অব্যাহত আছে ৰুছ-ইউক্ৰেইন যুদ্ধ। এবছৰতকৈ অধিক সময় অতিক্ৰম কৰা এই প্ৰাণনাশী যুদ্ধই ইতিমধ্যে ধ্বংসলীলা চলাইছে ইউক্ৰেইনত। প্ৰাণ হেৰুৱাইছে অসংখ্য ৰুছ-ইউক্ৰেনিয়ান সেনা তথা সাধাৰণ নাগৰিকে। পিছে তাৰ পিছতো যুদ্ধৰ ভয়াৱহতা শাম কটা নাই।
যুদ্ধৰ এই ভয়াৱহতাৰ মাজতে আজি পুৱা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ গৃহ চহৰত আক্ৰমণ চলায় ৰাছিয়াই। ক্ৰীভি ৰিগত চলোৱা এই আক্ৰমণত মৃত্যু হয় দহগৰাকী লোকৰ।
এই ধাৰাবাহিক আক্ৰমণে চহৰখনৰ একাধিক স্থানত আঘাত হানে আৰু কেন্দ্ৰীয় চহৰ ক্ৰীভি ৰিগক মুহূৰ্তৰ ভিতৰতে ধ্বংসস্তূপত পৰিণত কৰে। চহৰখনৰ সামৰিক প্ৰশাসনৰ মুৰব্বী অলেকজেণ্ডাৰ ভিলকুলে আক্ৰমণত হোৱা হানিৰ বিষয়ে সদৰী কৰে।
অলেকজেণ্ডাৰ ভিলকুলে এক বিবৃতিত উল্লেখ কৰা মতে, আক্ৰমণত দহগৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এগৰাকী ব্যক্তি ধ্বংসাৱশেষৰ তলত সোমাই পৰে। আনহাতে ২৮ গৰাকী লোক আহত হোৱা বুলি তেওঁ লগতে সদৰী কৰে।
আক্ৰমণৰ পিছতে প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰে বুলিও তেওঁ লগতে কয়। ইফালে এই আক্ৰমণৰ পিছতে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ৰাছিয়ান বাহিনীয়ে ইউক্ৰেইনৰ আৱাসিক অট্টালিকা তথা সাধাৰণ নাগৰিকৰ বিৰুদ্ধে যুদ্ধ চলাই আছে বুলি অভিযোগ কৰে।
তেওঁ লগতে ইউক্ৰেইনবাসীক এই নৰসংহাৰী যুদ্ধৰ বাবে দায়ীসকলক জবাবদিহি কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে। ছ’চিয়েল মিডিয়াত এক বিবৃতিত তেওঁ কয় যে সন্ত্ৰাসবাদীক কেতিয়াও ক্ষমা কৰা নহ’ব আৰু তেওঁলোকে নিক্ষেপ কৰা প্ৰতিটো ক্ষেপণাস্ত্ৰৰ বাবে তেওঁলোকক জবাবদিহি কৰা হ’ব।
ইয়াৰ পূৰ্বে ৰাছিয়ান বাহিনীয়ে ইউক্ৰেইনৰ ৰাজধানী কিয়েভ আৰু উত্তৰ-পূব চহৰ খাৰ্কিভতো মিছাইল আৰু ড্ৰ’ন আক্ৰমণ চলায়। ইউক্ৰেইনৰ বায়ুসেনাই জানিবলৈ দিয়া মতে, ৰাছিয়াই নিশাটোৰ ভিতৰতে ১৪ টা ক্ৰুজ মিছাইল আৰু ইৰাণ নিৰ্মিত চাৰিটা ড্ৰ’ন নিক্ষেপ কৰি আক্ৰমণ চলায়।





