অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে আৰ্যৱৰ্তৰ শাসকসকলৰ সম্পৰ্ক সদায়ে অসহজ। স্বাধীনতাৰ পাছত অজস্ৰ অভিজ্ঞতাৰ মাজেৰে উত্তৰ-পূৰ্বাঞ্চলৰ মানুহে এই কঠিন সত্য উপলব্ধি কৰিবলগীয়া হৈছে। লাগিলে হিন্দুত্ববাদী নব্য ভাৰতীয়সকলে ভাৰত বৰিষৰ যিমানেই গুণ গান নকৰক কিয়। মহাভাৰতৰ এক ব্যতিক্ৰম নাৰী চৰিত্ৰ চিত্ৰংগদাৰ ৰাজ্য ৰূপে পৰিচিত মণিপুৰত যোৱা আঢ়ৈ মাহ ধৰি যিবোৰ ঘটনা ঘটি আছে সেয়া পৃথিৱীৰ কোনো গণতান্ত্ৰিক দেশৰ অংগৰাজ্য এখনত সম্ভৱ নে? আঢ়ৈ মাহ আগতে নিৰ্যাতিত, ধৰ্ষিত দুগৰাকী মহিলাৰ হৃদয় বিদাৰক ঘটনাৰ কথা ফ’টোসহ সামাজিক মাধ্যমত প্ৰকাশ নোহোৱালৈকে হিন্দুৰ হৃদয় সম্ৰাট সামান্যও বিচলিত হোৱা দেশবাসীয়ে দেখা নাপালে।
কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰীৰ এনে আচৰণৰ যুক্তিগ্ৰাহ্য ব্যাখ্যা কি হ’ব পাৰে বাৰু? ১৯৬২ চনত চীনৰ সৈতে সংঘাতৰ সময়ত তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সামৰিক নীতিৰ দুৰ্বলতাৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চল কেনে দুৰ্যোগৰ সন্মুখীন হৈছিল সেই কথা আজিও বহুতে পাহৰিব পৰা নাই। ইন্দিৰা গান্ধীৰ আমোলত কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছৰ নেতাসকলক স্তাবকত পৰিণত কৰা হৈছিল। কোনো আঞ্চলিক নেতা শক্তিশালী হৈ উঠাৰ সম্ভাৱনা দেখিলে আনুগত্য অটুত ৰাখিবলৈ দুয়োৰে মাজত প্ৰতিযোগিতা বা কন্দল লগাই দিছিল। বিমলা প্ৰসাদ চলিহা-দেৱকান্ত বৰুৱাৰ পৰা শৰৎচন্দ্ৰ সিংহ-হিতেশ্বৰ শইকীয়ালৈ কংগ্ৰেছৰ ভিতৰচ’ৰাৰ ৰাজনীতি দিল্লীৰ চিত্ৰনাট্যৰ দ্বাৰাই যে চালিত হৈছিল সেই কথা কোনে নাজানে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলক সামূহিকভাবে নেতৃত্ব দিব পৰা শক্তিশালী আঞ্চলিক শিক্ষিত গোষ্ঠী এটা যাতে গঢ় লৈ নুঠে তাৰ বাবে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্ব সদা সচেতন আছিল। সমজাতীয় সাংস্কৃতিক সত্তা নহ’লেও উত্তৰ-পূৰ্বাঞ্চল এক ভৌগোলিক সত্তা। সেই ভৌগোলিক সত্তাক উমৈহতীয়া সামাজিক চৰিত্ৰ দিছিল সংযোগী ভাষা অসমীয়াই। পাৰ্বত্য জনজাতীয় লোকসকলৰ ৰাজনৈতিক আকাংক্ষা পূৰণ আৰু প্ৰশাসনিক সুবিধাৰ বাবে পাৰ্বত্য ৰাজ্যকেইখন গঠন কৰাটো অনিবাৰ্য হৈ পৰিছিল যদিও পৰৱৰ্তী কালত অঞ্চলটোত অসমীয়া ভাষাৰ গুৰুত্ব প্ৰণালীবদ্ধভাৱে খৰ্ব কৰা হ’ল। ইন্দিৰা মিৰি আৰু অন্নদাচৰণ বৰঠাকুৰৰ লিখনিত সেই তথ্য লিপিবদ্ধ হৈ আছে।
চীন-ম্যানমাৰ-বাংলাদেশে ঘেৰি থকা আৰু শিলিগুৰিত কুকুৰাৰ গলধনেৰে আৰ্যৱৰ্তৰ সৈতে সংযুক্ত উত্তৰ-পূৰ্বাঞ্চল শক্তিশালী আঞ্চলিক ৰাজনৈতিক নেতৃত্বৰ হাতত নিৰাপদ নহয় বুলি দিল্লীৰ নেতাসকলৰ মনত তাহানিৰেপৰা অহেতুক এক সংশয় আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অষ্টলক্ষ্মী আখ্যাৰ আঁৰত পূৰ্বোত্তৰ সম্পৰ্কে কেন্দ্ৰৰ এক ধৰণৰ patronising মনোভাৱ মন কৰিবলগীয়া। দেৱীৰ মহিমা আৰোপ কৰি দুৰ্বলা নাৰীক ৰক্ষণাবেক্ষণৰ প্ৰয়াস! এই কাৰণেই বিজেপিয়ে ক্ষমতালৈ আহিয়েই হিন্দু, খৃষ্টান, জড়োপাসক, ইছলাম আদি বিভিন্ন ধৰ্মৰ লোকৰ বাসভূমি উত্তৰ-পূৰ্বাঞ্চলত ৰাষ্ট্ৰীয়তাবাদৰ নামত উৎকট হিন্দুত্বৰ প্ৰচাৰেৰে আৰ্যৱৰ্তৰ মানসিকতাত চামিল কৰিবলৈ উঠিপৰি লাগিছে। মিজোৰাম আৰু মেঘালয়ৰ অধিকাংশ ক্ষুদ্ৰ ৰাজনৈতিক দলে আৰম্ভণিৰেপৰা বিজেপিৰ এই সংখ্যাগুৰুবাদী ৰাজনীতিৰ বিৰোধিতা কৰিবলৈ ইতস্তত কৰা নাই। সেয়ে অসম আৰু ত্ৰিপুৰাৰ পিছত হিন্দুপ্ৰধান মণিপুৰ স্বাভাবিকতে বিজেপিৰ লক্ষ্য হৈ পৰিছিল। মণিপুৰৰ দুই প্ৰধান জনগোষ্ঠী সংখ্যাগৰিষ্ঠ হিন্দু মেইতেই আৰু সংখ্যালঘু খৃষ্টান কুকিসকলৰ এই সংঘাত তেওঁলোকৰ পাৰস্পৰিক বিদ্বেষৰ পৰিণতি নহয়। ইয়াৰ আঁৰত অঞ্চলটোৰ শেহতীয়া ভূ-ৰাজনৈতিক পৰিস্থিতিৰ দ্ৰুত পৰিৱৰ্তনেও ক্ৰিয়া কৰিছে। মণিপুৰৰ শেহতীয়া ৰক্তাক্ত ঘটনাৱলীৰ আঁৰত জনজাতীয় গোষ্ঠীবাদ , আফিং খেতিক কেন্দ্ৰ কৰি ড্ৰাগছৰ চোৰাং বেহা আৰু আন নৃতাত্ত্বিক কাৰণ জড়িত থাকিলেও এটা কাৰণ যে বিজেপিৰ সংখ্যাগুৰু আধিপত্যকামী ৰাজনীতি, সেই বিষয়ে সন্দেহ নাই।
সঞ্জীৱ বৰুৱাই অভিহিত কৰা উত্তৰ-পূৰ্বাঞ্চলক কেন্দ্ৰ কৰি এক দীৰ্ঘস্থায়ী অস্থিৰতা, durable disorder সৃষ্টিৰ আঁৰত সেয়ে অঞ্চলটোৰ নৃগোষ্ঠীয় আছুতীয়া মনোভাৱ আৰু বিচ্ছিন্নতাবাদী সংগঠনৰ তৎপৰতাই একমাত্ৰ জগৰীয়া নহয়। দিল্লীৰ শাসকসকলে অতীজৰে পৰা পূৰ্বোত্তৰ সম্পৰ্কে পোষণ কৰা সংশয় আৰু অবিশ্বাসো ইয়াৰ বাবে জগৰীয়া। এই মনোভাৱৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত গণতান্ত্ৰিক শাসন ব্যৱস্থা আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ ভিতৰৰপৰাই দুৰ্বল আৰু লেহুকা হৈ থাকিল। আজি মণিপুৰ কিয়, অসমতো গণতন্ত্ৰৰ নামত নিৰ্বাচিত জনপ্ৰতিনিধিয়ে যি ধৰণৰ মাফিয়া-ৰাজনীতিৰ প্ৰৱৰ্তন কৰিছে তাত সাংবিধানিক গণতন্ত্ৰৰ চিন-মোকাম প্ৰায় নাইকীয়া হৈ পৰিছে। চৰকাৰ, ৰাজনৈতিক নেতৃত্বৰ এনে অগণতান্ত্ৰিকতাৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিষ্ঠান বিশেষকৈ ন্যায়পালিকা, সংবাদ মাধ্যমৰ তৎপৰতা লাজ লগাকৈ কম। আমাৰ তথাকথিত নাগৰিক সমাজৰ সংগঠনবোৰৰ ভূমিকাও দিনক দিনে নিশকতীয়া হৈ পৰাৰ লগতে সন্দেহৰ আৱৰ্তত সোমাই পৰিছে।
মণিপুৰ-সমস্যাৰ সমাধানৰ দায়িত্ব সেয়ে দিল্লীৰ ৰাজনৈতিক নেতৃত্বৰ হাতত এৰি দিলে তাৰ সুস্থ সমাধান সুদূৰপৰাহত হৈ পৰিব। এই নৃগোষ্ঠীয় ৰক্তপাত আৰু ৰাজনৈতিক অস্থিৰতা গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ সদৰ্থক ভূমিকা, শক্তিশালী গণ আন্দোলন আৰু নাগৰিক সমাজৰ অতন্ত্ৰ সজাগতাৰেহে প্ৰতিহত কৰিব পৰা যাব।