• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজনৈতিক অচলাৱস্থাৰ অৱসান: পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী আনোৱাৰ উল হক ককৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2023 9:24 pm
Pakistan PM
711
VIEWS
Share on FacebookShare on Twitter

চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে আজি লাভ কৰিছে এগৰাকী নতুন প্ৰধানমন্ত্ৰী। শ্বেহবাজ শ্বৰীফৰ পদত্যাগৰ পিছত খালী হৈ থকা দেশখনৰ প্ৰধানমন্ত্ৰী আসনৰ উত্তৰাধিকাৰী হিচাপে নিৰ্বাচিত হৈছে চিনেটৰ আনোৱাৰ উল হক ককৰ।

বিদায়ী প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে আজি ৰাষ্ট্ৰীয় বিধানসভাৰ বিৰোধী দলৰ নেতা ৰাজা ৰিয়াজৰ সৈতে দুটা পৰ্যায়ৰ আলোচনাৰ অন্তত আনোৱাৰ উল হক ককৰক দেশৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে।

পাকিস্তানৰ ৰাষ্ট্ৰপতি ড০ আৰিফ আলভিয়েও ককৰক পাকিস্তানৰ তদাৰকী প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ বাবে সন্মতি প্ৰদান কৰে। এক টুইট যোগে পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে ককৰৰ অনুমোদনৰ বিষয়ে সদৰী কৰে।

ইফালে বিৰোধী নেতা ৰাজা ৰিয়াজে কয় যে দেশৰ তদাৰকী প্ৰধানমন্ত্ৰী সৰু প্ৰদেশৰ কোনো ব্যক্তি আৰু বিতৰ্কত জড়িত নোহোৱা কোনো ব্যক্তি হ’ব লাগে বুলি ইতিপূৰ্বে সিদ্ধান্ত লোৱা হৈছিল।

সৰু সৰু প্ৰদেশসমূহে যাতে বঞ্চনাৰ সন্মুখীন হোৱা বুলি কৰি অহা অনুভৱৰ অৱসান ঘটে তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছিল বুলি উল্লেখ কৰি ৰিয়াজে লগতে অৱশেষত ককৰক তদাৰকী প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ ক্ষেত্ৰত ঐক্যমতত উপনীত হয় বুলি মন্তব্য কৰে।

অহা ১৩ আগষ্টত পাকিস্তানৰ তদাৰকী প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব চিনেটৰ আনোৱাৰ উল হক ককৰে। উল্লেখ্য যে, পাকিস্তানৰ গৃহযুদ্ধ জৰ্জৰিত অন্যতম প্ৰদেশ বেলুচিস্তানক প্ৰতিনিধিত্ব কৰে আনোৱাৰ উল হক ককৰে।

২০১৮ চনৰ মাৰ্চ মাহত সদনলৈ নিৰ্বাচিত হোৱা ককৰৰ কাৰ্যকাল ২০২৪ চনৰ মাৰ্চত সমাপ্ত হ’ব। পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে আনোৱাৰ উল হকে কেইবাখনো গুৰুত্বপূৰ্ণ সমিতিৰ সদস্য হিচাপে তথা কিছু গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত আছিল।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd