সমষ্টি পুনৰ গঠনৰ খচৰা বিশেষকৈ ভৱানীপুৰ সমষ্টিৰ নাম কৰ্তন কৰাৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত অংশ লোৱাৰ বাবে অসম চৰকাৰৰ নিৰ্দেশত উচ্চ শিক্ষা সঞ্চালকালয়ে বৰপেটা জিলাৰ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাক পদৰ পৰা নিলম্বন কৰিছে।
ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ বৰপেটা জিলা কমিটিয়ে অসম চৰকাৰৰ নিৰ্দেশত উচ্চ শিক্ষা বিভাগে লোৱা এই সিদ্ধান্ত স্বৈৰাচাৰী আৰু অগণতান্ত্ৰিক বুলি অভিহিত কৰি তৎকালে এই সিদ্ধান্ত উঠাই ল’বলৈ দাবী জনাইছে। উল্লেখনীয় যে নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনা ভংগ কৰি সাম্প্ৰদায়িক আৰু অবৈজ্ঞানিক দৃষ্টিভঙ্গীৰে নিজৰ খেয়াল খুচি মতে সমষ্টি পুনৰ গঠনৰ খচৰা প্ৰকাশ কৰিছে।
ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা গৈছে। সমগ্ৰ বৰপেটা জিলাতে সমষ্টি কৰ্তন আৰু সাম্প্ৰদায়িক দৃষ্টিভংগীৰে সমষ্টি পুনৰ গঠনৰ প্ৰস্তাৱক লৈ জিলাখনত প্ৰতিবাদ হৈছে। ইয়াৰ মাজতে প্ৰস্তাৱিত ভৱানীপুৰ সমষ্টিৰ নাম কৰ্তন কৰাক লৈ ভৱানীপুৰৰ ৰাইজ ক্ষুব্ধ হৈ পৰিছে। ৰাইজৰ ক্ষোভ গণতান্ত্ৰিকভাৱে উত্থাপন কৰি বিভিন্ন দল সংগঠনে ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰিছে। এই প্ৰতিবাদত শাসক দলৰ বিধায়কে গৈও বক্তব্য ৰাখিছে। এনে প্ৰতিবাদী সভাতে ভৱানীপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাইয়ো অংশগ্ৰহণ কৰিছে।
এই অপৰাধতেই চৰকাৰে সম্পূৰ্ণ আক্ৰোশমূলকভাৱে তেখেতক চাকৰিৰ পৰা নিলম্বনৰ নিৰ্দেশ দিছে। প্ৰস্তাৱিত ভৱানীপুৰ সমষ্টিৰ নাম বাহাল ৰখাৰ দাবীত সংগঠিত শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনত অংশ লোৱাৰ বাবেই কৰা এই নিলম্বক ডি ৱাই এফ আইয়ে ধিক্কাৰ জনাইছে আৰু ইয়াক তৎকালে প্ৰত্যাহাৰৰ দাবী কৰিছে।