আজি ৰণশিঙা বাজিল আগন্তুক ২৪ ৰ লোকসভা নিৰ্বাচনৰ। এফালে ৰাজধানী দিল্লীত শাসকীয় বিজেপি নেতৃত্বাধীন এন ডি এ (NDA) আৰু আনফালে বাংগালোৰত উমৈহতীয়া বিৰোধীৰ লক্ষ্যৰে বিৰোধী দলসমূহৰ বৈঠক। ২৪ ৰ এই নিৰ্বাচনত NDA ক দিল্লীৰ মচনদ দখলৰ পথ ৰুদ্ধ কৰিবলৈ আজি বাংগালোৰত একত্ৰিত হ’ল ২৬টা বিজেপি বিৰোধী দল।
অৱশ্যে এইবাৰ পূৰ্বৰ দৰে দিল্লী দখলৰ যুঁজ নহয় NDA আৰু UPA ৰ মাজত। এইবাৰ INDIA নামেৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব বিৰোধী। ২৬ টা বিৰোধী দলৰ সন্মিলিত এই INDIA, অৰ্থাৎ Indian National Developmental Inclusive Alliance- এ ২৪ ত NDA ৰ সমুখত তীব্ৰ প্ৰত্যাহ্বান গঢ়ি তোলাৰ সম্ভাৱনা আছে।
আজি INDIAৰ এই মঞ্চত ভাৰতীয় ৰাজনীতিৰ বহু ৰথী-মহাৰথী ক্ৰমে ছোনিয়া গান্ধী, মমতা বেনাৰ্জী, শাৰদ পাৱাৰ, অৰবিন্দ কেজৰিৱাল, ৰাহুল গান্ধী, অভিষেক বেনাৰ্জী, অখিলেশ যাদৱ, তেজস্বী যাদৱ, উদ্ধৱ থাকৰে, এম কে ষ্টেলিন, মল্লিকাৰ্জুন খৰ্গে, হেমন্ত ছোৰেন, সীতাৰাম য়েচুৰী, লালু প্ৰসাদ যাদৱ, নীতিশ কুমাৰ ইত্যাদি নেতাসকল উপস্থিত থাকে।
বিৰোধীৰ এই ৰণকৌশলে ২৪ ৰ নিৰ্বাচনী ৰণক এক ন মূৰ দিয়াৰ সময়তে এই INDIA মঞ্চত মুখ্য কোন হ’ব, এয়া আটাইতকৈ চৰ্চিত প্ৰশ্ন হৈছে। মোদীৰ বিপক্ষে ৰাহুল গান্ধী সন্মিলিত বিৰোধীৰ মুখ্য ঐক্যবদ্ধ মিত্ৰজোঁটৰ নেতৃত্ব দিব, সেয়া লক্ষণীয় হৈ পৰিছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই এই সন্দৰ্ভত কৰিছে এক বিশেষ মন্তব্য।
সংবাদমেলত INDIAৰ সম্ভাৱ্য নেতা সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেই জানিবলৈ দিয়া মতে নৱগঠিত মিত্ৰজোঁটৰ ভিতৰতে ১১ জন সদস্যৰে এখন সমন্বয় সমিতি গঠন কৰা হৈছে আৰু মুম্বাইত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী বৈঠকত এই বিষয়ত সিদ্ধান্ত লোৱা হ’ব।
বিৰোধী মিত্ৰজোঁটৰ নেতা কোন, এয়া অতি সৰু কথা বুলি উল্লেখ কৰি খৰ্গেই লগতে ‘কংগ্ৰেছ ক্ষমতা পাবলৈ বা প্ৰধানমন্ত্ৰীৰ পদৰ আশাত থকা নাই’ বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। কিন্তু বিৰোধী মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ আৰজেডি আৰু ডিএমকে দলে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক INDIA ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ পক্ষত বুলি এক সূত্ৰই দাবী কৰিছে।
ইফালে প্ৰধানমন্ত্ৰী মোদীৰ সভাপতিত্বত আজি দিল্লীত অনুষ্ঠিত হয় শাসকীয় মিত্ৰজোঁট NDAৰ বৈঠক। এই বৈঠকত NDA মিত্ৰজোঁটৰ ৩৮ টা অংশীদাৰী দলে অংশগ্ৰহণ কৰে। এই বৈঠকৰ মঞ্চৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধীৰ বৈঠক সন্দৰ্ভত তীব্ৰ কটাক্ষ কৰে আৰু ‘ভ্ৰষ্টাচাৰীৰ বৈঠক’ আখ্যা দিয়ে।
এতিয়া ২৪ ৰ নিৰ্বাচনী ৰণত শাসকীয় বিজেপি নেতৃত্বাধীন NDA ক সন্মিলিত বিৰোধীৰ নৱগঠিত INDIA ই কেনেদৰে প্ৰত্যাহ্বান জনাব পাৰে, সেয়া হ’ব লক্ষণীয়।