মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অৱ আছম-স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাক অসমলৈ আহি এসপ্তাহ থাকিবলৈ আমন্ত্ৰণ জনাইছে।
মঙলবাৰে তিনিচুকীয়াত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে পৰেশ বৰুৱাই মাত্ৰ কেইদিনমানৰ বাবে অসমলৈ আহিলে পৰিস্থিতি সলনি হ’ব।
মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘পৰেশ বৰুৱাক অসমলৈ আহি কমেও সাত দিন ইয়াত থাকিবলৈ আহ্বান জনাইছোঁ। তেতিয়া তেওঁ বুজিব যে পুৰণি দিনৰ তুলনাত ৰাজ্যৰ পৰিস্থিতি সলনি হৈছে। ইয়াৰ আগতে এটা আখ্যান আছিল যে আমাৰ ৰাজ্যত বহু বাহিৰৰ মানুহ বাস কৰে। কিন্তু এতিয়া যদি তেওঁ আহি ইয়াত কমেও ৭-১০ দিন থাকে, তেতিয়া মোৰ বিশ্বাস কথাবোৰ নিশ্চিতভাৱে সলনি হ’ব আৰু তেওঁৰ দৃষ্টিভংগীও সলনি হ’ব।”
লগতে হিমন্ত বিশ্ব শৰ্মাই আলফাত যোগদান কৰা যুৱক-যুৱতীসকলক পুনৰ মূলসুঁতিলৈ আহিবলৈ অনুৰোধ জনায় কিয়নো বৰ্তমান ম্যানমাৰৰ পৰিস্থিতি সংকটজনক।
তেওঁ কয়, আলফাত যোগদান কৰা অসমৰ বহু যুৱক-যৱতী পুনৰ মূলসুঁতিলৈ আহিছে, কিন্তু বহুতে এতিয়াও ঘূৰি অহা নাই। মোৰ জনা মতে ম্যানমাৰত নাগালেণ্ডৰ দুটা বিদ্ৰোহী ফৈদৰ মাজত এক বৃহৎ কাজিয়া চলি আছে। ম্যানমাৰৰ শিবিৰত থকা যুৱক-যুৱতীসকলৰ অৱস্থা দুখজনক।”
“বহু যুৱকে এতিয়া ঘৰলৈ উভতি আহিব বিচাৰে। মই সদায় যুৱক-যুৱতীসকলক মূলসুঁতিলৈ আহিবলৈ আহ্বান জনাও। মই অনুভৱ কৰোঁ যে বৰ্তমান পৰিস্থিতি যথেষ্ট সুস্থিৰ হৈ পৰিছে। ” – মুখ্যমন্ত্ৰী শৰ্মাই কয়।