• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ঐক্যবদ্ধ হৈ আমি এই ষড়যন্ত্ৰ প্ৰতিহত কৰিব লাগিব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2023 9:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ পৰিস্থিতি বৰ বেয়া। চৰকাৰখনে কি ধৰণৰ কাম কৰি আছে ভাবিলে আচৰিত লাগে। চৰকাৰী কাম কেনেকৈ হয় আমি জানো। চৰকাৰী কামৰ এটা লক্ষণ দীৰ্ঘসূত্ৰিতা, মানে কাম হৈ নুঠেহে নুঠে। ওপৰৰ পৰা তললৈ আৰু তলৰ পৰা ওপৰলৈ ফাইলৰ অহা যোৱা চলি থাকে। তাৰ পিছত অনুমোদন। তাৰপিছতহে কাৰ্যকৰীকৰণ। ব্যক্তিগত কাম হ’লেটো তলৰ পৰা ওপৰলৈ ফাইল কেনেকৈ পিছলাই আগবঢ়াব লাগে তাক জনাই জানে। কিন্তু গুৰুত্বপূৰ্ণ চৰকাৰী সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত প্ৰক্ৰিয়া এটা মানি সিদ্ধান্ত লোৱাৰ বাবে সময়ৰ প্ৰয়োজন হ’ব পাৰে। হোৱা উচিত। মাত্ৰ দুটা উদাহৰণ দিব বিচাৰিছো, যদিও তেনে উদাহৰণ অলেখ।

এটা উদাহৰণ হ’ল নতুন বিধানসভা ভৱনটো। এই বিধানসভা ভৱনটোৰ আধাৰশিলা স্থাপন কৰিছিল স্বৰ্গীয় তৰুণ গগৈয়ে ২০০৯ চনত। বিধানসভা ভৱনটো সম্পূৰ্ণ হোৱাৰ পিছত, ২০২১ চনত সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালৰ শেষৰ ফালে ভৱনটো আনুষ্ঠানিকভাবে মুকলি কৰা হৈছিল। যিটো ভৱন এবাৰ আনুষ্ঠানিকভাবে মুকলি কৰা হৈছিল, সেই ভৱনটো আকৌ এক বৃহৎ পৰিমাণৰ ধন খৰচ কৰি পুনৰনিৰ্মাণ কৰা হ’ল। প্ৰশ্ন হ’ল- কোনে এই কামটো কৰাৰ অনুমোদন দিলে? সেই অনুমোদন প্ৰক্ৰিয়াটো কেনে আছিল? এবাৰ মুকলি কৰা ইমান গুৰুত্বপূৰ্ণ চৰকাৰী ভৱন এটা ভঙাৰ সিদ্ধান্ত ধেমালি কথানে? কাৰোবাৰ মৰ্জিত সেই সিদ্ধান্ত লোৱা হৈছিল নে সংশ্লিষ্ট সকলোৰে লগত আলোচনা মৰ্মে বা এটা প্ৰক্ৰিয়াৰ যোগেদি, তেওঁলোকে ফাইলত দিয়া নোটৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হৈছিল?

যদি আগতে লোৱা সিদ্ধান্তটো ভুল আছিল তাৰ দায়িত্ব কাৰ? বিভাগীয় বৰমূৰীয়াৰ নে মন্ত্ৰীৰ? এই ভঙা-পতাৰ বাবে হোৱা কোটি কোটি টকাৰ খৰচ কাৰ জেপৰ পৰা গ’ল? আপোনাৰ মোৰ পৰা নহয়নে? এইবোৰ কেনে আমোলা? কেনে মন্ত্ৰী? এতিয়া দ্বিতীয় উদাহৰণটো দিওঁ। গুৱাহাটী উচ্চ ন্যায়ালয় বৰ্তমান য’ত আছে তাৰ পৰা উত্তৰ গুৱাহাটীলৈ নিয়াৰ সিদ্ধান্ত কোনে ল’লে? নে মুখ্যমন্ত্ৰীৰ অৱচেতন মনৰ পৰা এই সিদ্ধান্ত ওলাই আহিল? মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰীয়েই, আপোনালোক আমোলা সকলৰ কি হৈছে? মন্ত্ৰীৰ পদলেহন কৰাটো আপোনালোকৰ কাম নে বিধি বিধান, সংবিধান মানি চৰকাৰক দিহা, পৰামৰ্শ দিয়া আপোনালোকৰ কাম? চৰকাৰৰ ভুল সিদ্ধান্তৰ পৰিণাম যদি আপোনালোকে আপোনালোকৰ টোকাত লিপিবদ্ধ নকৰে তেন্তে সেইটো আপোনালোকৰ কামৰ এটা গুৰুতৰ বিচ্যুতি বুলি আপোনালোকে জানেনে নাজানে?

ভাৰত চৰকাৰৰ প্ৰাক্তন গৃহ সচিব গোপাল কৃষ্ণ পিল্লাই সৌসিদিনা জুলাই মাহৰ প্ৰথমৰ ফালে, কৰণ থাপাৰে লোৱা সাক্ষাৎকাৰটোত কি কৈছিল আপোনালোকৰ মনত নাইনে? তেওঁ কৈছিল, এজন আমোলাৰ মন্ত্ৰীৰ ভুল সিদ্ধান্তক না বুলি কোৱাৰ সাহস থাকিব লাগে। বৰ বেছি কি কৰিব? বদলিহে কৰিব তাতকৈ বেছিতো একো কৰিব নোৱাৰে। আপোনালোকৰ কি হৈছে? অসমৰ শীৰ্ষ আমোলা আৰু পুলিচ বিষয়া সকল? আপোনালোকে নিজৰ কৰ্তৃত্ব কিয় মন্ত্ৰীৰ ওচৰত সমৰ্পন কৰিছে?

এতিয়া আহোঁ মংগলদৈৰ বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণৰ ঘটনাটোলৈ। অসমৰ বহুবল্কী মুখ্যমন্ত্ৰীজনে এই বিষয়ে কিবা কৈছেনে? অসমত এইবোৰ কি হৈ আছে? জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসনৰ চকুৰ আগত তেওঁলোকে কেনেকৈ এই কাম কৰিলে? এতিয়া সৰ্বত্ৰ বিষয়টো চৰ্চালৈ আহোতে প্ৰশাসনে সাধাৰণভাৱে কিবা কুৰুং কাৰাং কৰিছে? কিন্তু, ঘটনাটো ঘটাৰ সময়ত তেওঁলোক কিয় শুই আছিল?

এই ক্ষেত্ৰতো পিল্লাই ডাঙৰীয়াই স্পষ্টকৈ এটা কথা কৈছে। ক’ৰবাত আইন-শৃঙ্খলা বিঘ্নিত হোৱাৰ ঘটনা ঘটিলে এচ পি, ডি চিয়ে কাৰো নিৰ্দ্দেশলৈ ৰৈ থকাৰ প্ৰয়োজন নাই। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ তেওঁলোকে নিজেই সিদ্ধান্ত ল’ব পাৰে। কিন্তু যোৱা সময়ছোৱাত প্ৰশাসনৰ হেমাহিৰ তেনে কিমান ঘটনা ঘটি আছে অসমত! শেষত এটা কথা উল্লেখ কৰিব বিচাৰিছো।

আপোনালোকে নিশ্চয় এটা কথা লক্ষ্য কৰিছে যে মুখ্যমন্ত্ৰীকে ধৰি এইখন চৰকাৰৰ মন্ত্ৰী, এম এল এই দিনে-নিশাই মানুহৰ মাজত উত্তেজনা বিয়পোৱা কথা কৈ আছে। কেইদিনমান আগতে মুখ্যমন্ত্ৰীয়ে কি কথা কৈছিল যাৰ কাৰণে তেওঁৰ বিৰুদ্ধে অসমৰ থানাই থানাই মানুহে এজাহাৰ দিছিল। জয়ন্তমল্লই কেনেকৈ কিমান নিৰ্লজ্জভাৱে অস্ত্ৰ প্ৰশিক্ষণৰহে ওকলতি কৰিছে আপোনালোকে দেখিছে! ৰ’ব। এটা কথা আপোনালোকে মন কৰিছেনে? মণিপুৰত এতিয়া কি হৈ আছে দেখিছে? তাৰ পৰা নিজৰ ল’ৰা-ছোৱালী আৰু পৰিয়াল লৈ পলাই পলাই মানুহ অসমলৈ আৰু অন্য চুবুৰীয়া ৰাজ্যলৈ ঢাপলি মেলিছে। কিয়?

মণিপুৰ আজি তিনিমাহ অশান্ত হৈ আছে। এই অশান্তিৰ মূলতে তাৰ সন্ত্ৰসবাদী সংগঠন সমূহ আৰু তেওঁলোকৰ লগত থকা চৰকাৰৰ প্ৰত্যক্ষ আৰু পৰোক্ষ সম্পৰ্ক। মণিপুৰৰ মানুহে আৰম্ভণিতে এই সন্ত্ৰাসবাদৰ বিৰোধিতা নকৰিলে আৰু তাৰেই ফল এতিয়া তেওঁলোকে ভুগিছে। মণিপুৰ এতিয়া এখন নৰক। অসমতো এসময়ত আছুৰ একনায়কত্ববাদ চলিছিল। এতিয়া দেখিছে তেওঁলোকৰ কাম! আছুৰ একনায়কত্ববাদৰ পিছত আহিছিল আলফাৰ নৈৰাজ্য আৰু সন্ত্ৰাসবাদ।

আপোনালোকে ১৯৮৯-৯০ কথা মনত পেলাওকচোন। আলফাৰ ভয়ত মানুহ পেপুৱা লাগিছিল। ৰাজনৈতিক দলবোৰ নিশ্চুপ হৈ আছিল। কিন্তু, ডঃ হীৰেন গোহাঁই আৰু আমি নিজে নিজৰ জীৱনৰ পণলৈ সন্ত্ৰাসৰ বিৰুদ্ধে ৰাইজক সকিয়াই দিবলৈ এলানি কাৰ্যসূচী লৈছিলো। লাহে লাহে মানুহে সাহস পাইছিল আৰু এসময়ত মুকলিকৈ মানুহে সন্ত্ৰাসবাদৰ বিৰোধিতা কৰিছিল। তাৰ প্ৰভাৱ এতিয়াও অসমত শেষ হৈ যোৱা নাই। কিন্ত, এতিয়া পৰিস্থিতি আৰু গুৰুতৰ। এতিয়া ভোটৰ স্বাৰ্থত আৰ এচ এচ, বিজেপিৰ লগতে চৰকাৰৰ মুৰব্বীয়ে আৰু তেওঁৰ সতীৰ্থ সকলে সাম্প্ৰদায়িক ঘৃণা আৰু উত্তেজনা বিয়পবালৈ অহৰহ চেষ্টা কৰি আছে।

মণিপুৰৰ পিছত হাৰিয়ানাৰ ঘটনা আমি দেখিছো। নিৰ্বাচনৰ আগে আগে আৰু ক’ত ক’ত কিমান এনে ঘটনা ঘটিব তাৰ ঠিকনা নাই। এই ক্ষেত্ৰত মেঘালয়ৰ পূৰ্বৰ ৰাজ্যপাল সত্যপাল মলিকে কি কৈছে? তেওঁ কৈছে- “নিৰ্বাচনৰ আগত পোলৱামাৰ বিস্ফোৰণ ঘটাইছিল নৰেন্দ্ৰ মোদী চৰকাৰে। এইবাৰো নিৰ্বাচনৰ আগতো ৰাম মন্দিৰত বোমা বিস্ফোৰণ ঘটাই নাইবা তেওঁলোকৰ কোনো জনপ্ৰিয় ব্যক্তিক হত্যা কৰি নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাব পাৰে। ”

তেওঁলোক যদি সফল হয় আমি মৰিলো। অসমত এনে কন্দল লাগিলে অসম দ্বিতীয় মণিপুৰ হ’ব। গতিকে অসমৰ হিন্দু-মুছলিম সকলোৱে ঐক্যবদ্ধ হৈ এই ষড়যন্ত্ৰৰ বিৰোধিতা কৰিব লাগিব। আমি কোনেও কেতিয়াও এই উত্তেজনাৰ বশৱৰ্তী হৈ আমাৰ মাজৰ সম্প্ৰীতি আৰু বুজাবুজিত ভাঙোন আনিব নালাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

August 28, 2025 8:18 pm
ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

August 28, 2025 7:22 pm
মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

August 28, 2025 6:22 pm
বায়ু প্ৰদূষণে একেবাৰতে ৩.৫ বছৰ হ্ৰাস কৰিছে ভাৰতীয়ৰ গড় আয়ুস; প্ৰতিবেদনত উদ্বেগজনক তথ্য

বায়ু প্ৰদূষণে একেবাৰতে ৩.৫ বছৰ হ্ৰাস কৰিছে ভাৰতীয়ৰ গড় আয়ুস; প্ৰতিবেদনত উদ্বেগজনক তথ্য

August 28, 2025 6:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

August 28, 2025 8:18 pm
ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

August 28, 2025 7:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd