• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পৰেশ বৰুৱাক শান্তি প্ৰক্ৰিয়াত যোগ দিয়াৰ বাবে সৈমান কৰাব পাৰিবনে মোদীয়ে?

অনিৰ্বান ৰয় by অনিৰ্বান ৰয়
May 6, 2018 6:20 pm
Paresh-Baruah c-in-c ulfa (i)

প্ৰতীকী ফাইল ছবি।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শান্তি যদি, কোৱাৰ দৰে, অসমৰ উন্নয়নৰ পূৰ্বচৰ্ত হয়, তেন্তে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ( Paresh Barua )ক আলোচনাৰ মেজলৈ অনাটোৱে বৰ্তমান এন ডি এ’ চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ পোৱা উচিত।

পৰেশ বৰুৱাই শান্তি আলোচনাৰ কাৰ্য্যসূচীত ‘অসমৰ স্বাধীনতা’ৰ বিষয়টোও অন্তৰ্ভুক্ত কৰিবলৈ কেন্দ্ৰ সন্মত হ’লেহে আলোচনালৈ অহাত যোৱা ৫ মে’ত তেওঁৰ আগ্ৰহ প্ৰকাশ কৰিছিল। সুখৰ কথা, তেওঁৰ আন দুটা দাবী- ৰাষ্ট্ৰসংঘৰ নিৰীক্ষণত আলোচনা আৰু তৃতীয় দেশত আলোচনা-ৰ কথা তেওঁ উত্থাপন কৰা নাই। আৰু এইটো নিশ্চিতভাৱে এঢাপ অৱৰোহণ।

Apply Now

দুৰ্ধৰ্ষ আলফা নেতাজনে স্থানীয় এটা সংবাদ চেনেলক কোৱা মতে আলোচনাৰ মেজত তেওঁ তেওঁৰ যুক্তিসমূহ দাঙি ধৰিব আৰু সাৰ্বভৌম অসমৰ দাবীৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰিব। অজ্ঞাত স্থানৰ পৰা ফ’নযোগে আলফা নেতাজনে কৈছিল ‘ভাৰত চৰকাৰে ৰাজনৈতিক আলোচনা আৰম্ভ কৰক।’

পৰেশ বৰুৱাই বলটো নতুন দিল্লীৰ ক’ৰ্টলৈ ঠেলি দিলে আৰু এতিয়া মোদী নেতৃত্বাধীন চৰকাৰৰ কিছু ধনাত্মক সঁহাৰিয়ে প্ৰক্ৰিয়াটোলৈ কিছু সালসলনি আনিব পাৰে আৰু কালক্ৰমত স্থৱিৰতা ভাঙি চলি থকা শান্তি প্ৰক্ৰিয়াটোত আলফা (স্বাঃ) গোটকো সামৰি লৈ ইয়াৰ পৰিসৰ বৃদ্ধি কৰিব পাৰে।

আলফাৰ অৰৱিন্দ ৰাজখোৱা গোটৰ সৈতে আলোচনা চূড়ান্ত পৰ্য্যায়ত উপনীত হোৱা বুলি বাতৰি ওলোৱাৰ এই সন্ধিক্ষণত পৰেশ বৰুৱাকো শান্তি আলোচনাত সামৰি লোৱাটো নিশ্চিতভাৱে দৰকাৰী কথা হ’ব। আলফা (স্বাঃ)ক আঁতৰাই ৰাখি অ’ভাৰ গ্ৰাউণ্ড গোট এটাৰ সৈতে শান্তি চুক্তি কৰাটো হ’ব মূঢ়তা আৰু স্থায়ী শান্তি অসমলৈ কেতিয়াও নাহিব।

শান্তি আলোচনাৰ সৈতে আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষজনক জৰিত কৰাৰ বাবে কেন্দ্ৰই এক প্ৰক্ৰিয়া আৰম্ভ কৰাটো খুব গুৰুত্বপূৰ্ণ। যোৱা ৪ দশকজোৰা উগ্ৰপন্থাৰ নাটকৰ পৰেশ বৰুৱা নিশ্চিতভাৱে মূল নায়ক আৰু ‘সাৰ্বভৌম অসম’ দাবীৰ স্থায়ী সমাধানৰ এগৰাকী গুৰুত্বপূৰ্ণ অংশীদাৰ।

শান্তি আলোচনাৰ বাবে সৈমান কৰাবলে এন এচ চি এন (আই এম)ৰ দুই দুৰ্ধৰ্ষ নেতা ইচাক চিশ্বি স্বু আৰু থুইগালেং মুইভাক উত্তৰ-পশ্চিম থাইলেণ্ডত লগ কৰিবলে প্ৰাক্তন কংগ্ৰেছ নেতা ৰাজেশ পাইলটে কৰা থেকেচাপূৰ্ণ জীপ ভ্ৰমণ আমি পাহৰিলে নহ’ব।

স্বু আৰু মুইভা ‘বৃ্হত্তৰ নাগালিম’ৰ দাবীত আঁকোৰগোঁজ আছিল যদিও প্ৰাক্তন প্ৰধান মন্ত্ৰী পি ভি নৰসিংহ ৰাও, এইচ ডি দেৱেগৌড়া আৰু অটল বিহাৰী বাজপেয়ীয়ে পেৰিছ, জেনিভা আৰু বেংককত গৈ নাগা বিদ্ৰোহী নেতাসকলক লগ কৰিছিলগৈ।

ৰাজেশ পাইলটে ১৯৯৫ চনত লোৱা শান্তি উদ্যোগ ১৯৯৭ চনৰ আগষ্টত এন এচ চি এন (আই এম)ৰ সৈতে অস্ত্ৰবিৰতি চুক্তি স্বাক্ষৰৰ ৰূপ ল’লেগৈ। বহু উত্থান-পতনৰ পিছত নাগা শান্তি প্ৰক্ৰিয়া আজিও সঠিক পথতে আছে আৰু খুব সোনকালেই সম্ভৱতঃ চুক্তিখন স্বাক্ষৰিত হ’ব। ৰক্ষণশীল কূটনৈতিক প্ৰ’ট’কল অতিক্ৰম কৰিব পৰাকৈ থকা দূৰদৰ্শী প্ৰধান মন্ত্ৰীকেইজনৰ সাহস আৰু নাগা বিদ্ৰোহী নেতাসকলক লগ কৰি আশ্বস্ত কৰিব পৰাৰ বাবেই কেৱল ই সম্ভৱ হৈছিল।

নাগাসকলৰ দাবীটো বেছি জটিল আৰু নতুন দিল্লীয়ে যদি এতিয়াও শান্তি প্ৰক্ৰিয়াটো আগবঢ়াই নিব পাৰে, তেন্তে আলফাৰ সৈতে এক স্থায়ী সমাধানত উপনীত হোৱাটো বৰ বেছি কঠিন নহ’ব আৰু ই সম্ভৱপৰ। কিন্তু বহু ৰাজনৈতিক বিশ্লেষকৰ মতে পৰেশ বৰুৱা এতিয়া শান্তি আলোচনালৈ আগবাঢ়ি আহিব পৰা অৱস্থাত নাই, কাৰণ তেওঁ বন্দী কুখ্যাত আই এচ আই আৰু চীনা চোৰাংচোৱা সংস্থাৰ জালত।

এক সন্মানজনক প্ৰক্ৰিয়া আৰু সুৰক্ষাৰ নিশ্চিতিয়ে পৰেশ বৰুৱাক নিশ্চিতভাৱে ঘৰলৈ ঘূৰি অহাৰ বাবে আকৰ্ষিত কৰিব। যি হ’লেও ৬১ বছৰ বয়সত ম্যানমাৰৰ উজনিৰ পাহাৰীয়া ভূমিত হাই প্ৰ’ফাইল লুকা-ভাকু খেলি থকাটো উগ্ৰপন্থী নেতাৰ বাবেও খুব আকৰ্ষণীয় নহয়। তাৰোপৰি যোৱা কিছু বছৰ ধৰি পৰেশ বৰুৱাৰ স্বাস্থ্যজনিত সমস্যা চলি থকা বুলি বাতৰি ওলাইছে আৰু তেওঁ কঠোৰ দৰৱ বিধানত চলিছে।

তাৰোপৰি শ শ মাইল দূৰৰ পৰা ৰিম’ট কণ্ট্ৰ’লেৰে সশস্ত্ৰ সংগ্ৰাম চলাই যোৱাটোও সদায়েই কঠিন। চাৰি দশকজোৰা সশস্ত্ৰ সংগ্ৰামত তেওঁৰ সৈতে সদায়ে থকা তেওঁৰ কিছু ঘনিষ্ঠ সতীৰ্থয়ো সীমাৰ বেৰ অতিক্ৰমি নতুন দিল্লীৰ সৈতে শান্তি আলোচনা চলাই আছে।

সকলো প্ৰতিকূলতাৰ পিছতো আজিও পৰেশ বৰুৱাৰ অসমত আছে এক বৃ্হৎসংখ্যক অনুগামী আৰু তেওঁৰ প্ৰতি সহানুভূতিশীল বৃ্হৎ একাংশই বিশ্বাস কৰে যে তেওঁৰ দাবীসমূহৰ বাবে ৰাজনৈতিকভাৱে যুঁজিবলৈ দুৰ্ধৰ্ষ নেতাজনক এতিয়া এটা সুযোগ দিয়া উচিত।

পৰেশ বৰুৱা যদি আলোচনালৈ আহে তেন্তে এসময়ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অৰৱিন্দ ৰাজখোৱা আৰু সাধাৰণ সম্পাদক অনুপ চেতিয়াতকৈ তেওঁৰ ভাবমূৰ্তি সদায়ে উচ্চ স্থানত থাকিব। বাংলাদেশত গ্ৰেপ্তাৰ কৰি পিছত তেওঁলোক সকলোকে ভাৰতলৈ প্ৰেৰণ কৰা হৈছিল। কিছুদিন বন্দী হৈ থকাৰ পিছত তেওঁলোকে শান্তি আলোচনাত যোগ দিয়াৰ সিদ্ধান্ত লৈছিল।

এন ডি এ’ চৰকাৰে যদি সকলো নাগা উগ্ৰপন্থীৰ সৈতে সফল আলোচনা চলাব পাৰে আৰু পৰেশ বৰুৱাকো সামৰি আলফাৰ দাবী সমাধান কৰিব পাৰে তেন্তে ই ভাৰতৰ পূৰ্ব দিশৰ বহু দূৰলৈকে নিৰাপত্তা-দৃশ্যপটৰ বৈপ্লৱিক পৰিৱৰ্তন ঘটাব। পূব সীমান্তৰ বহু উদ্বিগ্নতাৰ অৱসান ঘটিব।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ পুৰণি যোগাযোগ কিছুমানৰ সদ ব্যৱহাৰ কৰিব পাৰে, পৰেশ বৰুৱাক ঢুকি পোৱাত কেন্দ্ৰক সহায় কৰিব পাৰে আৰু আলোচনাৰ পৃষ্ঠভূমি তৈয়াৰ কৰিব পাৰে। সেইটো কৰাত সফল হ’লে অসমৰ মানুহে সোণোৱালক শান্তিৰ সৰ্বোচ্চ অগ্ৰদূতৰূপে মনত ৰাখিব।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী যিহেতু চমক দিয়াৰ বাবে জনাজাত, পৰেশ বৰুৱাক শান্তি আলোচনালৈ অনাটো তেওঁৰ বাবে হ’ব এক বৃ্হৎ সফলতা। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দ’ভালৰ সক্ৰিয় সহযোগিতাৰে মোদীয়ে পৰেশ বৰুৱাক পতিয়ন নিয়াব পাৰিবনে?

অনিৰ্বান ৰয়

অনিৰ্বান ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd