• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত “প্ৰযুক্তি: শৈক্ষিক আৰু অৰ্থনৈতিক লক্ষ্য পুনৰ গঠন” বিষয়ক দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2023 7:08 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ললিত চন্দ্ৰ ভৰালী (এলচিবি) কলেজৰ অৰ্থনীতি, পদাৰ্থ বিজ্ঞান আৰু আইকিউএচি বিভাগে “প্ৰযুক্তি: শৈক্ষিক আৰু অৰ্থনৈতিক লক্ষ্যৰ পুনৰ গঠন” বিষয়ক এখন দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন কৰে।

অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ (ASTEC), NEDFI আৰু ICFAI বিজনেছ স্কুলে আলোচনা চক্ৰখন স্পনছ’ৰ কৰিছে।

আলোচনা চক্ৰৰ আৰম্ভণিতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয় উন্নয়ন পৰিষদৰ সঞ্চালক অধ্যাপক প্ৰদীপ ফুকনে উদ্বোধনী ভাষণ প্ৰদান কৰে।

আদৰণি ভাষণ প্ৰদান কৰে এল চি বি কলেজৰ অধ্যক্ষ ড০ অমৰেন্দ্ৰ কলিতাই।

আলোচনা চক্ৰৰ বিষয়বস্তুৰ ওপৰত ASTEC-ৰ সঞ্চালক ড০ জয়দীপ বৰুৱাই এক বিশ্লেষণাত্মক ভাষণ প্ৰদান কৰে।

এই আলোচনা চক্ৰখন যৌথভাৱে আঁত ধৰে এল চি বি কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড০ মনীষা ফুকন আৰু অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপিকা ড০ ৰুমিয়া বেগমে। ড০ ৰুমিয়া বেগমে আলোচনা চক্ৰৰ আয়োজনৰ মূল উদ্দেশ্য আৰু আঁৰৰ ধাৰণা ব্যাখ্যা কৰে।

দেশৰ বিভিন্ন প্ৰান্তৰ আৰু বিদেশৰ শিক্ষাবিদ, গৱেষক পণ্ডিত আৰু আগশাৰীৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অনলাইন আৰু অফলাইন দুয়ো ধৰণে মুঠ ৫০ খন গৱেষণা পত্ৰ উপস্থাপন কৰে।

মুখ্য বক্তা কলকাতাৰ এছ.এন. বসু  নেচনেল চেণ্টাৰ ফৰ বেচিক ছায়েন্সৰ জ্যেষ্ঠ অধ্যাপক সমীৰ কুমাৰ পালে স্বাস্থ্যজনিত সমস্যা মোকাবিলা কৰিবলৈ ডিজিটেল উদ্ভাৱনৰ ব্যৱহাৰৰ ওপৰত আলোকপাত কৰে। তেওঁ নিজৰ গৱেষণামূলক কাম-কাজৰ উল্লেখ কৰি স্বাস্থ্যজনিত সমস্যা মোকাবিলা কৰিবলৈ তেওঁৰ উদ্ভাৱনসমূহৰ প্ৰয়োগৰ বিষয়ে ব্যাখ্যা কৰে।

আলোচনা চক্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইউএছআইচি এণ্ড ইনষ্ট্ৰুমেণ্টেচন বিভাগৰ অধ্যাপক আৰু মুৰব্বী ড০ উৎপল শৰ্মা আৰু পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক আৰু যুৱ বিজ্ঞানী বঁটাপ্ৰাপ্ত ড০ হেমেন কলিতাই বিশেষ আমন্ত্ৰিত বক্তৃতা প্ৰদান কৰে।

ড০ উৎপল শৰ্মাই বিজ্ঞান আৰু প্ৰযুক্তিৰ সৈতে মানৱীয় আৰু সমাজ বিজ্ঞানৰ মাজত সহযোগিতামূলক কামৰ সম্ভাৱনাৰ ওপৰত তেওঁৰ ধাৰণা সদৰী কৰে। ৩টা পেটেণ্ট আৰু বহুতো বিদ্যায়তনিক কৃতিত্ব থকা ড° হেমেন কলিতাই বিস্ময়কৰ সামগ্ৰী ‘গ্ৰেফিন’ আৰু ইয়াৰ বাস্তৱ জীৱনৰ সমস্যা সমাধানৰ ক্ষমতা যেনে নদী আৰু সাগৰৰ পানীৰ পৰা বিপজ্জনক তেল আঁতৰোৱা, জলভাগৰ পৰা বিষাক্ত আৰু প্ৰদূষক ৰং আঁতৰোৱাৰ কৌশল, ফৰ্মেলিন চিনাক্তকৰণকে ধৰি বিভিন্ন দিশৰ বিষয়ে আলোকপাত কৰে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক বন্তি তিৰু, আই আই টি গুৱাহাটীৰ হিউমেনিটিছ এণ্ড ছচিয়েল চায়েন্স বিভাগৰ সহকাৰী অধ্যাপক ড° অমৰজ্যোতি মহন্ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক ড° পুৰবী বৈশ্য, আৰু এল চি বি মহাবিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ সহকাৰী অধ্যাপিকা ড০ জুমি কলিতাই চাৰিটা কাৰিকৰী অধিবেশনত অনুষ্ঠিত আলোচনাত অধ্যক্ষতা কৰে।

সামৰণি অধিবেশনত অধ্যক্ষ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ড° নিছাৰ আহমেদ বৰুৱা আৰু সহ অধ্যক্ষ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয় ই চি ই বিভাগৰ অধ্যাপক অধ্যাপক কন্দৰ্প কুমাৰ শৰ্মাই ভাষণ প্ৰদান কৰে ৷ তেওঁলোকে এটা প্ৰাসংগিক বিষয়ত আলোচনা চক্ৰখন আয়োজন কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে।

চাৰিগৰাকী ‘শ্ৰেষ্ঠ গৱেষণা পত্ৰ উপস্থাপক’ক প্ৰমাণ পত্ৰ আৰু স্মাৰক প্ৰদান কৰা হয়। আন গৱেষণা পত্ৰ উপস্থাপকসকলকো প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। এল চি বি কলেজৰ অৰ্থনীতি বিভাগৰ মুৰব্বী তথা আভ্যন্তৰীণ গুণগত নিশ্চয়তা কোষৰ সমন্বয়ক ড০ জুবলী গোস্বামীৰ শলাগৰ শৰাইৰে অনুষ্ঠানটোৰ সামৰণি পৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাতিল কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলঃ উদ্যোক্তাৰ স্পষ্টিকৰণ,জনা নাছিল জুবিনৰ সাগৰ ভ্ৰমণৰ কথা

বাতিল কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলঃ উদ্যোক্তাৰ স্পষ্টিকৰণ,জনা নাছিল জুবিনৰ সাগৰ ভ্ৰমণৰ কথা

September 19, 2025 7:36 pm
ছিংগাপুৰত থকা ভাৰতৰ উচ্চায়ুক্ত ড° শিল্পক আম্বুলেৰ লগত নিৰন্তৰ যোগাযোগত আছে হিমন্ত বিশ্ব শৰ্মা : কেতিয়া আহি পাব জুবিন গাৰ্গৰ নিথৰ দেহ?

ছিংগাপুৰত থকা ভাৰতৰ উচ্চায়ুক্ত ড° শিল্পক আম্বুলেৰ লগত নিৰন্তৰ যোগাযোগত আছে হিমন্ত বিশ্ব শৰ্মা : কেতিয়া আহি পাব জুবিন গাৰ্গৰ নিথৰ দেহ?

September 19, 2025 7:35 pm
মায়াৰ পৰিধি ভাঙি মুক্তিৰ পথেৰে পাখি মেলি উৰি গ’ল জুবিন! উকা কৰি গ’ল অসমৰ সংগীত জগত…

মায়াৰ পৰিধি ভাঙি মুক্তিৰ পথেৰে পাখি মেলি উৰি গ’ল জুবিন! উকা কৰি গ’ল অসমৰ সংগীত জগত…

September 19, 2025 7:09 pm
জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ ৰাহুল গান্ধী, অভিষেক বেনাৰ্জীকে ধৰি বহু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ

জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ ৰাহুল গান্ধী, অভিষেক বেনাৰ্জীকে ধৰি বহু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ

September 19, 2025 6:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাতিল কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলঃ উদ্যোক্তাৰ স্পষ্টিকৰণ,জনা নাছিল জুবিনৰ সাগৰ ভ্ৰমণৰ কথা

বাতিল কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলঃ উদ্যোক্তাৰ স্পষ্টিকৰণ,জনা নাছিল জুবিনৰ সাগৰ ভ্ৰমণৰ কথা

September 19, 2025 7:36 pm
ছিংগাপুৰত থকা ভাৰতৰ উচ্চায়ুক্ত ড° শিল্পক আম্বুলেৰ লগত নিৰন্তৰ যোগাযোগত আছে হিমন্ত বিশ্ব শৰ্মা : কেতিয়া আহি পাব জুবিন গাৰ্গৰ নিথৰ দেহ?

ছিংগাপুৰত থকা ভাৰতৰ উচ্চায়ুক্ত ড° শিল্পক আম্বুলেৰ লগত নিৰন্তৰ যোগাযোগত আছে হিমন্ত বিশ্ব শৰ্মা : কেতিয়া আহি পাব জুবিন গাৰ্গৰ নিথৰ দেহ?

September 19, 2025 7:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd