• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিংসাৰ পৰা ৰক্ষা নপৰিল স্বাধীনতা সংগ্ৰামীৰ ঘৰো; জীৱন্তে জ্বলাই দিয়া হৈছে তেওঁৰ পত্নীক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2023 9:08 am
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ হিংসাত্মক পৰিস্থিতিক লৈ সমগ্ৰ দেশ উদ্বিগ্ন। দুটা জনগোষ্ঠীৰ মাজত হোৱা যুঁজৰ ফলত শতাধিক সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছে। কিছুদিন পূৰ্বে মণিপুৰত দুগৰাকী মহিলাৰ উলংগ হৈ খোজ কঢ়োৱাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। ইয়াক লৈ উত্তাল হৈ পৰিছে দেশ।

এইবাৰ মণিপুৰৰ কাকটিং জিলাৰ ছেৰউ গাঁৱত এগৰাকী স্বাধীনতা সংগ্ৰামীৰ বৃদ্ধা পত্নীক জ্বলাই দিয়াৰ ঘটনা পোহৰলৈ আহে। শেহতীয়াকৈ কিছুদিন পূৰ্বে সংঘটিত এই ঘটনা সন্দৰ্ভত ছেৰই আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। স্বাধীনতা সংগ্ৰামীগৰাকীক ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত এ পি জে আব্দুল কালামে বঁটা প্ৰদান কৰিছিল।

ইম্ফলৰ পৰা ৪৫ কিলোমিটাৰ নিলগৰ ছেৰউ গাঁওখন প্ৰাকৃতিকভাৱে অতি মনোৰম আছিল। কিন্তু এতিয়া তালৈ গ’লে দেখা কেবল জ্বলি যোৱা আৰু ভঙা ঘৰবোৰ। গুলীৰ চিনো সকলো ঠাইতে দেখা যায়। গাঁৱৰ অধিকাংশ লোক এতিয়াও গাঁৱৰ বাহিৰত।

Apply Now

লগতে পঢ়ক: ”আমি চোৰ ধৰো আৰু তেওঁলোকে উৎকোচ লৈ মুকলি কৰি দিয়ে’’- ঘাইপথত শুই প্ৰতিবাদ হোমগাৰ্ডৰ

এছ চন্দ্ৰচুড় সিং এই গাঁৱতে বাস কৰিছিল। তেওঁ আছিল স্বাধীনতা সংগ্ৰামী। চন্দ্ৰচুড়ৰ মৃত্যু হ’ল যদিও পত্নী ইবেটম্বী সেই গাঁৱতে বাস কৰিছিল।

মণিপুৰত হিংসা আৰম্ভ হোৱাৰ পাছত ২৮ মে’ত এই গাঁওখনৰ পৰিস্থিতি ভয়াৱহ হৈ পৰে। গুলী আৰু বোমাৰ শব্দই গোটেই অঞ্চলটো জোকাৰি যায়। জ্বলি থকা ঘৰবোৰলৈ চাই এক যুদ্ধভূমিৰ দৃশ্য দেখা যেনেই লাগিছিল। সেইদিনা স্বাধীনতা সংগ্ৰামীগৰাকীৰ ঘৰত অস্ত্ৰধাৰী দল এটাই আক্ৰমণ কৰে। ঘৰৰ দুৱাৰখন বাহিৰৰ পৰা তলা লগাই জুই লগাই দিয়া হয়। গুলীচালনাও কৰা হৈছিল। ইয়াৰ বাবেই স্বাধীনতা সংগ্ৰামীগৰাকীৰ পত্নীৰ অগ্নিদগ্ধ হৈ মৃত্যু হয়।

সেইদিনাৰ ঘটনা মনত পৰিলে এতিয়াও উত্তেজিত হৈ পৰে ২২ বছৰীয়া প্ৰেমকান্ত। প্ৰেমকান্ত মৃত ইবেতম্বীৰ নাতি। তেওঁলোকৰ ঘৰত হোৱা আক্ৰমণৰ সন্দৰ্ভত তেওঁ কয়, “আমাৰ ঘৰত আক্ৰমণৰ পিছতে আইতাই কৈছিল এতিয়া পলাই যোৱা। পিছত ঘুৰি আহি চাবা কি হ’ল। ইয়াৰ পিছত আমি পলাই আহিলোঁ। তাৰ পিছত ঘৰটোত জুই লগাই দিলে। পলাই গৈ থাকোঁতে মোৰ ভৰি আৰু হাতত গুলী লাগিছিল।”

লগতে পঢ়ক: স্মৰণীয়-বৰণীয়: যিবোৰ কথাই আমাক প্ৰকৃত মানুহ হিচাপে গঢ়ি উঠাত ‘বিশুদ্ধ অক্সিজেন’ দিয়ে

প্ৰেমকান্তই সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ সন্মুখতো গুলীৰ চিন দেখুৱাইছিল। জ্বলি যোৱা ঘৰৰ ভিতৰৰ পৰা এ পি জে আব্দুল কালামৰ পৰা তেওঁ ককাকে বঁটা লাভ কৰাৰ ফ্ৰেমযুক্ত ফটোও পাইছে। সেই ফটোখন সংবাদ মাধ্যমৰ প্ৰতিনিধিক দেখুৱাই কান্দোনত ভাগি পৰে মণিপুৰী যুৱকজন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd