ভয়াৱহ ৰে’ল দুৰ্ঘটনাই জোকাৰি যোৱা উৰিষ্যাত পুনৰ সংঘটিত হৈছে আন এক ভয়াৱহ দুৰ্ঘটনা। ৰাজ্যখনৰ গঞ্জাম জিলাত আজি দুখন যাত্ৰীবাহী বাছৰ মাজত এই দুৰ্ঘটনা সংঘটিত হৈছে। দুয়োখন বাছৰ মুখামুখি সংঘৰ্ষত ১২ গৰাকী ব্যক্তি নিহত হোৱাৰ লগতে আন ৭ গৰাকী লোক আহত হয়।
বেৰহামপুৰৰ আৰক্ষী অধীক্ষকে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে, আজি পুৱতি নিশা বেৰহামপুৰ-তপ্তপানী পথৰ ডিগাপাহাণ্ডী অঞ্চলৰ সমীপত বিবাহযাত্ৰী থকা এখন বাছে আন এখন যাত্ৰীবাহী বাহনৰ সৈতে মুখামুখিকৈ খুন্দা মাৰে।
বাছখনৰ যাত্ৰীসকলে বেৰহামপুৰত এক বিবাহ অনুষ্ঠানত অংশ লোৱাৰ পিছত ডিগাপাহাণ্ডীৰ সমীপৰ খাণ্ডাদেউলিলৈ উভতি আহিছিল। যাত্ৰাৰত অৱস্থাতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা।
দুৰ্ঘটনাৰ পিছতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে। দলটোৱে আহত লোকসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ স্থানান্তৰিত কৰে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।
আন এগৰাকী আৰক্ষী বিষয়াৰ ভাষ্য মতে দুৰ্ঘটনাত একেটা পৰিয়ালৰে আত্মীয়-স্বজনসহ ১২ গৰাকী লোকৰ মৰ্মান্তিক মৃত্যু ঘটিছে। বিষয়াগৰাকীয়ে সদৰী কৰা মতে, আহত লোক কেইগৰাকী এম কে চি জি মেডিকেল কলেজ আৰু হাস্পতাল আৰু ডিগাপাহাণ্ডী হাস্পতালত চিকিৎসাধীন হৈ আছে।
আনহাতে গুৰুতৰভাৱে আহত আন দুগৰাকী লোকক কটকৰ এছচিবি মেডিকেল কলেজ আৰু হাস্পতাললৈ স্থানান্তৰ কৰা হৈছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। ইফালে দুৰ্ঘটনাৰ পিছতে ৰাজ্যৰ বিশেষ সাহায্য আয়োগে আহতসকলৰ চিকিৎসাৰ বাবে ৩০,০০০ টকাকৈ সাহায্য ঘোষণা কৰিছে।