• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অথলে গ’ল ৰিয়ান পৰাগৰ দৰ্শনীয় প্ৰদৰ্শন! দেওধৰ ট্ৰফীত ইষ্ট জ’নক পৰাস্ত কৰি চেম্পিয়ন ছাউথ জ’ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 4, 2023 9:18 am
182
VIEWS
Share on FacebookShare on Twitter

দেওধৰ ট্ৰফী এদিনীয়া প্ৰতিযোগিতাত চেম্পিয়ন হ’ল দক্ষিণ মণ্ডল। প্ৰতিযোগিতাখনত অপৰাজিত চেম্পিয়ন মায়ংক আগৰৱালৰ টীম। টছত জয়ী হৈ বৃহস্পতিবাৰে মায়াংকে বেটিং কৰাৰ সিদ্ধান্ত লয়। ৰোহন কুন্নামল আৰু মায়ংকে বিধ্বংসী বেটিং কৰে। শেষত তেওঁলোকে ইষ্ট জ’নক ৩২৯ ৰানৰ বিশাল লক্ষ্য নিৰ্দ্ধাৰণ কৰি দিয়ে। ইষ্ট জ’নে তীব্ৰ যুঁজ আগবঢ়ায়। কিন্তু খিতাপ জয় কৰা নহ’ল যদিও ৰিয়ান পৰাগৰ নাম অৱশ্যে ল’বই লাগিব।

ইমান বিশাল লক্ষ্য অনুসৰণ কৰিবলৈ ইষ্ট জ’নক ভাল আৰম্ভণিৰ প্ৰয়োজন আছিল। হাই ভল্টেজ মেচখনত অভিমন্যু ঈশ্বৰণৰ প্ৰদৰ্শনে পুনৰ চিন্তা উদ্ৰেক কৰে। বংগৰ হৈ ৰঞ্জী ট্ৰফীৰ ফাইনেলতো দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰিলে। কিন্তু যোৱা ৰঞ্জী ছিজনত তেওঁ বাকী মেচবোৰত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল।

এইবাৰ দেওধৰ ট্ৰফীতো ভাল প্ৰদৰ্শন আগবঢ়ায়। এটা শতকো কৰে। কিন্তু ফাইনেলত ৩টা বলত ১ ৰান সংগ্ৰহ কৰিয়েই তেওঁৰ ইনিংছ শেষ হয়। আন এজন অ’পেনাৰ হৈছে উৎকৰ্ষ সিং। তিনি নম্বৰত নমা বিৰাট সিংও তেওঁলোকৰ পথেৰেই পেভলিয়নলৈ উভতিল।

ইষ্ট জ’নৰ ইনিংছত আত্মবিশ্বাস প্ৰদান কৰে সুদীপ ঘৰামীয়ে। অধিনায়ক সৌৰভ তিৱাৰীয়ে ছেট হোৱাৰ পিছতো ডাঙৰ ইনিংছ খেলিব নোৱাৰিলে। সৌৰভে ২৮ ৰান সংগ্ৰহ কৰি উভতি আহে। সুদীপ ঘৰমীয়ে ৪১ ৰানৰ বৰঙণি আগবঢ়ায়।

অৱশ্যে ৰিয়ান পৰাগ আৰু কুমাৰ কুশগ্ৰাই ইষ্ট জ’নক জয়ৰ প্ৰত্যাশা দেখুৱায়। গ্ৰুপ পৰ্যায়ত ৰিয়ান পৰাগে দুটা বিধ্বংসী শতক অৰ্জন কৰিছিল। চেম্পিয়ন হ’বলৈ এনে এটা ইনিংছৰে প্ৰয়োজন আছিল। তেওঁ আৰু কুশগ্ৰাই যৎপৰোনাস্তি চেষ্টা চলালে। কিন্তু প্ৰায় সফল হৈও অলপৰ বাবে বিজয়ৰ দৌৰত ৰৈ গ’ল।

𝗧𝗵𝗮𝘁 𝗪𝗶𝗻𝗻𝗶𝗻𝗴 𝗙𝗲𝗲𝗹𝗶𝗻𝗴!

South Zone Captain @mayankcricket receives the prestigious #DeodharTrophy 🏆 from Mr. Devajit Saikia, Joint Secretary, BCCI 👏👏 #SZvEZ | #Final pic.twitter.com/57beWkFTzM

— BCCI Domestic (@BCCIdomestic) August 3, 2023

ইষ্ট জ’নৰ উইকেটকীপাৰ বেটছমেন কুশাগ্ৰই ৫৮টা বলত ৬৮ ৰান সংগ্ৰহ কৰি আউট হয়। ৰিয়ান পৰাগে মাত্ৰ ৬৫টা বলত ৮ টা বাউণ্ডেৰী আৰু ৫ টা অভাৰ বাউণ্ডেৰীৰে ৯৫ ৰান সংগ্ৰহ কৰে। তেওঁ ক্ৰীজত থকা হ’লে মেচখন অধিক ওচৰ চাপিলহেঁতেন। শেষত ইষ্ট জ’নে ২৮৩ ৰান সংগ্ৰহ কৰি অল আউট হয়। ছাউথ জ’নে ৪৫ ৰাণত বিজয় সাৱ্যস্ত কৰি চেম্পিয়নৰ খিতাপ লাভ কৰে।

Recent News

বিত্তীয় সাহায্যৰ অভাৱত ভুগিছে ভাৰতৰ ৮৯ বিলিয়ন ডলাৰৰ স্বচ্ছ উদ্যোগ পাইপলাইনঃ প্ৰতিবেদনত প্ৰকাশ উদ্বেগজনক তথ্য

বিত্তীয় সাহায্যৰ অভাৱত ভুগিছে ভাৰতৰ ৮৯ বিলিয়ন ডলাৰৰ স্বচ্ছ উদ্যোগ পাইপলাইনঃ প্ৰতিবেদনত প্ৰকাশ উদ্বেগজনক তথ্য

‘ভাৰতীয় সংবিধান কেৱল শাসনৰে নহয়, ই সমাজ পৰিৱৰ্তনৰো এক আহিলা’:  সংবিধান সন্দৰ্ভত গুৰুত্ব পূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ

‘ভাৰতীয় সংবিধান কেৱল শাসনৰে নহয়, ই সমাজ পৰিৱৰ্তনৰো এক আহিলা’:  সংবিধান সন্দৰ্ভত গুৰুত্ব পূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ

এইবাৰ স্পাইচজেটৰ বিমানৰ কাৰিকৰী ত্ৰুটিঃ জৰুৰীভাৱে অৱতৰণ

এইবাৰ স্পাইচজেটৰ বিমানৰ কাৰিকৰী ত্ৰুটিঃ জৰুৰীভাৱে অৱতৰণ

‘অসমীয়া বোৱাৰীৰ গোপন কথা’ নামৰ ফেচবুক গ্ৰুপত ভেটাপাৰাৰ মহিলাৰ ফটো আপলোড দি অপপ্ৰচাৰ চাইবাৰ অপৰাধীৰ

‘অসমীয়া বোৱাৰীৰ গোপন কথা’ নামৰ ফেচবুক গ্ৰুপত ভেটাপাৰাৰ মহিলাৰ ফটো আপলোড দি অপপ্ৰচাৰ চাইবাৰ অপৰাধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd