“দ্য টেলিগ্ৰাফ” কাকতৰ ২১ জুলাই, ২০২৩ তাৰিখৰ প্ৰথম পৃষ্ঠাৰ শিৰোনাম আছিল–“It took 79 days for pain and shame to pierce 56” skin.” মণিপুৰ কাণ্ডৰ সম্পূৰ্ণ ৭৯ দিনৰ পাছতহে ৫৬ ইঞ্চি বুকুৰ প্ৰধান মন্ত্ৰী ডাঙৰীয়াৰ ডাঠ চাল ভেদ কৰি সন্তাপ আৰু লজ্জাবোধে ঠাই কৰিব পাৰিলে৷ তাৰ আগলৈকে তেখেতে মণিপুৰত ব্যাপক হাৰত যি অমানৱীয় তাণ্ডৱ চলি আছিল, তাৰ উমান পোৱা নাছিল৷ সেইকাৰণেই তেখেতে দহ দিন ধৰি নতুন দিল্লীত বাহৰ পাতি থকা মণিপুৰৰ ৰাজনৈতিক নেতাৰ সঁজাতি দলটোক [যাৰ নেতৃত্ব দিছিল ৰাজ্যখনৰ পূবৰ্ৰ মুখ্যমন্ত্ৰী অ’ক্ৰাম ইব’বি সিঙে] সাক্ষাৎ নিদি আমে’ৰিকালৈ উৰা মাৰিছিল৷
দলটোৱে যে মণিপুৰৰ ঘটনাৰ বিষয়ে প্ৰধান মন্ত্ৰীক অৱগত কৰিবলৈকে তেওঁৰ ওচৰলৈ গৈছিল, সেই কথা মোদী ডাঙৰীয়াৰ কৰ্ণগোচৰ হোৱা নাছিল! আমে’ৰিকাৰ পৰা ইজিপ্ত, সংযুক্ত আৰৱ আমিৰশ্বাহী হৈ তেখেত সানন্দে ভাৰতলৈ ঘূৰি অহাৰ পাছতো মণিপুৰৰ বিষয়ে তেখেত অৱগত নাছিল! জুই-তেজ-ধোঁৱাই আচ্ছন্ন কৰি ৰখা মণিপুৰৰ কথা নাজানিছিল কাৰণেই তেখেতে মধ্যপ্ৰদেশত হেলাৰঙে নিৰ্বাচনী প্ৰচাৰ চলাব পাৰিছিল!
ইতিমধ্যে সমগ্ৰ বিশ্ব জুৰি যি ঘটনাই সকলো বিবেকবান মানুহৰ মন-মগজুত তোলপাৰ লগাইছিল, যি ঘটনাৰ বাবে সকলোৱে একমুখে ভাৰত চৰকাৰক গৰিহণা দিছিল আৰু তৎকালেই যথাবিহিত ব্যৱস্থা ল’বলৈ দাবী জনাইছিল, তেতিয়াও কিন্তু মোদী ডাঙৰীয়াই মণিপুৰৰ কথা জনা নাছিল! অৱশেষত ৭৯ দিনৰ মূৰত, সৰ্ব্বোচ্চ ন্যায়ালয়ৰ সকীয়নিয়ে তেখেতক মণিপুৰ সম্পৰ্কে ধৰি অহা ভাওৰ অন্ত পেলাবলৈ বাধ্য কৰিলে৷
তেখেতে মুখ খুলিলে৷ সংসদৰ ভিতৰত নহয়, সংসদৰ বাহিৰতহে সাংবাদিকৰ আগত তেখেতে মণিপুৰৰ কথা ক’লে৷ ক’লেনো আৰু কি! যি ভাইৰেল ভিডিঅ’ই বিশ্বজুৰি তোলপাৰ লগাইছে, সেই ভিডিঅ’ সন্দৰ্ভত–মানে দুগৰাকী উলংগ মহিলাক সমদল কৰি লৈ যোৱা, লগত যোৱা উন্মত্ত মানুহে তেওঁলোকৰ দেহাক লৈ হেতালি খেলা আৰু কুৰি বছৰীয়া যুৱতীগৰাকীক প্ৰকাশ্যে, দিনৰ পোহৰত গণধৰ্ষণ কৰা ঘটনাই যে তেখেতৰ মনত যথেষ্ট কষ্ট দিছে আৰু লজ্জানত কৰিছে, সেই কথাকে ক’লে৷ লগতে ক’লে, “মই সকলো মুখ্যমন্ত্ৰীক আহ্বান জনাইছো–মহিলাৰ ওপৰত অত্যাচাৰ চলোৱা এনেকুৱা জঘন্য অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সি লাগিলে ৰাজস্থানতেই হওক অথবা ছট্টিশগড়তে হওক কিম্বা মণিপুৰতে হওক৷ ……..” বাঃ মোদী ডাঙৰীয়া, মণিপুৰৰ দৰে ইমান জঘন্য, তুলনাবিৰল আৰু হৃদয়বিদাৰক ঘটনাকো লৈ ৰাজনীতি কৰাৰ কৌশল কোনোবাই আপোনাৰ পৰাই শিকক!!
ভাৰতৰ কোনখন ৰাজ্যত গণধৰ্ষণ নোহোৱাকৈ আছে? তাৰ মাজত আপুনি কেৱল কংগ্ৰেছ শাসিত ৰাজ্য দুখনহে বিচাৰি পালেনে? কিয়, উত্তৰপ্ৰদেশ- মধ্যপ্ৰদেশ- গুজৰাটৰ নাম নল’লে যে? আপোনাৰ নিজৰ দলৰ চৰকাৰ আছে কাৰণে? উত্তৰপ্ৰদেশত দেখোন আপোনাৰ দলৰ সাংসদ-বিধায়কেই ধৰ্ষণৰ গোচৰত অভিযুক্ত৷ আপোনাৰ দলৰ সাংসদ ব্ৰীজভূষণ চৰণ সিঙৰ কথাও পাহৰি গ’ল নেকি? আপোনাৰ দলৰ লোক হ’লেই আপুনি মৌন ব্ৰত ধাৰণ কৰা কথাটো ৰাইজে মন নকৰাকৈ থকা নাই৷ আপোনাৰ দলৰ লোক ধৰ্ষণ- হত্যাৰ দৰে অক্ষমনীয় গোচৰত যাৱজ্জীৱন দণ্ডৰে দণ্ডিত হ’লেও, তেওঁলোকৰ কাৰাম্যাদ শেষ হোৱাৰ আগতেই সসন্মানে কাৰাগাৰৰ পৰা উলিয়াই অনাৰ ব্যৱস্থা আপোনালোকেই নকৰে জানো?
নিজ দলৰ ধৰ্ষণকাৰী আৰু হত্যকাৰীক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাই আপোনালোকে যিদৰে ৰাজনীতিৰ অপৰাধীকৰণ আৰু অপৰাধৰ ৰাজনীতিকৰণ কৰি আছে, তাৰ তুলনাত আপোনালোকে স্বৈৰাচাৰী বুলি “জৰুৰীকালীন জয়ন্তী” পালন কৰা ইন্দিৰা গান্ধী ক’ৰবাতে থাকি আহিল৷ আপোনাৰ বক্তব্যত ৰাজস্থান, ছট্টিশগড়ৰৰ পাছতহে মণিপুৰক স্থান দিয়াত আপোনাৰ স্বৰূপ বাৰুকৈয়ে উন্মোচিত হ’ল৷
উল্লেখযোগ্য, ৰাজস্থানৰ এগৰাকী দলিত যুৱতীক ধৰ্ষণ কৰি হত্যা কৰা গোচৰত যি চাৰিজন অপৰাধীক আমৃত্যু কাৰাবাসৰ দণ্ডৰে দণ্ডিত কৰা হ’ল, তেওঁলোক আটাইকেউজন আপোনালোকৰ ছাত্ৰ সংগঠন “এবিভিপি”ৰ বিষয়ববীয়া৷ ৰাজস্থানৰ কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ তৎপৰতাত খুব কম সময়ৰ ভিতৰতে অপৰাধী ধৰা পৰিল আৰু শাস্তিবিধানো হ’ল৷ সন্দেহ নাই, ৰাজস্থানত আপোনালোকৰ চৰকাৰ হ’লে, তেওঁলোকে সোনকালেই মুক্তি পাই সসন্মানে স্বাভাৱিক জীৱনলৈ উভতি আহিব পাৰিব৷
প্ৰধান মন্ত্ৰীৰ বক্তব্যত আন এটা মন কৰিবলগীয়া কথা হ’ল–তেখেতে বাধ্যত পৰি যদিও মণিপুৰ সন্দৰ্ভত মুখ খুলিলে, বক্তব্যত তেখেতে নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধীক শাস্তি দিয়াৰ কথাহে ক’লে; আন অপৰাধীৰ কথা নক’লে৷ মণিপুৰত অনেক লোকক জঘন্যভাৱে হত্যা কৰা হৈছে, জ্বলাই মৰা হৈছে, ঘৰ-বাৰী জ্বলাই দিয়া হৈছে, খেতি-পথাৰ ধ্বংস কৰা হৈছে, তিনিশৰো অধিক গীৰ্জা আৰু কিছু মন্দিৰো ধ্বংস কৰা হৈছে৷ তাৰ লগে লগে ঘটি থকা অজস্ৰ ধৰ্ষণৰ কথা নক’লোৱেই বা! তেখেতে এইবোৰক অপৰাধ বুলি গণ্য কৰাৰ ইংগিত পোৱা নগ’ল৷
দোহৰাৰ সকাম নাই, ইয়াৰ সিংহভাগ অপৰাধ খ্ৰীষ্টান কুকিসকলৰ বিৰুদ্ধেই সংঘটিত হৈছে৷ তেখেতৰ বিচাৰত খ্ৰীষ্টান-মুছলমান-বৌদ্ধ-শিখৰ বিৰুদ্ধে চলা অপৰাধক তেখেতসকলৰ “হিন্দুৰাষ্ট্ৰ”ত অপৰাধ বুলি গণ্য কৰা নহয়; কেৱল হিন্দুৰ বিৰুদ্ধে চলা অপৰাধবোৰহে অপৰাধ৷ অৱশ্যে হিন্দু নিধনতো তেখেতসকল শোকাকুল হয় ৰাজনৈতিক স্বাৰ্থতহে৷ ৰাজনৈতিক মুনাফা লাভৰ বাবে যদি তেনে নিহত হিন্দুক ব্যৱহাৰ কৰিব পৰা যায়, তাকো কৰাত তেখেতসকল সিদ্ধহস্ত৷ পুলৱামাৰ সেই ছহীদসকলৰ কথানো কেনেকৈ পাহৰি যাওঁ! পৰিতাপৰ কথা, সেই ছহীদসকলক মোদী চৰকাৰে আজিও ছহীদৰ মৰ্যাদা নিদিলে৷ এই সকলোবিলাক কথা বিবেচনা কৰি আমি অনুভৱ কৰো, “Gujrat 2002 revisits Manipur.” উত্তৰ পূৰ্বাঞ্চলৰ “নেডা”ৰ আহ্বায়কজন মণিপুৰ সন্দৰ্ভত মৌন হৈ থকাৰ কাৰণো সেইটোৱেই৷
আমি যোৱা জুন মাহত প্ৰকাশিত একাধিক প্ৰবন্ধত উল্লেখ কৰিছিলো যে মণিপুৰৰ এই ঘটনাৰ অন্তৰালত আৰ এছ এছৰ পৰিকল্পিত চক্ৰান্ত আছে৷ চৌব্বিছৰ নিৰ্বাচনৰ আগতে বিজেপি-আৰ এছ এছে দেশৰ বিভিন্ন প্ৰান্তত সাম্প্ৰদায়িক সংঘৰ্ষ অনুষ্ঠিত কৰাৰ চেষ্টা চলাই যাব৷ কাৰণ এইবাৰ তেওঁলোকৰ বাবে শেণৰ এজাত৷ নৰেন্দ্ৰ মোদীৰ আবেদনৰ চোক কমি আহিছে৷ ভোটদাতাৰ দৃষ্টিত ৰাহুল গান্ধীও “পাপ্পু” হৈ থকা নাই৷ এতিয়া ৰাহুল আৰু ভাৰতৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড় মোদী-শ্বাহৰ বাবে এক দুঃস্বপ্ন হৈ পৰিছে বুলি বিজেপিৰ ভিতৰুৱা সূত্ৰৰ পৰা প্ৰকাশ৷ সেইকাৰণেই ৰাহুলৰ ওপৰত তেওঁলোকৰ আক্ৰমণ অধিক ঘনীভূত হৈছে৷
এই কথাবিলাক আমাৰ ৰাইজে অনুধাৱন কৰাত অধিক পলম নকৰাটোৱেই দেশ আৰু স্বজাতিৰ বাবে মংগলময় হ’ব৷
(লেখকৰ ফোন- ৯৪৩৫০৯০৮৯৯)