্ৰচণ্ড পেটবিষ! জানি লওঁক কেইটামান ঘৰুৱা সমাধান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 12, 2023 2:12 pm
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাহেকীয়াৰ সময়ত হোৱা পেট বিষ বা পিৰিয়ডছ পেইন, যাক ডিছমেন’ৰিয়া বুলিও কোৱা হয়। প্ৰায়বোৰ মহিলাই মাহেকীয়াৰ সময়ছোৱা এই সমস্যাটোৰ বাবে অতি কষ্টেৰে কটাবলগীয়া হয়। মাহেকীয়াৰ দিনকেইটাই মহিলা সকলক অবৰ্ণনীয় পীড়া প্ৰদান কৰে। 

ঘৰুৱা প্ৰতিকাৰে এই সমস্যাটো দূৰ কৰাত সহায় কৰিব পাৰে যদিও মন কৰিবলগীয়া যে গুৰুতৰ পিৰিয়ডছ পেইনৰ বাবে চিকিৎসকৰ কাষ চপাটো দৰকাৰ। মহিলাসকলৰ সমস্যাৰ কথা লক্ষ্য কৰি ইয়াত কিছুমান ঘৰুৱা উপায় উল্লেখ কৰা হ’ল যিয়ে মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষত সকাহ দিব পাৰে –

Apply Now

১) হিট থেৰাপী

হিটিং পেড বা গৰম পানীৰ বটল পেটৰ তলৰ অংশ বা কঁকালৰ তলৰ অংশত লগালে পেটৰ পেশীবোৰ শিথিল হোৱাৰ লগতে বিষৰ পৰা উপশম পোৱা যায়। নতুবা গৰম পানীৰে গাধোৱা বা গৰম পানীৰ শ্বাৱাৰ লোৱাটোও এই সময়ত উপকাৰী হ’ব পাৰে।

২) ব্যায়াম

খোজ কঢ়া বা যোগাসনৰ দৰে কোমল ব্যায়ামে ৰক্ত সঞ্চালন উন্নত কৰাৰ লগতে বিষ কমোৱাত সহায় কৰিব পাৰে। গোটেই ঋতুচক্ৰটোত নিয়মীয়াকৈ শাৰীৰিক কাৰ্য্যকলাপত লিপ্ত হ’লেও ক্ৰেম্প ৰোধ কৰাত সহায়ক হ’ব পাৰে।

৩) বনৌষধি চাহ

কিছুমান বনৌষধি চাহ যেনে কেমোমিল, আদা, পদিনা আদিত প্ৰদাহ নিবাৰণকাৰী আৰু স্পাচমোডিক গুণ থাকে যিয়ে পিৰিয়ডৰ বিষ কমোৱাত সহায় কৰিব পাৰে। সকাহ পাবলৈ গৰম বনৌষধি চাহৰ চুমুক দিয়ক।

৪) খাদ্যৰ সালসলনি

মাহেকীয়াৰ সময়ত আপোনাৰ দৈনন্দিন খাদ্যৰ তালিকালৈ কিছু পৰিৱৰ্তন অনাৰ দৰকাৰ। খাদ্যৰ তালিকাত কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰি মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষ কমাব পাৰি। ওমেগা-৩, ফেটি এচিড সমৃদ্ধ খাদ্য (যেনে চৰ্বিযুক্ত মাছ, ফ্লেক্সচিড), কেলচিয়াম (যেনে, দুগ্ধজাত সামগ্ৰী), আৰু মেগনেছিয়াম (যেনে, বাদাম, গুটি, কল) আদি খাদ্য আপোনাৰ খাদ্যৰ তালিকাত সংযোগ কৰক।

৫) শিথিলতা কৌশল

মানসিক চাপে পিৰিয়ডৰ বিষ বৃদ্ধি কৰিব পাৰে, গতিকে গভীৰ উশাহ-নিশাহ, ধ্যান, বা কোমল ষ্ট্ৰেচিং ব্যায়ামৰ দৰে শিথিলতা কৌশলৰ অভ্যাস কৰিলে মানসিক চাপৰ মাত্ৰা হ্ৰাস কৰাত সহায়ক হয় আৰু অস্বস্তিৰ পৰা উপশম পোৱা যায়।

৬) কাউণ্টাৰৰ পৰা বিক্ৰী কৰা বিষ নিৰাময়কাৰী ঔষধ

ননষ্টেৰয়ড এন্টি-ইনফ্লেমেটৰী ঔষধ (NSAID), যেনে আইবুপ্ৰ’ফেন বা নেপ্ৰ’ক্সেন আদি পিৰিয়ডছৰ বিষ হ্ৰাস কৰাৰ ক্ষেত্ৰত ফলপ্ৰসূ হ’ব পাৰে। কিন্তু যদি আপোনাৰ আন কোনো স্বাস্থ্যজনিত সমস্যা আছে বা অন্য ঔষধ খাই আছে তেন্তে  এই ঔষধ সেৱন কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।

৭) পৰ্যাপ্ত জিৰণি: 

পৰ্যাপ্ত জিৰণি আৰু টোপনিয়ে আপোনাৰ সামগ্ৰিক সুস্থতাত সহায় কৰিব পাৰে আৰু ই মাহেকীয়াৰ বিষ কমোৱাত সহায় কৰিব পাৰে।

মনত ৰাখিব যে সকলোৰে শৰীৰ বেলেগ বেলেগ। এটা ঔষধ বা চিকিৎসাই এজনৰ বাবে যি কাম কৰে, আন এজনৰ বাবে সেই কাম নকৰিবও পাৰে। যদি ঘৰুৱা চিকিৎসাই পৰ্যাপ্ত সকাহ নিদিয়ে বা যদি আপোনাৰ মাহেকীয়াৰ বিষ অতি গুৰুতৰ আৰু অসহ্যকৰ হয় তেতিয়া চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd