• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰসঙ্গঃ উপেক্ষিত উজনি অসম – মাধুৰ্য বৰুৱা

স্থবিৰ হৈ পৰিল উজনি অসমৰ উন্নয়নৰ সেই স্বৰ্ণিল অধ্যায় 

মাধুৰ্য বৰুৱা by মাধুৰ্য বৰুৱা
July 28, 2023 4:30 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আধুনিক সংজ্ঞানুসৰি বিশ্বৰ প্ৰথমটো চাহ কোম্পানী “আচাম কোম্পানী”য়ে অসমত প্ৰথম চাহ বাগিচা স্থাপন কৰিছিল। চাহ বাগিচাসমূহ স্থাপন কৰিছিল ব্ৰহ্মপুত্ৰ নদীৰ পাৰে পাৰে। যাতে সুদূৰ ইংলেণ্ডৰ পৰা কলিকতা হৈ চাহ প্ৰস্তুতৰ লগতে অন্যান্য সামগ্ৰী আনিব পাৰে আৰু প্ৰস্তুত হোৱা চাহ অনুৰূপ নদীপথেৰে ইংলেণ্ডলৈ সৰবৰাহ কৰিব পাৰে। উল্লেখযোগ্য যে, ১৮৩৯ চনত চাহ বাগিচাসমূহ কোম্পানীয়ে স্থাপন কৰিলেও ইংৰাজ বেপাৰী আলেকজেণ্ডাৰ ব্ৰুচে ১৮২৩ চনতেই চাহৰ জনজাতীয় পাৰম্পৰিক ব্যৱহাৰৰ বিষয়ে জানিব পাৰিছিল।

১৮৮২ চনত কয়লাৰ উৎপাদন আৰম্ভ হৈছিল যদিও মাৰ্ঘেৰিটাৰ মাকুম কয়লাক্ষেত্ৰত ইংৰাজে সন্ধান লাভ কৰিছিল ১৮৪০ চন মানতে।

Apply Now

১৮৬৭ চনত মাৰ্ঘেৰিটাৰ কাষৰ নাহৰপুংত ইংৰাজে প্ৰথম তেল উৎপাদন কৰিছিল। উল্লেখযোগ্য যে, ১৮৯৩ চনৰ পৰা ১৮৯৯ চন পৰ্যন্ত মাৰ্ঘেৰিটাতে তেল শোধনাগাৰ এটা স্থাপন কৰি তেল উৎপাদন অব্যাহত ৰাখিছিল। কিন্তু পৰৱৰ্তী সময়ত ১৯০১ চনত এচিয়াৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈত স্থাপন কৰিছিল যিটো আজি পৰ্যন্ত উৎপাদনক্ষম হৈ আছে।

১৯২৪ চনত অসমৰ প্ৰথম প্লাইউড ফেক্টৰী স্থাপন উজনি অসমৰ মাৰ্ঘেৰিটা চহৰতে কৰা হৈছিল।

উৎপাদিত চাহ আৰু অন্যান্য সামগ্ৰী সৰবৰাহৰ বাবে ডিব্ৰুগড়ত জাহাজঘাট স্থাপন কৰা হৈছিল। জাহাজ গৈছিল সুদূৰ ইংলেণ্ড পৰ্যন্ত। অৰ্থাৎ ডিব্ৰুগড়ত তাহানিতেই স্থাপিত হৈছিল আন্তঃৰ্জাতিক জাহাজঘাট। ডিব্ৰুগড়ৰ পৰা চাহ বাকচসমূহ সৰবৰাহ হৈছিল ইংলেণ্ডলৈ। এয়া ১৮৪৪ চনৰ কথা।

ইংলেণ্ডৰ লগত বিশ্বৰ অন্যান্য প্ৰান্তৰতো অসমৰ চাহ চাহিদা বৃদ্ধি পোৱাত তড়িৎ গতিত অঞ্চলটোত চাহ বাগিচা স্থাপিত হ’বলৈ ধৰিলে। গতিকে নদীৰ পৰা দূৰৈত স্থাপন হোৱা চাহ বাগিচাসমূহলৈ প্ৰয়োজনীয় শ্ৰমিকৰ সৰবৰাহ আৰু কয়লা তথা ৰেচন প্ৰেৰণৰ লগতে উৎপাদিত চাহ আনিবলৈ ইংৰাজে ধুবুৰীৰ পৰা চৈখোৱাঘাট পৰ্যন্ত আসাম ট্ৰাঙ্ক ৰ’ড নিৰ্মাণ কৰিছিল ১৮৬৫ চনত।

ৰেলপথৰ প্ৰয়োজন আহি পৰিল, কাৰণ প্ৰচুৰ বৰষুণ হোৱা অসমত বাট-পথ বোকাময় হৈ ট্ৰাক চলাচলত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল। গতিকে অসমৰ প্ৰথমখন ৰেল “ডিব্ৰু-শদিয়া ৰেলৱেজ” চমুকৈ ডি. এচ. আৰ. চলিবলৈ আৰম্ভ কৰিছিল ১৮৮৩ চনত। এই ৰেল ডিব্ৰুগড় চহৰৰ পৰা চৈখোৱাঘাট ৰেল ষ্টেচন পৰ্যন্ত চলিছিল।

চাবুৱা এয়াৰ প’ৰ্টত ১৯৪২ চনতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানৰ এয়াৰ ফৰ্চৰ বিমানে বোমাবৰ্ষণ কৰিছিল। এইটো আছিল পূৱ ভাৰতৰ এটা গুৰুত্বপূৰ্ণ এয়াৰ প’ৰ্ট।

স্বাধীনতা প্ৰাপ্তিৰ পাছত ১৯৫০ চনতে অসমৰ প্ৰথমটো অসামৰিক বিমানঘাটি মোহনবাৰী, ডিব্ৰুগড়ত স্থাপিত হৈছিল। একেদৰে ইংলেণ্ডৰ বাৰ্মা অইল কোম্পানী আৰু ভাৰত চৰকাৰৰ যুটীয়া উদ্যোগত স্থাপিত অইল ইণ্ডিয়া লিমিটেডে ১৯৫৯ চনৰ পৰা খাৰুৱা তেল উৎপাদন কৰিবলৈ আৰম্ভ কৰিছিল। লগতে তেল উৎপাদনৰ লগত উজনি অসমত জড়িত হৈ আছে ১৯৪৭ চনতে প্ৰতিষ্ঠা হোৱা অ. এন. জি. চি.। আসাম গেছ কোম্পানী আৰু গেছ অথৰিটি অৱ ইণ্ডিয়া লিমিটেডৰো কৰ্মস্থলী উজনি অসম। ১৯৬৯ চনতে নামৰূপত সাৰ উৎপাদন কাৰখানা স্থাপিত হৈছিল। ড০ জন বেৰী হোৱাইটে ১৮৫৭ চনৰ পৰাই উজনি অসমত আধুনিক চিকিৎসা আৰম্ভ কৰিছিল। অসমৰ প্ৰথমখন মেডিকেল কলেজ ডিব্ৰুগড়তে আৰম্ভ হৈছিল ১৯৪৮ চনত। একেদৰে অসমৰ দ্বিতীয়খন কলেজ জে. বি. কলেজ যোৰহাটত স্থাপিত হৈছিল ১৯৩০ চনত। অসম চুক্তিৰ আধাৰত নিৰ্মিত অসমৰ আটাইতকৈ বৃহৎ তেল শোধনাগাৰ নুমলীগড় শোধনাগাৰো উজনি অসমতে স্থাপিত। একেদৰে অসমৰ একমাত্ৰ গেছ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডো ডিব্ৰুগড়ৰ লেপেটকটাত আছে। বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙালৈ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্বাধিক বিদেশী পৰ্যটকৰ আগমন হয়। পৰ্যটন উদ্যোগলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়োৱা এই ৰাষ্ট্ৰীয় উদ্যানখনো উজনি অসমতে অৱস্থিত।

ইতিমধ্যে উল্লেখ কৰা দীঘলীয়া তালিকাখনৰ আলমত এটা কথা স্পষ্ট যে, উজনি অসমত উদ্যোগীকৰণৰ প্ৰায় দুশ বছৰীয়া এক ইতিহাস আছে। চাহ, তেল, কয়লা, প্লাইউড, ৰেলৱেজ, এয়াৰপ’ৰ্ট, এডুকেশ্বন, মডাৰ্ণ মেডিকেল, ৰ’ডৱেজ আদি সকলো ক্ষেত্ৰতে উজনি অসম ভাৰতৰ ভিতৰতে এখনি আগৰণুৱা স্থান আছিল। কিন্তু বিগত শতিকাৰ আশীৰ দশকৰ পৰা উদ্যোগীকৰণৰ ক্ষেত্ৰত উজনি অসমৰ যি প্ৰায় দুশবছৰীয়া স্বৰ্ণিল ইতিহাস আছিল তাৰ যেন যতি পৰিবলৈ আৰম্ভ কৰে। বিগত তিনিটা দশকত উজনি অসমত তেনেকৈ কোনো উল্লেখযোগ্য উদ্যোগ গঢ় লৈ উঠা নাই একমাত্ৰ অসম চুক্তিৰ আধাৰত গঢ় লৈ উঠা বি. পি. চি. এল.ক বাদ দি। চৰকাৰী খণ্ডৰো এনে কোনো মডাৰ্ণ এডুকেশ্বনেল ইন্সিটিউচন নাই। একেদৰে গঢ়লৈ নুঠিল কোনো ৰাজহুৱা খণ্ডৰ উদ্যোগ যি প্ৰত্যক্ষ অথবা পৰোক্ষ ভাৱে অসমৰ হেজাৰ-হেজাৰ নিবনুৱাক কৰ্মসংস্থাপন দিব পাৰে। তিনিচুকীয়াৰ কাষৰ প্লাষ্টিক পাৰ্কখন আজিপৰ্যন্ত কাৰ্যক্ষম হৈ নুঠিল। লক্ষীমপুৰ, যোৰহাট আদিত মেডিকেল কলেজৰ বিল্ডিং গঢ় লৈ উঠিছে যদিও জটিল ৰোগ অথবা দূৰ্ঘটনাত পতিত হ’লে চিকিৎসাৰ বাবে আন্তঃগাথঁনি আজিও সম্পূৰ্ণ হৈ নুঠিল। যাৰবাবে জটিল ৰোগ অথবা দূৰ্ঘটনাত পতিত সকলক পৰিয়ালৰ লোকে অসমৰ বাহিৰলৈ বৃহৎ অৰ্থ ভাঙি, কষ্ট কৰি লৈ দেখিবলৈ পোৱা যায়। একেদৰে ৰেলৱেৰ ডাবল ট্ৰেকটো ইংৰাজৰ দিনৰ পৰা আজি পৰ্যন্ত ১৪২ বছৰতো উজনি অসমত স্থাপন নহ’ল। এই কথা মনত ৰাখিব লাগিব যে ৰেলযোগে সাধাৰণ শ্ৰেণীৰ মানুহহে যাত্ৰা কৰে আৰু অসমত সেই সংখ্যা সৰ্বাধিক। একেদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাছত ৰাজহুৱা উদ্যোগত দ্বিতীয়খন অনুৰূপ উচ্চশিক্ষা প্ৰতিষ্ঠান স্থাপিত নহ’ল।

শেষত আহো ৰাষ্ট্ৰীয় পথৰ কথালৈ। আজি বছৰ-বছৰ ধৰি উজনি অসমৰ ফ’ৰলেন, টু-লেনৰ অৱস্থা নাই। নিৰ্মাণ কাৰ্যৰ গতি অতি লেহেমীয়া। অৰ্দ্ধনিৰ্মিত হৈ থকাৰ বাবে প্ৰায়ে দিক্-নিৰ্দেশক ধৰিব নোৱাৰি। সংঘটিত হৈছে বহু দূৰ্ঘটনা, একেদৰে ৰাজপথৰ বৃহৎ বৃহৎ গাঁতসমূহ প্ৰায়ে মেৰামতি কৰি পোতা দেখা নাযায়। শাসক দলৰ অৰ্দ্ধেকৰো অধিক অৰ্থাৎ ৩৩ জন বিধায়ক উজনি অসমৰ। প্ৰতিখন সৰু-বৰ চহৰত হোৱা কৃত্ৰিম বানপানী, ৰাজপথৰ বেদখল আৰু ৰাজপথৰ দূৰ্ঘটনাৰ লগতে ক্ৰমাৎ বৃদ্ধি পোৱা যানজঁটৰ ক্ষেত্ৰত অতি লজ্জ্বাজনক ভাৱে নিশ্চুপ হৈ থাকে এইসকল জনপ্ৰতিনিয়ে। ইতিমধ্যে উল্লেখ কৰাসমূহৰ লগতে বিশেষকৈ ৰাজপথৰ সম্পূৰ্ণ নিৰ্মাণ কেতিয়াকৈ হ’ব এয়া আমাৰ লগতে ৰাইজৰো প্ৰশ্ন।

–   মাধুৰ্য বৰুৱা

জ্যোতি নগৰ, মাকুম

ম’বাইলঃ ৯৪০১১০১৭০৪

মাধুৰ্য বৰুৱা

মাধুৰ্য বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd