• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সংসদত সংবিধানৰ মৌলিক গাঁথনি সন্দৰ্ভত ‘প্ৰশ্ন’ তুলি বিতৰ্কত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 8, 2023 10:48 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যসভাত প্ৰথমবাৰৰ বাবে সংবিধানৰ মৌলিক গাঁথনি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিলে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। দিল্লী আমোলা নিয়ন্ত্ৰণ সম্পৰ্কীয় বিধেয়ক সন্দৰ্ভত ৰাজ্যসভাৰ বিতৰ্কত অংশগ্ৰহণ কৰি গগৈয়ে কয় যে সংবিধানৰ মৌলিক গাঁথনিৰ আইনী ভিত্তি অতি বিতৰ্কিত।

দিল্লীত আমোলাৰ নিয়ন্ত্ৰণ সম্পৰ্কীয় বিধেয়কখন সংবিধানৰ মৌলিক গাঁথনিৰ বিৰোধী বুলি সোমবাৰে ৰাজ্যসভাত কেইবাজনো বিৰোধী সাংসদে দাবী কৰিছিল। তাৰেই উত্তৰত গগৈয়ে এই মন্তব্য কৰে।

সোমবাৰে গগৈৰ মন্তব্যৰ পিছত কংগ্ৰেছে এই প্ৰশ্ন উত্থাপন কৰিছে যে মোডী চৰকাৰে গগৈৰ মন্তব্যক সমৰ্থন কৰিছে নেকি? কংগ্ৰেছ নেতা কে চি বেনুগোপালে কয়, ‘’এজন প্ৰাক্তন মুখ্য ন্যায়াধীশে সংবিধানৰ মৌলিক গাঁথনিৰ আইনী ভিত্তিক লৈ প্ৰশ্ন উত্থাপন কৰিছে। সম্পূৰ্ণ ৰূপত সংবিধান ভংগ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ এইটোৱেই নেকি বিজেপিৰ কৌশল? সংবিধানৰ নীতি অনুসৰণ নকৰাসকলে বিতৰ্কিত ট্ৰেক ৰেকৰ্ড থকা এজন প্ৰাক্তন মুখ্য ন্যায়াধীশক থিয় কৰাই সংবিধানক আক্ৰমণ কৰিছে।‘’

Apply Now

অৱসৰৰ পূৰ্বে তেওঁৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অযোধ্যাত ৰাম মন্দিৰৰ সপক্ষে ৰায়দান কৰিছিল। তাৰপিছতেই ৰাষ্ট্ৰপতি মনোনীত সদস্য হিচাপে ৰাজ্যসভালৈ আহিছে ৰঞ্জন গগৈ।

উচ্চতম ন্যায়ালয়ৰ এগৰাকী মহিলা কৰ্মচাৰীয়ে মুখ্য ন্যায়াধীশৰ কাৰ্যকালত তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰিছিল। উচ্চতম ন্যায়ালয়ৰ নিযুক্তি কমিটীয়ে এই অভিযোগ খাৰিজ কৰে। সোমবাৰে গগৈৰ ভাষণৰ সময়ত এই ঘটনাৰ প্ৰতিবাদত জয়া বচ্চন, প্ৰিয়ংকা চতুৰ্বেদী, বন্দনা চৌহান, সুস্মিতা দেৱৰ দৰে মহিলা সাংসদ সকলে সদন ত্যাগ কৰে।

যদিও সংবিধানত মৌলিক গাঁথনিৰ কথা উল্লেখ কৰা হোৱা নাই, তথাপিও কেশৱানন্দ ভাৰতী গোচৰত উচ্চতম ন্যায়ালয়ে সংবিধানৰ মৌলিক গাঁথনিৰ কথা কৈছিল। আদালতৰ ৰায় আছিল যে সংবিধান সংশোধন কৰিলেও ইয়াক সলনি কৰিব নোৱাৰি।

ইয়াৰ পূৰ্বে উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে মোডী চৰকাৰৰ ৰাষ্ট্ৰীয় ন্যায়িক নিযুক্তি আয়োগ আইন বাতিল কৰি দিয়াৰ বাবে উচ্চতম ন্যায়ালয়ক সমালোচনা কৰিছিল। তেওঁ যুক্তি দিছিল যে উচ্চতম ন্যায়ালয়ে এই আইনখনক সংবিধানৰ ‘মৌলিক গাঁথনি’ৰ বিৰোধী বুলি বাতিল কৰিছে। তেওঁ কেশবানন্দ ভাৰতী গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায়কো সমালোচনা কৰে। ধনখৰৰ যুক্তি আছিল যে সংসদেই সৰ্বোচ্চ। সংসদৰ ইচ্ছামতে সংবিধান সংশোধন কৰাৰ ক্ষমতা থাকিব লাগে।

সোমবাৰে ৰাজ্যসভাত ভাষণ দিয়াৰ পাছত ৰঞ্জন গগৈয়ে কয়, “মই কোনো ৰাজনৈতিক দল নহয়, মনোনীত সদস্য হিচাপে যি ক’ব লাগে কৈছো।”

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

September 19, 2026 4:15 pm
ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

September 19, 2026 3:03 pm
জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

September 19, 2026 4:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd